এসপ্তাহ ধৰি পৰিকল্পনা! কিয় আৰু কেনেকৈ পত্নীৰ প্ৰাণ লৈছিল ৰুবুলে,ভয়ংকৰ তথ্য পোহৰলৈ

কালি পুৱা গুৱাহাটীত সংঘটিত হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পোহৰলৈ আহিছে শ্ৰেয়াৰ এটা ভিডিঅ'। মৃত্যুৰ পূৰ্বে কান্দি কান্দি ভিডিঅ' প্ৰস্তুত কৰিছিল শ্ৰেয়াই।

এসপ্তাহ ধৰি পৰিকল্পনা! কিয় আৰু কেনেকৈ পত্নীৰ প্ৰাণ লৈছিল ৰুবুলে,ভয়ংকৰ তথ্য পোহৰলৈ

স্বামী-পত্নী

Published: 

17 Feb 2025 | 09:33 PM

দেওবাৰে পুৱা গুৱাহাটীৰ উলুবাৰীত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। ৰুবুল শৰ্মা নামৰ অভিযুক্ত এজনে পত্নীক হত্যা কৰি আত্মসমৰ্পন কৰিছিল আৰক্ষীৰ ওচৰত।  পোহৰলৈ অহা তথ্য অনুসৰি পাৰিবাৰিক কন্দলৰ বাবে ৰুবুলে পত্নীক হত্যা কৰিছিল। ৰুবুলে কৰা অভিযোগ অনুসৰি তেওঁৰ পত্নী শ্ৰেয়া ভট্টাচাৰ্যৰ অন্য যুৱকৰ সৈতে পৰকীয়া প্ৰেম আছিল। যাৰ বাবে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰে। ইয়াৰ বিপৰীতে শ্ৰেয়াৰ পৰিয়ালে অভিযোগ কৰিছিল যে ৰুবুল আছিল সন্দেহবাদী মানুহ। শ্ৰেয়াই কোনো যুৱকৰ সৈতে সাধাৰণভাৱে কথা পাতিলেও সন্দেহ কৰিছিল ৰুবুলে।

এই হত্যাকাণ্ডক লৈ চাঞ্চল্য অব্যাহত আছে। ইয়াৰ মাজতে পোহৰলৈ আহিছে শ্ৰেয়াৰ এটা ভিডিঅ’। মৃত্যুৰ পূৰ্বে কান্দি কান্দি ভিডিঅ’ প্ৰস্তুত কৰিছিল শ্ৰেয়াই। ইয়াৰোপৰি ফাদিল হৈছে শ্ৰেয়াৰ নিচাসক্ত স্বামীৰ অকথ্য নিৰ্যাতনৰ ভিডিঅ’। জানিব পৰা মতে, ৰুবুল শৰ্মাই প্ৰায়েই পত্নীক নিৰ্যাতন চলাইছিল। শাৰীৰিক আৰু মানসিকভাৱে প্ৰায়েই পত্নীক অত্যাচাৰ চলাইছিল। আনকি সুৰাৰ ৰাগীত মাতাল হৈ ৰুবুলে শ্ৰেয়াৰ পৰা টকাও দাবী কৰিছিল।

শ্ৰেয়া আৰ্য মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী আছিল। শ্ৰেয়া কলেজলৈ যোৱা বাবে ৰুবুলে তেওঁক সন্দেহ কৰিছিল। অন্য যুৱকৰ সৈতে সম্পৰ্ক থকা বুলি ৰুবুলে শ্ৰেয়াক সন্দেহ কৰিছিল। এই সন্দেহৰ পৰিণতিতে দেওবাৰে ৰডেৰে কোবাই পত্নীক হত্যা কৰে। ইয়াৰোপৰি এই হত্যাকাণ্ড আছিল ৰুবুলৰ এক ষড়যন্ত্ৰ। যোৱা এসপ্তাহ ধৰি ব্লু প্ৰিন্ট ৰচনা কৰিছিল ৰুবুল শৰ্মাই।

হত্যাকাণ্ডৰ প্ৰায় এসপ্তাহৰ পূৰ্বৰ পৰা থানালৈ অহা-যোৱা কৰিছিল ৰুবুলে। প্ৰতিদিনে পল্টনবজাৰ থানা চৌহদত ঘন্টাৰ পাছত ঘন্টা ধৰি ৰৈছিল তেওঁ। ইয়াৰ দ্বাৰা তেওঁ থানাৰ পৰিবেশ বুজ ল’বলৈ চেষ্টা কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে,  শ্ৰেয়াৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰুবুলক গ্ৰেপ্তাৰ কৰিছে আৰশ্ৰীয়ে। আজি ৰুবুলক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাই নিজৰ জিম্মাত লয়। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।ইয়াৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।  ইয়াৰ বিপৰীতে এই হত্যাকাণ্ডৰ ন্যায় বিচাৰিছে শ্ৰেয়াৰ পৰিয়ালৰ লোকে।

শ্ৰেয়াৰ মৃত্যুৰ পাছতে মাতৃক বিচাৰি কান্দি কান্দি ভাগৰি পৰিছে ২ বছৰীয়া সন্তানে। জানিব পৰা মতে আজিৰ পৰা প্ৰায় ৪ বছৰ পূৰ্বে শ্ৰেয়া আৰু ৰুবুলৰ মাজত প্ৰেম বিবাহ হৈছিল। বিবাহৰ ২ বছৰ পাছত তেওঁলোকৰ মাজত আহিছিল এটি সন্তান। কিন্তু এই সুখৰ সংসাৰ ভাঙি থানবান কৰিছে ৰুবুলে।

 

 

অন্য খবৰ পঢ়কঃ মহানগৰীত চাঞ্চল্য! স্বামীয়ে মৰিয়াই হত্যা কৰিলে পত্নীক, জানক ভয়ংকৰ কাণ্ডৰ আঁৰৰ সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব