অসমত মিঞা মুছলমানৰ জনসংখ্যা ৩৮ শতাংশলৈ বৃদ্ধিৰ সম্ভাৱনা, বিধানসভাত নতুন বিধেয়ক উত্থাপন কৰিব ৰাজ্য চৰকাৰে
তেওঁ সাংবাদিকক সম্বোধন কৰি কয় যে, ৰাজ্যখনত বৃদ্ধি পাইছে মিঞা মুছলমানৰ জনসংখ্যা। আগন্তুক সময়ত তেওঁলোক অসমখনত এক শক্তিশালী জনগোষ্ঠী হিচাপে পৰিগণিত হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
সলনি হবলৈ গৈ আছে অসমৰ জনগাঁথনি। পুনৰবাৰ এই কথাই প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ সাংবাদিকক সম্বোধন কৰি কয় যে, ৰাজ্যখনত বৃদ্ধি পাইছে মিঞা মুছলমানৰ জনসংখ্যা। আগন্তুক সময়ত তেওঁলোক অসমখনত এক শক্তিশালী জনগোষ্ঠী হিচাপে পৰিগণিত হ’ব।
তেওঁ কয় যে, আগন্তুক লোকপিয়লত তেওঁলোকৰ জনসংখ্যাৰ হাৰ প্ৰায় ৩৮ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী শৰ্মাই কয়, “এইবাৰ যেতিয়া লোকপিয়ল হ’ব আৰু ফলাফল আহিব, তেতিয়া দেখা পাব যে, মিঞা জনগোষ্ঠীৰ শতকৰা হাৰ ৩৮ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰু যদি কোনো পৰিসংখ্যা বিভাগে প্ৰজেকচন কৰে, তেন্তে তেওঁলোক অসমৰ সৰ্ববৃহৎ সম্প্ৰদায় হ’বলৈ গৈ আছে। সেয়াই সত্য।”
आप यह लिखकर रख लीजिए कि आगामी जनगणना में असम में मिया मुस्लिम समुदाय राज्य की सबसे बड़ी जनसंख्या के रूप में सामने आएगा। pic.twitter.com/XivvS9cAcU
— Himanta Biswa Sarma (@himantabiswa) October 10, 2025
তেওঁ শংকা প্ৰকাশ কৰি কয় যে, অসমৰ খিলঞ্জীয়া জনসাধাৰণে “মিঞা মুছলমানক হেঁচাত ৰাখিলেহে” সুৰক্ষিত হৈ থাকিব। লগতে খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰে বিধানসভাত দুখন নতুন বিধেয়ক উত্থাপন কৰাৰ কথাও সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই। অৱশ্যে বিধেয়ক কেইখনৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
চৰকাৰে চলাই থকা উচ্ছেদ অভিযানৰ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, “গোৱালপাৰা আৰু বিহালীত ইতিমধ্যে উচ্ছেদৰ জাননী জাৰি কৰা হৈছে ৷ আমি কোনো কাম বন্ধ কৰা নাই ৷ অবৈধ বেদখল মুক্ত কৰাৰ অভিযান অব্যাহত থাকিব৷” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে।