Assam News: মৰিয়নিত ১৩ টাকৈ শিশুৰ দেহত ধৰা পৰিছে HIVৰ সংক্ৰমণ, জানক সবিশেষ

আন্ত:ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি মৰিয়নিত এইড্‌ছৰ (HIV) ওপৰত সজাগতা অনুষ্ঠান । সীমান্তবৰ্তী আৰু চাহ বাগিচাঞ্চলত দ্ৰুত সংক্ৰমণ HIV ৰোগ।

Assam News: মৰিয়নিত ১৩ টাকৈ শিশুৰ দেহত ধৰা পৰিছে HIVৰ সংক্ৰমণ, জানক সবিশেষ

HIVৰ সংক্ৰমণ

Updated On: 

13 Aug 2024 16:38 PM

অসমত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে HIV পজিটিভ লোকৰ সংখ্যা। অসমত শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইড্‌ছত আক্ৰান্তৰ সংখ্যা ৷ এই বছৰত মৰিয়নিত নতুনকৈ চিনাক্ত হোৱা এইড্‌ছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৰাজ্যখনৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ৷

যোৰহাট শিশু গৃহত থকা ৭৭টা শিশুৰ ভিতৰৰ ১৩ টাকৈ শিশুৰ দেহত ধৰা পৰিছে HIV ৰ সংক্ৰমণ। এই কথা জনাই যোৰহাটৰ অতিৰিক্ত আয়ুক্ত আৰু স্বাস্থ বিষয়াই ।

আন্ত:ৰাষ্ট্ৰীয় যুৱ দিৱসৰ ওপৰত সংগতি ৰাখি মৰিয়নিৰ নকছাৰী মহাবিদ্যালয়ত এইছ্‌ৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰা হয় । যোৰহাট জিলা এইডছ নিয়ন্ত্ৰণ কোষ আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা সজাগতা সভাত এইডছ সংক্ৰমণৰ বিৰুদ্ধে কিদৰে সজাগতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰা হয় ।

শেহতীয়াকৈ যোৰহাট জিলাখনৰ লগতে মৰিয়নিৰ সীমান্তৰ অঞ্চলসমুহৰ লগতে চাহ বাগিছাঞ্চলত এইডছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱা এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । ইপিনে যোৰহাট শিশু গৃহত থকা ৭৭টা শিশুৰ ভিতৰৰ ১৩টা শিশুৰ দেহত ধৰা পৰিছে এইছৰ সংক্ৰমণ ।

এইডছ কি?

এইচ.আই.ভি সংক্ৰমিত ৰোগীৰ ফলপ্ৰসূ চিকিৎসাৰ বাবে ভাইৰাছটোক দমন কৰিবলৈ আজীৱন ঔষধ গ্ৰহণ কৰিব লাগে, যাতে ফলত ভাইৰাছৰ লোড ধৰা নপৰে। এতিয়াও এইচ.আই.ভিৰ ভেকচিন নাই আৰু ইয়াৰ নিবাৰণ পোৱা নাই। নিয়মিত ঔষধ গ্ৰহণ কৰিলে এইচ.আই.ভি সংক্ৰমিত ৰোগী এজনে স্বাভাৱিক জীৱন যাপন কৰাৰ আশা কৰিব পাৰে।

Acquired অৰ্থাত এই ৰোগটো সহজাত বা জন্মগত নহয় বৰঞ্চ আয়ত্ত বা অৰ্জন কৰি লোৱা ৰোগ। Immune শব্দটো Immunology শব্দটোৰপৰা আহিছে। প্ৰত্যেক মানুহৰ দেহত ৰোগ প্ৰতিৰোধকাৰী এক বিশেষ ক্ষমতা থাকে। তেজত থকা শ্বেত ৰক্তকণিকাৰ Lymphocyte নামৰ কোষবোৰে এই ক্ষেত্ৰত বিশেষ ভূমিকা লয়। বিভিন্ন বাহ্যিক বীজাণু – ভাইৰাছ, বেক্টেৰিয়া, প্ৰট’জ’ৱা, ভেঁকুৰ ইত্যাদিয়ে শৰীৰক অনবৰতে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। এই বাহ্যিক শত্ৰুবোৰক Lymphocyte বোৰে তেজৰ লগত মিহলি হৈ থকা শৰীৰক সঞ্জিৱিত কৰা এবিধ ৰস (hormone) আৰু কিছুমান বিশেষ কোষৰ সহায়ত প্ৰতিৰোধ কৰে। তাৰ বাবে Lymphocyte বোৰে এবিধ বিশেষ বীজাণু প্ৰতিষেধক কোষৰ সৃষ্টি কৰে, সেইবোৰক এণ্টিবডি বোলে। শৰীৰৰ এই বীজাণু প্ৰতিৰোধকাৰী প্ৰক্ৰিয়াটোক Immune System বোলা হয়। Deficiency-য়ে অভাৱ বুজায় আৰু Syndrome মানে লক্ষণ

কিয় বৃদ্ধি হৈছে এইডছ?

AIDS-ৰ মূল কাৰণ হ’ল HIV (Human Immunodeficiency Virus) নামৰ ভাইৰাছবিধৰ অৱস্থিতি। এই HIV ভাইৰাছে শৰীৰক বীজাণুৰ আক্ৰমণৰপৰা ৰক্ষা কৰা কোষবোৰ আক্ৰমণ কৰে। ফলত দেহৰ ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা কমি আহি অৱশেষত সম্পূৰ্ণ নোহোৱা হৈ যায়। তাৰ ফলত বিভিন্ন বীজাণু বা দেহত থকা সুবিধাবাদী বীজাণুবোৰে (Opportunistic organism) ৰোগৰ সৃষ্টি কৰে।

  • তেজ সঞ্চাৰণ (Blood transfusion):- সংক্ৰামিত ব্যক্তৰ তেজ যদি সুস্থ মানুহৰ দেহত অজানিতে সঞ্চাৰিত কৰা হয়, তেন্তে এই ভাইৰাছ সুস্থ মানুহৰ দেহলৈ বিয়পে।
  • এইচ আই ভি আক্ৰান্ত মাতৃৰ জনন ফুল (Placenta)ৰ জৰিয়তে হ’ব লগা সন্তানৰ দেহলৈ নাইবা মাতৃৰ গাখীৰৰ জৰিয়তে সন্তানৰ দেহলৈ সংক্ৰমিত হয়।
  • নিচাযুক্ত দ্ৰব্যসমূহ বেজীৰ দ্বাৰা ব্যৱহাৰ কৰা ব্যক্তিসকলে যেতিয়া একেটা বেজী ব্যৱহাৰ কৰে, তাৰে মাজৰ কোনোবা আক্ৰান্ত ব্যক্তিৰ পৰা আন এজনলৈ সংক্ৰমিত হয়।
  • চিকিৎসকৰ অস্ত্ৰোপচাৰৰ সামগ্ৰীসমূহ ভালকৈ সংশোধন নকৰিলে ভাইৰাছ সংক্ৰমণৰ আশংকা থাকে।

ইয়াৰ লক্ষণ

  • দেহৰ সাধাৰণ দুৰ্বলতা।
  • দেহৰ ৰোগ প্ৰতিৰোধকাৰী তন্ত্ৰ সম্পূৰ্ণৰূপে ধংশ হয় আৰু এনে অৱস্থাত ভাইৰাচ, বেক্টেৰিয়া, প্ৰট’য’ৱা, ভেঁকুৰ আদি
  • বীজাণুৰ দ্বাৰা যিকোনো ৰোগ বা ৰোগৰ লক্ষণে দেখা দিব পাৰে। সাধাৰণতে জ্বৰ, কাহ, পেটৰ ৰোগ, পেশীৰ বিষ, ওজন কমি যোৱা আদি লক্ষণেই প্ৰধান।
  • বিভিন্ন ছালৰ ৰোগ, হাওঁফাওঁৰ ৰোগ, যক্ষ্মা ৰোগ, মুখ আৰু ডিঙৰ ৰোগ আদি ৰোগত আক্ৰান্ত হোৱা ব্যক্তিৰ আন কিছুমান লক্ষণ।
  • স্নায়ুতন্ত্ৰ আক্ৰান্ত হোৱাৰ ফলত মস্তিস্ক ৰোগীয়া হয় আৰু ফলত স্মৃতিশক্তি বা চিন্তাশক্তি লোপ পায়।
পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...