Himanta Biswa Sarma: অসমৰ অধিকাংশ অগ্নিবীৰক অসম আৰক্ষীত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

Himanta Biswa Sarma: এক্স হেণ্ডেলত শৰ্মাই কয়, ভাৰতে অগ্নিপথ আঁচনিৰ ওপৰত মিছা বিয়পাই ভাৰতীয় সেনাক দুৰ্বল কৰাৰ বিৰোধী প্ৰচেষ্টাক পৰাজিত কৰিব । লগতে ভাৰতীয় সেনাক আধুনিকীকৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাৰ সৈতে অসমে দৃঢ়তাৰে থিয় দিছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই অগ্নিপথ আঁচনিৰ প্ৰতি অসমৰ সমৰ্থনৰ কথা উল্লেখ কৰি অগ্নিবীৰসকলৰ কল্যাণ নিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ চৰকাৰ স্থিতিৰ ওপৰত আলোকপাত কৰে ।

Himanta Biswa Sarma: অসমৰ অধিকাংশ অগ্নিবীৰক অসম আৰক্ষীত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

27 Jul 2024 12:49 PM

অসমৰ অধিকাংশ অগ্নিবীৰক অসম আৰক্ষীত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনি সমৰ্থন কৰি এই এক্স হেণ্ডেলৰ জৰিয়তে এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইফালে এই আঁচনিখনক লৈ বিৰোধীয়ে কৰা প্ৰতিক্ৰিয়াকো গৰিহণা দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এক্স হেণ্ডেলত শৰ্মাই কয়, ভাৰতে অগ্নিপথ আঁচনিৰ ওপৰত মিছা বিয়পাই ভাৰতীয় সেনাক দুৰ্বল কৰাৰ বিৰোধী প্ৰচেষ্টাক পৰাজিত কৰিব । লগতে ভাৰতীয় সেনাক আধুনিকীকৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাৰ সৈতে অসমে দৃঢ়তাৰে থিয় দিছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই অগ্নিপথ আঁচনিৰ প্ৰতি অসমৰ সমৰ্থনৰ কথা উল্লেখ কৰি অগ্নিবীৰসকলৰ কল্যাণ নিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ চৰকাৰ স্থিতিৰ ওপৰত আলোকপাত কৰে ।


উল্লেখ্য যে, দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰক ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে অগ্নিপথ আঁচনিক লৈ বিৰোধীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ৰাজনীতিকৰণৰ অভিযোগ উত্থাপন কৰিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘অগ্নিপথ আঁচনি ভাৰতীয় সেনাই কৰা প্ৰয়োজনীয় সংস্কাৰৰ উদাহৰণ । দুৰ্ভাগ্যজনকভাৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত ইমান স্পৰ্শকাতৰ বিষয়টোক একাংশ লোকে ৰাজনীতিৰ বিষয় কৰি লৈছে। হাজাৰ কোটি টকাৰ কেলেংকাৰি কৰি আমাৰ সেনাবাহিনীক দুৰ্বল কৰি তুলিছিল এইসকল লোকে।’

ইয়াৰ বিপৰীতে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱসৰ সোঁৱৰণী অনুষ্ঠানত কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে প্ৰধানমন্ত্ৰীক “ক্ষুদ্ৰ ৰাজনীতি” কৰা বুলি অভিহিত কৰে । ‘কাৰ্গিল বিজয় দিৱসত শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দৰে অনুষ্ঠানতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষুদ্ৰ ৰাজনীতি কৰাটো অতি দুৰ্ভাগ্যজনক আৰু দুখজনক। ইয়াৰ পূৰ্বে কোনো প্ৰধানমন্ত্ৰীয়ে এনেকুৱা কৰা নাই।’ অগ্নিপথ আঁচনিখনক লৈ এইদৰে বিৰোধী কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰিছিল ।


ইয়াৰ লগতে খাৰ্গে দাবী কৰিছিল যে, প্ৰাক্তন সেনা প্ৰধান (অৱসৰপ্ৰাপ্ত) জেনেৰেল এম এম নাৰৱণে ৰেকৰ্ডত কৈছে যে ‘অগ্নিপথ আঁচনি’ত ৭৫% নিযুক্তিপ্ৰাপ্তক স্থায়িত্বৰ বাবে ল’ব লাগিছিল আৰু ২৫% লোকক ৪ বছৰৰ পাছত এৰি দিব লাগিছিল। কিন্তু মোদী চৰকাৰে ইয়াৰ বিপৰীত কাম কৰিলে । তিনিওটা সশস্ত্ৰ বাহিনীৰ বাবে এই আঁচনিখন বলপূৰ্বকভাৱে কাৰ্যকৰী কৰিলে বুলি দাবী কৰে মল্লিকাৰ্জুন খাৰ্গেয়ে ।

মৃতকৰ ভোজ খোৱা ভাল নে বেয়া? ক'লে প্ৰেমানন্দ মহাৰাজে...
নিমিষতে নাইকীয়া হ'ব শুকান কাহ, গ্ৰহণ কৰক এইসমূহ ঘৰুৱা উপায়...
গ্ৰীষ্মকালত গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ খাওক এইবোৰ ফল
ছালৰ যত্নৰ পৰা বাচনৰ দাগ আঁতৰ কৰালৈ,,, কণীৰ বাকলিৰ উপকাৰিতা...