কৰ্কট প্ৰতিষ্ঠানৰ বৃদ্ধি হোৱা মাচুল চৰকাৰে দিব! কোকৰাঝাৰত কি কি ক’লে মুখ্যমন্ত্ৰীয়ে…

আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়চোৱাত তেওঁ বিভিন্ন দিশৰ ওপৰত মন্তব্য কৰে। লগতে কৰ্কট প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধি সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

কৰ্কট প্ৰতিষ্ঠানৰ বৃদ্ধি হোৱা মাচুল চৰকাৰে দিব! কোকৰাঝাৰত কি কি কলে মুখ্যমন্ত্ৰীয়ে...

হিমন্ত বিশ্ব শৰ্মা

Published: 

13 Aug 2025 16:55 PM

নেৰানেপেৰা বৰষুণক নেওচি বুধবাৰে কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোকৰাঝাৰত বিটিচি পৰিষদীয় সমষ্টি বনৰগাঁও আৰু গোমা সমষ্টিত বিজয় সংকল্প সভাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। প্ৰথমে শৰ্মাই চন্দ্ৰপাৰা হাইস্কুল খেল পথাৰত বনৰগাঁৱ বিটিচি পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী বিজয় সংকল্প সভাত  ভাষণ প্ৰদান কৰে ।

তেওঁ কয় যে, বি টি আৰত বিজেপি দলৰ শক্তি বৃদ্ধি হৈছে। ইউ পি পি এল আৰু বি পি এফ দলে ইতিমধ্যে স্বীকাৰ কৰিছে বিজেপি শক্তিশালী বুলি। বি টি আৰত ভিচিদিচিৰ বাবে চৰকাৰী জনকল্যানমূলক আঁচনি ভালদৰে ৰূপায়ন হোৱা নাই। গতিকে ভিচিদিচিক সংশোধন কৰা হ’ব। ইয়াৰ বাবে কোকৰাঝাৰত বিজেপিৰ প্ৰয়োজন।

ইয়াৰোপৰি শৰ্মাই সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে অসম চৰকাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লক ভঙা সপোনতো ভবা নাই। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে, বিজেপি দল এন্টী ট্ৰাইবেল নহয়। বৰঞ্চ ৬০০ গাঁওক লগতলৈ মাইক্ৰো ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠনৰ প্ৰক্ৰিয়া লোৱা হৈছে।

লগতে কেন্সাৰ হাস্পাতালৰ মাচুল বৃদ্ধিৰ বিষয়টোৰ ওপৰতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, এয়া ভুল বুজাবুজি হৈছে। মাচুল ৰাইজে দিব নালাগে। ৰাইজৰ আয়ুষ্মান কাৰ্ডত টকা চৰকাৰে দিব। অৱশ্যে আগতীয়াকৈ ১০,০০০ টকা বিচৰাটো ভুল হৈছে বুলি কয় শৰ্মাই।

তেওঁ কয় যে, ”এয়া ভুল বুজাবুজি হৈছে। কেন্সাৰৰ মাচুল ৰাইজে দিব নালাগে। এইটো আয়ুষ্মান ভাৰত আৰু আষুষ্মান অসম কাৰ্ডৰ পৰা লোৱা হব। জেনেৰেল বিচনাৰ দাম বঢ়া বুলি কোৱা হৈছে। কিন্তু ৰোগীয়ে টকা দিব নালাগে। কাৰ্ডৰ বাবে এই টকা দিল্লীয়ে দিব। ১০ হাজাৰ টকা আগতীয়াকৈ বিচৰাটো ভুল হৈছে। এই সিদ্ধান্ত বাতিল কৰিবলৈ কোৱা হৈছে। বাকী চিন্তা কৰিব লগা নাই”। ইয়াৰোপৰি এই সন্দৰ্ভত শৰ্মাই আলোচনা কৰিব বুলিও কয়।

উল্লেখ্য যে, এইবাৰ বিটিআৰত বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লগতে কৈছে যে, ইউ পি পি এল আৰু বি পি এফৰ বিৰুদ্ধে মৰমৰ যুঁজ হ’ব। নিৰ্বাচন সন্দৰ্ভত কিছুদিন পূৰ্বে শৰ্মাই জনোৱা অনুসৰি, দুৰ্গা পূজাৰ আগতেই সম্পন্ন হ’ব বিটিচি নিৰ্বাচন। ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ বহুকেইটা পৰিষদীয় সমষ্টি ভ্ৰমণ কৰাৰ যো জা চলাইছে। তেওঁৰ মতে, অহা ২১ আগষ্টৰ ভিতৰত আটাইকেইটা পৰিষদীয় সমষ্টি ভ্ৰমণ কৰিব। শৰ্মাই লগতে কৈছে যে,বিজেপিৰ কোনো শত্ৰু নাই। ইউ পি পি এল বা বি পি এফ দুয়োটাৰে এটা দল বিজেপিৰ সৈতে শাসনত থাকিব।

 

অন্য খবৰ পঢ়কঃ সম্পৰ্ক আছে ১৫ আগষ্ট আৰু বাংলাদেশৰ মাজত! কি হৈছিল সেইদিনা, কিয় চকুৰ পানী ওলাইছিল ইন্দিৰা গান্ধীৰ…

বাৰে বাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ হয় নেকি? জানক এয়া কি ৰোগৰ লক্ষণ...
লাভ কৰিব শ্ৰীকৃষ্ণৰ আশীৰ্বাদ! কৰক মাত্ৰ এই কাম...
এই ৩ বিধ খাদ্যই দুৰ্বল কৰি তুলিব পাৰে আপোনাৰ যকৃত! জানক সকলো...
জৰায়ুৰ সংক্ৰমণ কিয় হয়? জানক কেনেকৈ কৰিব প্ৰতিৰোধ