পৰকীয়া প্ৰেম! পত্নীৰ দাৰ ঘাপত প্ৰাণ গ’ল স্বামীৰ, পাছত আন এক ডাঙৰ কাণ্ড…

মেৰাপানীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী পত্নীৰ হাতত প্ৰাণ গ'ল স্বামীৰ। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

পৰকীয়া প্ৰেম! পত্নীৰ দাৰ ঘাপত প্ৰাণ গল স্বামীৰ, পাছত আন এক ডাঙৰ কাণ্ড...

মেৰাপানী

Updated On: 

04 Nov 2025 | 03:05 PM

ৰাজ্যত বৃদ্ধি পাইছে হত্যা, ধৰ্ষণ, লুণ্ঠন আদিৰ দৰে অপৰাধজনিত ঘটনা। বিগত কেইটামান বছৰৰ পৰা ৰাজ্যত বিশেষকৈ পৰকীয়া প্ৰেমৰ ফলত সংঘটিত অপৰাধজনিত ঘটনা বৃদ্ধি হোৱা দেখা গৈছে।  শেহতীয়াকৈ মেৰাপানীত সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। এগৰাকী পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ। অৱশ্যে তাৰ পাছতে মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে। পৰকীয়া সম্পৰ্কৰ বাবে এই জঘন্য কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে  তদন্ত অব্যাহত ৰাখিছে। তথ্য অনুসৰি, সোমবাৰ (৩ অক্টোবৰ)য়ে নিশা গোলাঘাটৰ মেৰাপানীৰ চাউদাং পথাৰ দ-চুক গাঁৱত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। পত্নীৰ দাৰ ঘাপত প্ৰাণ যায় স্বামীৰ। নিহত লোকজন নৰেশ্বৰ ঠেঙাৰ বুলি চিনাক্ত হৈছে। অভিযোগ অনুসৰি, স্বামীৰ পৰকীয়া প্ৰেমৰ সন্দেহত মহিলাগৰাকীয়ে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰে। নিশা দুয়োৰে মাজত প্ৰথমে কাজিয়া হয় আৰু তাৰ পৰিণতিত এই কাণ্ড সংঘটিত হয়। ইমানেই নহয়, ইয়াৰ পাছত মহিলাগৰাকীয়ে নিজে বিহপান কৰে।

হত্যাকাণ্ড সংঘটিত কৰিয়েই মহিলাগৰাকীয়ে মেৰাপানী আৰক্ষী থানাত আত্মসমৰ্পন কৰে। জানিব পৰা মতে, হত্যাকাণ্ডৰ পাছত মহিলাগৰাকীয়ে বিহপান কৰিছিল। যাৰ বাবে আৰক্ষীয়ে আত্মসমৰ্পন কৰা মহিলাগৰাকীক লগে লগে গোলাঘাটৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান চিকিৎসালধীন হৈ আছে মহিলাগৰাকী।

ইফালে হত্যাকাণ্ডৰ পাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।আৰক্ষীৰ উচ্ছপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই সমগ্ৰ কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে সবিশেষ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

অন্য খবৰ পঢ়কঃপৰি আছিল বাগানৰ মাজত, গাত নাছিল কাপোৰ! সপ্তম শ্ৰেণীত অধ্যয়নৰত শিশুৰ সৈতে জঘন্য কাণ্ড…

বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ