চূড়ান্ত হ’ব নেকি শাসকীয় মিত্ৰজোঁটৰ আসনৰ ভাগ-বতৰা ? বাজপেয়ী ভৱনত অমিত শ্বাহৰ ৰুদ্ধদ্বাৰ বৈঠক
শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰে অমিত শ্বাহে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ কথা। বৈঠকত দলটোৰ নিৰ্বাচন পৰিচালনা সমিতি আৰু ৰাজ্যিক মূল সমিতিৰ নিৰ্বাচিত সদস্যসকলে বৈঠকত অংশগ্ৰহণ কৰিব।

কেইবাটাও কাৰ্যসূচী হাতত লৈ অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই অসম ভ্ৰমণৰ অংশ হিচাপে শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰে অমিত শ্বাহে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ কথা। খবৰ অনুসৰি,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে সন্ধিয়া বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আগন্তুক অসম বিধানসভা নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ শীৰ্ষ কাৰ্যকৰ্তাসকলৰ সৈতে আলোচনাত মিলিত হ’ব।
এই সন্দৰ্ভত দলৰ এগৰাকী মুখপাত্ৰই কয় যে, বিজেপিৰ জ্যেষ্ঠ নেতাৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। এই বৈঠক আগন্তুক নিৰ্বাচন কেন্দ্ৰিক বিজেপিৰ কৌশলগত সভা হিচাপে পৰিগণিত হৈছে। তেওঁ কয়, “নিৰ্বাচন পৰিচালনা সমিতি আৰু ৰাজ্যিক মূল সমিতিৰ নিৰ্বাচিত সদস্যসকলে বৈঠকত অংশগ্ৰহণ কৰিব। আলোচনাত বিধানসভা নিৰ্বাচনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।”
এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক দলৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাজনো নেতা উপস্থিত থাকিব। মুখপাত্ৰগৰাকীয়ে আৰু কয় যে, যিহেতু মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সৈতে আসন ভাগ-বতৰাৰ ব্যৱস্থা এতিয়াও চূড়ান্ত হোৱা নাই, সেয়েহে আলোচনাত দলীয় টিকট প্ৰদানৰ বিষয়টোৱে বিশেষ স্থান পোৱাৰ সম্ভাৱনা নাই।
সম্প্ৰতি অসমত অসম গণ পৰিষদ (অগপ) আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল)ৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰৰ নেতৃত্ব দি থকা বিজেপিক বড়োলেণ্ড পিপলছ ফ্ৰণ্টেও সমৰ্থন আগবঢ়াইছে। আনুষ্ঠানিকতাৰ কাম চলি আছে যদিও আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা অব্যাহত থাকিব বুলি দলটোৰ সূত্ৰই উল্লেখ কৰিছে।
মুখপাত্ৰগৰাকীয়ে কয় যে, অমিত শ্বাহে এই পৰ্যন্ত দলটোৰ নিৰ্বাচনী অগ্ৰগতিৰ আপডেট ল’ব আৰু দিহা-পৰামৰ্শ আগবঢ়াব বুলি আশা কৰা হৈছে। দ্বিতীয়বাৰৰ বাবে বৃহস্পতিবাৰে মাজনিশাত অসমত উপস্থিত হোৱা অমিত শ্বাহে ডিব্ৰুগড় আৰু ধেমাজিত অনুষ্ঠিত হোৱা দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। দলৰ নেতাসকলক সাক্ষাৎ কৰি তেওঁ পশ্চিম বংগলৈ ৰাওনা হ’ব।