প্ৰসংগ ‘ভোট চুৰি’, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰি কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

লোকসভাৰ বিৰোধীৰ দলপতি ৰাহুল গান্ধীক কটাক্ষ কৰি কংগ্ৰেছ দলটোক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, ৰাহুল গান্ধী নিৰ্বাচনত জিকিলে 'ভোট চুৰি ' নহয় আৰু বিজেপি নিৰ্বাচনত জিকিলে 'ভোট চুৰি' হয়। আৰু কি ক'লে?

প্ৰসংগ ভোট চুৰি, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰি কি কলে মুখ্যমন্ত্ৰী শৰ্মাই?

ৰাহুল গান্ধীক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

Updated On: 

08 Aug 2025 16:25 PM

ৰাহুল গান্ধীয়ে উত্থাপন কৰা ‘ভোট চুৰি’ অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধীৰ দলপতি ৰাহুল গান্ধীক কটাক্ষ কৰি কংগ্ৰেছ দলটোক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, ৰাহুল গান্ধী নিৰ্বাচনত জিকিলে ‘ভোট চুৰি ‘ নহয় আৰু বিজেপি নিৰ্বাচনত জিকিলে ‘ভোট চুৰি’ হয়।

ৰাহুল গান্ধীক কটাক্ষ মুখ্যমন্ত্ৰীৰ

আজি বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাহুল গান্ধীয়ে নিজে নিৰ্বাচনত জিকিলে কোনো ধৰণৰ খেলিমেলি নহয়, যদি বিজেপি নিৰ্বাচনত জয়ী হয় তেতিয়া খেলিমেলি হয়। কৰ্ণাটক-তেলেংগানাত ভোট চুৰি নহয়, কিন্তু যদি আমি জয়ী হওঁ, সেই ঠাইত ভোট চুৰি হয়। এইটো কেনেকুৱা কথা? আগতে ইভিএমৰ কথা ক’লে, এতিয়া ভোট চুৰিৰ কথা আৰম্ভ কৰিছে বুলি ৰাহুল গান্ধীক কটাক্ষ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

একে সময়তে সাংবাদিকৰ প্ৰশ্ন উত্তৰত বিহাৰৰ পিছত SIR প্ৰৰ্যায়ক্ৰমে সকলো ৰাজ্যতে প্ৰযোজ্য হ’ব বুলিও ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে। ইফালে দিলীপ শইকীয়াৰ বক্তব্যক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।

বিটিআৰত নাথাকিব কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক : মুখ্যমন্ত্ৰী

উল্লেখ্য যে, আজি ওদালগুৰি জিলাৰ তিনিটা পৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে। প্ৰথমে খৈৰাবাৰী তাৰ পাছত ভেৰগাঁও আৰু ননৈচেৰফাং সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।

প্ৰচাৰৰ মাজতে তেওঁ কয় যে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত বিটিচিত কোনো ঠাইত বন্দুকৰ গুলিৰ শব্দ শুনা নাই। প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি তেওঁ লগতে কয় যে, অহা ৫ বছৰত বিটিচিত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় সকলোৱে মাটিৰ অধিকাৰ লাভ কৰিব। লগতে কোনো দুৰ্নীতি নোহোৱাকৈ চাকৰি প্ৰদান, ওদালগুৰিত অতিৰিক্ত ২০ হাজাৰ অৰুণোদয় আবন্টন,১ অক্টবৰৰ পৰা ৰেচন কাৰ্ডত দালি, চেনী আৰু নিমখ সুলভ মুল্যত দিয়া কথাও আলোকপাত কৰে মুখ্যমন্ত্ৰীয়ে।

দুপৰীয়া বা নিশা আহাৰ খোৱাৰ পিছত চাহ খায় নেকি? জানেনে আপোনাৰ শৰীৰত কেনে প্ৰভাৱ পৰিব পাৰে?
ধনেৰে ভৰিব আপোনাৰ ঘৰ, মাথোঁ জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এইসমূহ সামগ্ৰী
ভাৰতীয়সকলে কিয় থাইলেণ্ড ভ্ৰমণ কৰি ভাল পায়? ৫টা ডাঙৰ কাৰণ প্ৰকাশ
ভাৰতীয় জাতীয় পতাকাৰ তিনিটা ৰঙৰ প্ৰকৃত অৰ্থ কি? জানোঁ আহক...