USTM ত পঢ়া ল’ৰা-ছোৱালীয়ে অসমত চাকৰি পাবলৈ অতিৰিক্ত পৰীক্ষা দিব লাগিবঃ হিমন্ত বিশ্ব

এতিয়াৰ পৰা USTM শিক্ষাৰ্থীয়ে অসমত চাকৰি পাবলৈ হ'লে দিব লাগিব অতিৰিক্ত পৰীক্ষা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কয় যে, তেওঁৰ USTMৰ ওপৰত খং বেছি। অসমৰ ল'ৰা-ছোৱালীক USTM ক অধ্যয়ন নকৰিবলৈ আহ্বান শৰ্মাৰ।

USTM ত পঢ়া লৰা-ছোৱালীয়ে অসমত চাকৰি পাবলৈ অতিৰিক্ত পৰীক্ষা দিব লাগিবঃ হিমন্ত বিশ্ব

USTM ত পঢ়িলে নাপাব অসমত চাকৰি!

Published: 

21 Aug 2024 17:35 PM

USTM ক লৈ পুনৰ সৰৱ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিশ্ববিদ্যালয়খনক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে USTM ত অধ্যয়ন কৰা ছাত্ৰ- ছাত্ৰীয়ে অসমত চাকৰি পাবলৈ হ’লে আৰু এটা পৰীক্ষা দিব লাগিব। ইয়াৰোপৰি মেঘালয়ৰ পৰা বৈ অহা পানীৰ সমস্যা সমাধান কৰিবলৈ মেঘালয় চৰকাৰ আগবাঢ়ি অহা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বুধবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা- বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।

তেওঁ কয় যে, মেঘালয়ৰ পানী কেনেকৈ দীপৰ বিল আৰু শিলসাঁকোলৈ বোৱাই নিব পাৰি তাৰ বাবে নেদাৰলেণ্ডৰ কোম্পানীক দায়িত্ব দিয়া হৈছে। লগতে আই আই টি, ৰুড়কী আৰু আই আই টি, গুৱাহাটীকো আমি এই কাম দিম। ৩ বছৰৰ ভিতৰত আমি এক পৰিকল্পনা কৰিম। মেঘালয়ৰ পানী বৈ আহি অসমত যি সমস্যাৰ সৃষ্টি কৰিছে, সেই ক্ষেত্ৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই গুৰুত্ব দি দুয়ো চৰকাৰৰ মাজত এখন যৌথ কমিটী গঠনৰ প্ৰস্তাৱ দিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে ফোন কৰি কৈছে, যদি যোৰাবাটৰ বাবে গুৱাহাটীত পানী হৈছে তেন্তে তেওঁৱো চিন্তিত।

তেওঁ কয় যে, এই ক্ষেত্ৰত এতিয়া দুয়োখন ৰাজ্যই ৰাজনৈতিকভাৱে আগবাঢ়িব। এই সকলো ক্ষেত্ৰ পৰীক্ষা কৰিবলৈ মেঘালয় আৰু অসমৰ পৰা দুজনকৈ অভিযন্তা দিব। শৰ্মাই  কয় যে, অসমৰ মানুহে  USTM ক বচাব লাগি গৈছিল কিন্তু মেঘালয় চৰকাৰে এই সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে। মেঘালয়ৰ পৰা বৈ অহা পানীয়ে যে গুৱাহাটীত প্লাবিত কৰিছে সেই কথা অস্বীকাৰ কৰা নাই মেঘালয় চৰকাৰে।

ইয়াৰ লগতে USTM ত অধ্যয়ন কৰা ছাত্ৰ- ছাত্ৰীসকলক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে শৰ্মাই । তেওঁ কয় যে, আমি আৰু এটা আলোচনা কৰি আছো।USTM ত পাছ কৰা ল’ৰা- ছোৱালীয়ে যাতে অসমৰ পৰীক্ষাত যোগদান নকৰে। কাৰণ USTM  বেলেগ ৰাজ্যত আছে। USTM ত পাছ কৰা ল’ৰা-  ছোৱালীয়ে অসমত চাকৰি বিচাৰিলে আৰু এটা পৰীক্ষা দিব লাগিব। শৰ্মাই কয় যে, এই পদক্ষেপ কৰ্ণাটক, মহাৰাষ্ট্ৰ আদি সকলো ৰাজ্য়ৰ ক্ষেত্ৰতে লোৱা হ’ব ।  কিন্তু USTM ৰ ওপৰত মোৰ খং বেছি। কাৰণ তেওঁলোকে  পানী পেলাই আছে আমাৰ ওপৰত। ৰোগী নোহোৱাকৈ মেডিকেল কলেজ খুলি আছে এতিয়া।

শৰ্মাই কয় যে, তাতে মেডিকেল কলেজ খোলাৰ দিনা গুৱাহাটী মেডিকেল কলেজ ধ্বংস কৰাত নামি যাব। অসমীয়া ল’ৰা- ছোৱালীয়ে তাত পঢ়িব নালাগে। তাত টকা দি পঢ়াতকৈ ইয়াত বিনামূলীয়াকৈ অধ্যয়ন কৰক।  লাগিল গুৱাহাটী বিশ্ববিদ্যালয়ত আসনৰ সংখ্যা বঢ়াই দিম।  তেওঁ কয়, USTM য়ে যি প্ৰত্যাহ্বান দিছে সেয়া মই গ্ৰহণ কৰিছো। ভাবি ল’ব, USTM য়ে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান দিছে, অসমৰ ৰাইজক দিছে, অসমে নিৰ্বাচন কৰা এগৰাকী মুখ্যমন্ত্ৰীক দিছে। এই ক্ষেত্ৰত মই লাহে লাহে সকলো কৰি যাম।

উল্লেখ্য যে, বিগত কেইটামান দিনৰ পৰা USTM ৰ ওপৰত বিভিন্ন মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ গুৱাহাটীত হোৱা কৃত্ৰিম বানৰ বাবে USTM ক জগৰীয়া কৰিছিল। তেওঁ কৈছিল যে USTM  য়ে ফ্লাড জেহাদ চলাই আছে। সকলো পাহাৰ কাটি পানীৰ ঢল গুৱাহাটীৰ পিনে নমাই দিছে। মেঘালয়ৰ পৰা বৈ অহা পানীয়ে গুৱাহাটী প্লাবিত কৰে বুলি কৈছিল শৰ্মাই।

প্ৰস্ৰাৱ জ্বলা-পোৰা, পেটৰ তলৰ অংশত বিষ... মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...