পবিত্ৰ ভাদ মাহত ভক্তক আদৰিবলৈ সাজু শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ…
ভক্ত আদৰিবলৈ সাজু হৈছে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ। ৰং তুলিকাৰে সজাই তোলা হৈছে গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ চৌহদ।

আঠখেলীয়া নামঘৰ
পবিত্ৰ ভাদ মাহত ভক্ত আদৰিবলৈ সাজু হৈছে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ। ৰং তুলিকাৰে সজাই তোলা হৈছে গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ চৌহদ। আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ প্ৰশাসনিক কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত পৰিচালনা সমিতিৰ সম্পাদক অসীম বৰাই কয় যে,আগন্তুক প্ৰবিত্ৰ ভাদ মাহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তক আদৰিবলৈ আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতি সম্পূৰ্ণ সাজু হৈ উঠিছে।
“নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ১৬ খনকৈ উপ সমিতি গঠন কৰি দিয়াৰ লগতে গোলাঘাট জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন,জিলা স্বাস্থ্য বিভাগে সহযোগিতাৰ বাবে আগবাঢ়ি আহিছে। জিলা আয়ুক্ত গৰাকী নিজে আহি বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ আগবঢ়োৱাৰ লগতে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা ৫০ জনীয়া এটা আৰক্ষী দলৰ এমাহৰ কাৰণে নামঘৰত সেৱা আগবঢ়াবৰ বাবে নিয়োজিত কৰিছে।” এই কথা জানিবলৈ দিছে নামঘৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে।
পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে,শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ পূৰ্বৰ নিয়ম অনুসৰি এইবাৰো অন্য বছৰৰ দৰেই দৈনিক চাৰি প্ৰসঙ্গৰ নাম বাহাল থাকিব। বৈদিক নীতি অনুসৰি, নিতৌ পুৱা ৫ বজাত পুৱাৰ নাম প্ৰসঙ্গ, দুপৰীয়া ১১ বজাত দুপৰৰ নাম প্ৰসঙ্গ, বিয়লি ২-৩০ বজাত বিয়লা প্ৰসঙ্গ আৰু সন্ধিয়া ৭ বজাত সন্ধ্যা প্ৰসঙ্গ চলিব।
উল্লেখ্য যে, সম্পূৰ্ণ ভাদ মাহটোত দুজনকৈ সত্ৰাধীকাৰ গুৰু ৰাতুল মহন্ত আৰু নয়ন মহন্তুই নাম প্ৰসঙ্গ কৰিব বুলি জানিবলৈ দিছে। প্ৰতি গৰাকী সেৱকীয়ে প্ৰসাদ গ্ৰহণৰ পৰা বঞ্চিত নহ’ব বাবে আৰু দূৰ-দুৰণীৰ পৰা অহা প্ৰতি গৰাকী ভক্তৰ সুবিধাৰ্থে আঠখেলীয়াৰ প্ৰতিটো খেলে জলপানৰ ব্যৱস্থাও কৰিছে।
ইফালে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো সেৱকী ৰাইজৰ সুবিধাৰ্থে বীৰ লাচিত সেনা,টাই আহোম ছাত্ৰ সন্থা আৰু আহোম সংগঠন সমূহৰ লগতে চুতীয়া ছাত্ৰ সন্থা, আঠখেলীয়া আঞ্চলিক ছাত্ৰ সন্থা আদি সংগঠনসমূহে সহযোগিতা আগবঢ়াইছে। ৰাজ্যৰ সকলো সেৱকীৰ আগমনেৰে আঠখেলীয়া নামঘৰ ভাগ আধ্যাত্মিকভাৱে জীপাল কৰি তুলিবলৈ আমন্ত্ৰণ জনাইছে পৰিচালনা সমিতিয়ে।