মেট্ৰিকৰ ৰিজাল্ট ঘোষণা নহয় বৃহস্পতিবাৰে, ভ্ৰমণৰ মাজতে মুখ্যমন্ত্ৰীৰ পোষ্ট, কেতিয়া প্ৰকাশ পাব ফলাফল ?

ঘোষণা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল । ইতিমধ্যে এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ১০ এপ্ৰিল বৃহস্পতিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব পাৰে বুলি খবৰ প্ৰকাশ পাইছিল যদিও সেই কথা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাছিল ।

মেট্ৰিকৰ ৰিজাল্ট ঘোষণা নহয় বৃহস্পতিবাৰে, ভ্ৰমণৰ মাজতে মুখ্যমন্ত্ৰীৰ পোষ্ট, কেতিয়া প্ৰকাশ পাব ফলাফল ?
Published: 

09 Apr 2025 | 10:11 PM

১০ এপ্ৰিলত ঘোষণা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল । ইতিমধ্যে এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ১০ এপ্ৰিল বৃহস্পতিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ’ব পাৰে বুলি খবৰ প্ৰকাশ পাইছিল যদিও সেই কথা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাছিল । কাইলৈ মেট্ৰিকৰ ফলাফল ঘোষণা হোৱা-নোহোৱাকলৈ চৰ্চা অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা । পিছে কেতিয়া প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল ?

ASSEB সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত খবৰ অনুসৰি, ফলাফল ঘোষণাৰ বাবে সম্পূৰ্ণৰূপে ASSEB সাজু বুলি খবৰ প্ৰকাশ পাইছিল । কিন্তু ফলাফল প্ৰকাশ কৰাৰ ক্ষেত্ৰত আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাছিল । সন্ধিয়ালৈ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব পাৰে বুলি খবৰ প্ৰকাশ পাইছিল ।

সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে, কাইলৈ, বৃহস্পতিবাৰে ঘোষণা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । তেওঁ কয়, “সমূহ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীক জনাব বিচাৰিছো যে,কাইলৈ ​​HSLC পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা নহয় । ফলাফল সাজু হ’লে ব’ৰ্ডে তৎকালীনভাৱে ঘোষণা কৰিব। অনুগ্ৰহ কৰি ধৈৰ্য ধৰিব।”

চলিত শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰায় ৪.৩০ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। উল্লেখ্য যে, এইবাৰ মেট্ৰিকত নাথাকে শীৰ্ষ স্থানৰ ব্যৱস্থা। যোৱা বৰ্ষৰ পৰা শীৰ্ষস্থান বিলুপ্ত কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...