মিত্রতাক লৈ এতিয়া চিন্তা নাই, অসমৰ ৰাইজে বিজেপিক ভোট দিব: মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীয়ে কয়, "গুৱাহাটী-উত্তৰ গুৱাহাটী দলংখন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। কাৰণ এয়া এক ডাঙৰ প্ৰকল্প। চানমাৰী আৰু ভৰলুৰ উৰণসেতু দুখন ফেব্ৰুৱাৰী মাহতে মই উদ্বোধন কৰিম। কাৰণ নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ অলপ সময় লাগিব।"

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
বুধবাৰে নিশা গুৱাহাটী- উত্তৰ গুৱাহাটী নৱনিৰ্মিত দলং পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নৱনিৰ্মিত দলং। নিশা উপস্থিত হৈ দলং নিৰ্মাণৰ কামৰ বুজ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে নুনমাটি-চানমাৰী সংযোগী উৰণসেতুৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
১৪ ফেব্ৰুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে সেতুখন উদ্বোধন কৰাৰ কথা দোহাৰি মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ আন কেইবাখনো উৰণ সেতু তথা অন্যান্য প্ৰকল্প সন্দৰ্ভতো মত ব্যক্ত কৰে। তেওঁ কয়, “গুৱাহাটী-উত্তৰ গুৱাহাটী দলংখন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। কাৰণ এয়া এক ডাঙৰ প্ৰকল্প। চানমাৰী আৰু ভৰলুৰ উৰণসেতু দুখন ফেব্ৰুৱাৰী মাহতে মই উদ্বোধন কৰিম। কাৰণ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ অলপ সময় লাগিব।”
মুখ্যমন্ত্ৰীয়ে লগতে কয়, “গুৱাহাটী-উত্তৰ গুৱাহাটী দলখন এতিয়া সৰুকৈ এটা ৰাস্তাৰে আই আই টিয়ে গৈ হাইৱেট উঠিব। গৌৰীপুৰৰ ট্ৰামপেড সৰ্ম্পূণ হোৱা পিছত সকলো ঠিক হ’ব।” প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰীয়ে কয় যে, একেদিনাই প্ৰধানমন্ত্ৰীয়ে স্থায়ীভাৱে পলাসবাৰীলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে টেক চিটিত থকা IIM গুৱাহাটীৰ অস্থায়ী চৌহদটোও উদ্বোধন কৰিব।”
উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ দুটাকৈ কাৰ্যসূচীত অংশ ল’ব। ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধন কৰাৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট, গুৱাহাটীও উদ্বোধন কৰিব।
ইফালে অসমীয়া যুৱকে দলং নিৰ্মাণ কাৰ্যত জড়িত থকা সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, “বগীবিল ব্ৰীজখনো সৰ্ম্পূণ থলুৱা মিচিং যুৱকে নিৰ্মাণ কৰিছিল। কেৱল মিঞাই হে কৰিব পৰা মানসিকতাটো সলনি কৰিবৰ বাবেই মই আজি ৬ মাহ মানৰ আগত সকলো ঠিকাদাৰক মাতি নিৰ্দেশ দিছো। যাতে ধুবুৰীৰ পৰা শ্ৰমিক নহয় ৫০ শতাংশই আমাৰ ল’ৰাই কৰিব লাগিব।”
AJPৰ সৈতে মিত্ৰতাক লৈ মুখ্যমন্ত্ৰীয়ে কয়, “নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা হৈ গৈছে। আগতে অলপ চিন্তা হৈছিল যদিও মিত্রতাক লৈ এতিয়া চিন্তা নাই। অসমৰ ৰাইজে বিজেপিক ভোট দিব।” তেওঁকয়, “শক্তি কাৰো নাবাঢ়ে। সংখ্যাৰ বিশেষ পৰিৱৰ্তন নহয়।দলীয় হেঁচা থাকিলে এজিপিয়ে য’তে ইচ্ছা উঠিব পাৰিব।আমাৰ কব লগা নাই। যোৱাবাৰতকৈ বেছি সাল-সলনি নহয় । কাজিয়া-সংঘাত যোৱাবাৰো হোৱা নাই, এইবাৰো নহয়। প্ৰয়োজন হ’লে বন্ধুত্বমূলকভাৱে খেলিবলগীয়া হ’ব পাৰে।”