যোৰহাট সমষ্টিত একোৱেই নাই, একপক্ষীয় নিৰ্বাচন হে হ’বঃ মুখ্য়মন্ত্ৰী

তাৰ পিছতত আগৰতলালৈ যাব প্ৰধানমন্ত্ৰী। নৰেন্দ্ৰ মোদীৰ আগমনক লৈ কোনো ৰোড শ্বো'নহয় গুৱাহাটীত। ৰাহুল গান্ধীৰ বাবে যি নিয়ম কৰিছিলোঁ সেই নিয়়মেই থাকিব।

যোৰহাট সমষ্টিত একোৱেই নাই, একপক্ষীয় নিৰ্বাচন হে হবঃ মুখ্য়মন্ত্ৰী

যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, লখিমপুৰ, কাজিৰঙাত একপক্ষীয় নিৰ্বাচন হ'ব

Updated On: 

13 Apr 2024 18:49 PM

সমাগত লোকসভা নিৰ্বাচন। প্ৰতিটো দলে এতিয়া ব্যস্ত হৈ আছে নিৰ্বাচনী প্ৰচাৰ চলোৱাত। আজি ডিব্ৰুগড় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰতিটো বিৰোধী দলক কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। CAA আন্দোলনৰ ৫জন শ্বহীদৰ কথা উল্লেখ কৰি অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক। আনফালে ভূপেন বৰাৰ বিজেপিলৈ আগমনকলৈও কৰিলে মন্তব্য।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই যে ১৬এপ্ৰিলত অসমলৈ পুনৰ আহিব প্ৰধানমন্ত্ৰী নৰেন্দেৰ মোদী। ১৭ এপ্ৰিল তাৰিখে ফনীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব। তাৰ পিছতত আগৰতলালৈ যাব প্ৰধানমন্ত্ৰী। নৰেন্দ্ৰ মোদীৰ আগমনক লৈ কোনো ৰোড শ্ব’ নহয় গুৱাহাটীত। ৰাহুল গান্ধীৰ বাবে যি নিয়ম কৰিছিলোঁ সেই নিয়মেই থাকিব।

উল্লেখ্য যে, টেঙাখাটত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কয় যে- যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, লখিমপুৰ, কাজিৰঙাত একপক্ষীয় নিৰ্বাচন হ’ব। সাধাৰণ এল পি স্কুলৰ ল’ৰা এটাক সুধিলে ক’ব ৰাহুল গান্ধীক ভোট দিব লাগে নে নৰেন্দ্ৰ মোদীক। ইয়াৰোপৰি কংগ্ৰেছক কটাক্ষ কৰি কয় যে- ডিব্ৰুগড়ত কংগ্ৰেছৰ নিৰ্বাচনত উঠাৰ সাহস নাই বাবে আজাপক উঠাইছে, জাহাজত উঠিলেটো উঠিলে কিন্তু তল ফালে ফুটা হৈ আছে। এতিয়া পানীয়েই সোমাই যাব।

শাওনৰ সোমবাৰে শিৱলিংগত আগবঢ়াওক এইসমূহ বস্তু, লাভ কৰিৰ মহাদেৱৰ আশীৰ্বাদ!
গিলৰ সমানেই ইংলেণ্ডত গৰজি উঠিল বৈভৱৰ বেট, গঢ়িলে এই বিশ্ব ৰেকৰ্ড
কঁঠালৰ গুটি খোৱা আৰম্ভ কৰক, পাব এইসমূহ আচৰিত উপকাৰিতা...
অত্যধিক মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে চকুৰ এই ৰোগ, লক্ষণবোৰ জানক...