উমৰাংছুৰ কয়লা খনিত কেনে চলিছে উদ্ধাৰ অভিযান ? নিহত পৰিয়ালক প্ৰদান কৰা হ’ল আৰ্থিক সাহাৰ্যৰ চেক…

শনিবাৰে উমৰাংছুৰ কয়লা কুৱেৰীত আবদ্ধ হৈ মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰা হয় । অসম খনি আৰু খনিজ মন্ত্ৰী কৌশিক ৰায়ে মৃতদেহ উদ্ধাৰ হোৱা চাৰি শ্ৰমিকৰ আত্মীয়ক ১০ লাখ টকাকৈ চেক প্ৰদান কৰে।

উমৰাংছুৰ কয়লা খনিত কেনে চলিছে উদ্ধাৰ অভিযান ? নিহত পৰিয়ালক প্ৰদান কৰা হল আৰ্থিক সাহাৰ্যৰ চেক...

উমৰাংছুৰ কয়লা খনিত উদ্ধাৰ অভিযান

Published: 

18 Jan 2025 | 09:13 PM

উমৰাংছুৰ কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ বাবে এতিয়া অভিযান অব্যাহত আছে । ধাৰণা কৰা অনুসৰি আবদ্ধ হৈ থকা ৯ জন শ্ৰমিকৰ ভিতৰত ৪ জনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে । শনিবাৰে কয়লা কুৱেৰীত আবদ্ধ হৈ মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰা হয় । অসম খনি আৰু খনিজ মন্ত্ৰী কৌশিক ৰায়ে মৃতদেহ উদ্ধাৰ হোৱা চাৰি শ্ৰমিকৰ আত্মীয়ক ১০ লাখ টকাকৈ চেক প্ৰদান কৰে।

ইফালে, কুৱেৰীৰ ভিতৰত আবদ্ধ হৈ থকা পাঁচজন শ্ৰমিকৰ পৰিয়ালক ৬ লাখ টকাৰ চেক দিয়া হৈছে । বাকী ধন পিছত তেওঁলোকক দিয়া হ’ব বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে। যোৱা ৬ জানুৱাৰী তাৰিখে ডিমা হাছাও জিলাৰ উমৰাংছুৰ কালামাটি অঞ্চলৰ এটা কয়লা কুৱেৰী হঠাতে পানীৰে ভৰি পৰাৰ ফলত ৯ জন শ্ৰমিক আবদ্ধ হৈ পৰে। তাৰ পিছৰে পৰা অব্যাহত থকা উদ্ধাৰ অভিযানত চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

ৰাজ্যৰ কেবিনেটে বৃহস্পতিবাৰে সিদ্ধান্ত লৈছিল যে, মৃতদেহ উদ্ধাৰ হোৱা আৰু আবদ্ধ হৈ থকা লোককে ধৰি ৯ জন শ্ৰমিকৰ আত্মীয়ক ১০ লাখ টকাৰ আৰ্থিক সাহাৰ্য দিয়া হ’ব। উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৬ লাখ টকা আৰু বাকী ৪ লাখ টকা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পৰা প্ৰদান কৰা হৈছে।

উমৰাংছুৰ থানা চৌহদত অনুষ্ঠিত চেক বিতৰণ কাৰ্যসূচীত ভাষণ দি অসম খনি আৰু খনিজ মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয়,’সঁচাকৈয়ে এনে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাটো বেদনাদায়ক । আমি যি সাহাৰ্য আগবঢ়াইছো সেয়া জীৱনৰ তুলনাত একো নহয়।’

মনকৰিবলগীয়া যে, শ্ৰমিক আবদ্ধ হৈ থকা কয়লা কুৱেৰীটোত পানী নিষ্কাশন প্ৰক্ৰিয়া এতিয়াও চলি আছে । মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, দৈনিক প্ৰায় ১ কোটি লিটাৰ পানী নিষ্কাশন কৰা হৈছে। উল্লেখ্য যে, কেবিনেটৰ আন এক সিদ্ধান্ত অনুসৰি এই বিষয়ত ইতিমধ্যে পঞ্জীয়ন হোৱা এফ আই আৰৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰা হৈছে।

অসম কেবিনেটে এই ঘটনা সন্দৰ্ভত ন্যায়িক তদন্তৰ কথাও ঘোষণা কৰিছে । উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাই এক পেনেলৰ নেতৃত্ব দিব। একে সময়তে আৰক্ষীৰ এছ আই টি তদন্তও নিৰীক্ষণ কৰিব অনিমা হাজৰিকাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত কৈছিল যে, যদি বৰ্তমানৰ হাৰত পানী নিষ্কাশন অব্যাহত থাকে তেন্তে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ প্ৰায় ২৫ৰ পৰা ৬০ দিন সময় লাগিব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...