হোজাইত উত্তপ্ত পৰিস্থিতি! আৰক্ষীক আৱদ্ধ কৰি ৰাখিলে একাংশই আৰু পাছত…
হোজাইত উত্তপ্ত পৰিস্থিতি। কোনো গোচৰ সংক্ৰান্তত আৰক্ষী গৈছিল এটা অঞ্চললৈ। কিন্তু সেই ঠাইৰ একাংশ লোকে আৰক্ষীক আৱদ্ধ কৰি ৰাখে। যাৰ বাবে পৰিস্থিতি ভয়ংকৰ হৈ উঠে।

হোজাই
বুধবাৰে নিশা হোজাই দীঘলবালিত উত্তপ্ত পৰিস্থিতি। শূন্যলৈ গুলি চলাই অসম আৰক্ষীয়ে। জানিব পৰা মতে, কালি আৰক্ষীয়ে ব্ৰিজেশ চৌহান নামৰ এজন লোকৰ এটা গোচৰৰ ভিত্তিত হোজাই দীঘলবালি অঞ্চলত উপস্থিত হৈছিল। পাছত সেই অঞ্চলত কেইজনমান লোকে তদন্তকাৰী আৰক্ষীৰ দলটোৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয়। ইমানেই নহয় দলটোৱে আৰক্ষীৰ বাহন ভাঙি পেলোৱাৰ লগতে কেইবাজনো আৰক্ষীক আটক কৰি ৰাখে।
পৰৱৰ্তী সময়ত তদন্তকাৰী দলটোৱে হোজাই আৰক্ষী থানাত অতিৰিক্ত আৰক্ষী জোৱানৰ বাবে যোগাযোগ কৰে। তেতিয়া হোজাই আৰক্ষী থানাৰ এগৰাকী WSI আৰু SSB জোৱান উপস্থিত হয় সেই দীঘলবালি অঞ্চলত। কিন্তু আৰক্ষী অঞ্চলটোত উপস্থিত হোৱাৰ লগে লগে পুনৰ তেওঁলোকক আক্ৰমণকাৰী দলটোৱে আক্ৰমণ কৰি আৱদ্ধ কৰি ৰাখে। WSI প্ৰবজিত কৌৰকো অঞ্চলটোৰ একাংশ লোকে আৱদ্ধ কৰি ৰাখে।
পাছত সেই স্থানত সাংবাদিকৰ দল উপস্থিত হয়। কিন্তু ইয়াৰ পাছত পৰিস্থিতি পুনৰ বিষম হৈ উঠে আৰু লোকসকলে সাংবাদিকৰ লগতে পুনৰ আৰক্ষী বিষয়াক আক্ৰমণ কৰে। এই সময়চোৱাত দলটোৱে সাংবাদিকৰ বাহনো ভাঙি পেলায়। এই ঘটনাৰ সবিশেষ জানিব পাৰি পৰৱৰ্তী সময়ত উক্ত অঞ্চলত জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা, অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লভ তামুলী, হেড কোৱাটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈ, DSP গৰাকীৰ লগতে SSB ৰ ASST. কমাণ্ডেণ্ট গৰাকী উপস্থিত হয়।
তেতিয়া একেই ঘটনাৰ পুনৰাবৃত্তি কৰাৰ বাবে উদত্ত লোকসকলে হাতত লাঠী-জোং লৈ আক্ৰমণ কৰাৰ চেষ্টা চলাই আৰু তেতিয়াই আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে লাঠীচালনা আৰু পাছত গুলীচালনা কৰে। এই ঘটনাত হোজাই আৰক্ষী আৰু SSBৰ ১৩জনকৈ লোক আঘাত প্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
ইফালে ঘটনা সন্দৰ্ভত ৭জনকৈ লোকক আৰক্ষীয়ে ইতিমধ্যে আটক কৰে।আটকাধীন লোক কেইজনৰ নাম ক্ৰমে মহাদেৱ গৌড়,ৰাজেন গৌড়,গৌৰী গৌড়,ৰাজেন গৌড়,বলেশ্বৰ কেউট,বি গৌড় আৰু কৈলাশ গৌড়। ইফালে উক্ত ঘটনাৰ বুজ লোৱাৰ বাবে নিশাই LAW & ORDER ৰ IGP অখিলেশ সিং আৰু IGP ডঃ শিৱ প্ৰসাদ গাঞ্জালা উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে আজি দীঘলবালিৰ ঘটনাস্থলী পৰিদর্শন কৰে। আনফালে আটকাধীন লোক কেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি শ্ৰীমন্ত শংকৰদেৱ নগৰ আদালতত প্ৰেৰণ কৰে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অন্য খবৰ পঢ়কঃ কৰ্কট প্ৰতিষ্ঠানৰ বৃদ্ধি হোৱা মাচুল চৰকাৰে দিব! কোকৰাঝাৰত কি কি ক’লে মুখ্যমন্ত্ৰীয়ে…