Rongali Bihu: সুতুলী কেনেকৈ নিৰ্মাণ কৰা হয়? ই কেইপ্ৰকাৰৰ আৰু কি কি জানক

সুতুলীৰ সৃষ্টি প্ৰাক ঐতিহাসিক কালতে হৈছিল বুলি ভবাৰ থল আছে, বিভিন্ন প্ৰত্নতাত্বিক খননকাৰ্যত সুতুলীৰ দৰে বাদ্যৰ ভগ্নাৱশেষ পোৱা যায়। সুতুলীৰ আকাৰ আৰু সুৰলৈ চাই, চৰাইৰ মাতৰ অনুকৰণত সুতুলী নিৰ্মাণ কৰা হৈছিল বুলি ভাবিব পাৰি।

Rongali Bihu: সুতুলী কেনেকৈ নিৰ্মাণ কৰা হয়? ই কেইপ্ৰকাৰৰ আৰু কি কি জানক

সুতুলী কেনেকৈ নিৰ্মাণ কৰা হয়?

Published: 

12 Apr 2025 | 04:47 PM

বিহুত সুতু্লীৰ যথেষ্ট গুৰুত্ব আছে। জনবিশ্বাস মতে, আগতে গৰখীয়া ল’ৰাহঁতে সুতু্লী খেলনাৰ দৰে ব্যৱহাৰ কৰিছিল, বোধহয় ইয়াৰ খুব সহজ নিৰ্মাণ প্ৰণালীৰ বাবে। সুতু্লী ল’ৰা আৰু ছোৱালী উভয়ে বজায়। যিহেতু পেঁপা, বাঁহি ঢোল আদি ছোৱালী সকলে নবজায়, গতিকে তাৰ সলনি সুতু্লী আৰু টকাৰ ব্যৱহাৰ তেওঁলোকৰ বিহুত বেছি গুৰুত্বপূৰ্ণ বুলি অনুমান কৰিব পাৰি। বিভিন্ন গ্ৰন্থত সুতুলি চাৰি প্ৰকাৰৰ বুলি উল্লেখ আছে। বিহুৱতী সুতুলি, পক্ষী সুতুলি, পিঠা সুতুলি আৰু বাঁহ সুতুলি।

সুতুলী মাটিৰে নিৰ্মিত এটি সুষিৰ বাদ্য। বিশেষকৈ কেঁকুৰা গাতৰ মাটি সুতুলি সাজোঁতে ব্ইযৱহাৰ হয়। ধৰণৰ বাদ্য বিলাকত জীৱ জন্তু বা পক্ষীৰ মাতৰ অনুকৰণত বাঁহীৰ দৰে সুৰ বজোৱা হয়। সুতুলীৰ মাতত বৰষুণ আহে বুলিও অসমীয়া জনসমাজত এক লোকবিশ্বাস প্ৰচলিত আছে। প্ৰথম অবস্থাত এই বাদ্য যন্ত্ৰ প্ৰকৃততে খেলনাৰ দৰেহে ব্যৱহাৰ হৈছিল আৰু পৰৱৰ্তী কালত বাদ্য হিচাপে বজোৱা আৰম্ভ কৰে। প্ৰাচীন চীনতো সুতুলীৰ দৰে সুন নামৰ এবিধ বাদ্য আছিল বুলি জনা যায়।

প্ৰথম সুতুলী কোনে নিৰ্মাণ কৰিছিল?

সুতুলীৰ সৃষ্টি প্ৰাক ঐতিহাসিক কালতে হৈছিল বুলি ভবাৰ থল আছে, বিভিন্ন প্ৰত্নতাত্বিক খননকাৰ্যত সুতুলীৰ দৰে বাদ্যৰ ভগ্নাৱশেষ পোৱা যায়। সুতুলীৰ আকাৰ আৰু সুৰলৈ চাই, চৰাইৰ মাতৰ অনুকৰণত সুতুলী নিৰ্মাণ কৰা হৈছিল বুলি ভাবিব পাৰি। বিশ্বাস কৰা যায় যে, প্ৰথমতে মানুহে নাৰিকলৰ দৰে ফলৰ কঠিন খোলাৰে সংগীত সৃষ্টি কৰিবৰ চেষ্টা কৰাৰ ফলস্বৰূপেই এনে বিলাক বাদ্যযন্ত্ৰৰ উৎপত্তি হয়। সুতুলী সাধাৰণতে আলতীয়া মাটিৰে নিৰ্মাণ কৰা হয়।

কেনেকৈ সুতুলী নিৰ্মাণ কৰে?

সুতুলী এবিধ খোলাকৃতিৰ মাটিৰে নিৰ্মিত বাদ্য, য’ত দুটা বা তাতোধিক ছিদ্ৰ (key holes) দ্বাৰা সুৰ সৃষ্টি কৰা হয়। বজাবৰ বাবে ওপৰ ফালে আন এটা ছিদ্ৰ (tone hole) থাকে। এই ওপৰৰ ছিদ্ৰটোত ফুঁ দি সুতুলী বজোৱা হয়। সুতুলী সাধাৰণতে আলতীয়া মাটিৰে নিৰ্মাণ কৰা হয়। ( পৰম্পৰাগত ধাৰণামতে কেঁচুমতাৰ মাটিৰে সুতুলী নিৰ্মাণ কৰিলে সুৰীয়া হয়। কিন্তু কোনো কোনো স্থানত বাঁহ বা কাঠেৰে নিৰ্মিত সুতু্লীও দেখা যায়।

সুতুলীৰ আকাৰ সাধাৰণতে অৰ্ধচন্দ্ৰাকাৰ হ’লেও ঘট, ডিম্বাকৃতি বা বিভিন্ন আকৃতিৰ সুতুলীও দেখা পোৱা যায়। সুতু্লী বিভিন্ন লোকে বিভিন্ন ৰূপৰে যদিও সজা দেখা যায়, কিন্তু প্ৰায়বোৰ সংযোজনেই মূলতঃ আলংকাৰিক, কাৰণ সেইবিলাকত বাদ্য গুণৰ কোনো প্ৰভেদ বিচাৰি পোৱা নাযায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...