কংগ্ৰেছৰ কি ভুলৰ বাবে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই? হিমন্তই ক’লে,

কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পাছতে জনজাতিকৰণৰ বিষয়টো গুৰুত্ব সহকাৰে নল'লে। মোদীয়ে ২০১৪ চনতে কৈছিল যে শাসনলৈ অহাৰ ৬ মাহ পাছত জনজাতিকৰণ কৰা হ'ব। কিন্তু আজিলৈ সেয়া হৈ উঠা নাই।

কংগ্ৰেছৰ কি ভুলৰ বাবে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই? হিমন্তই কলে,

হিমন্ত বিশ্ব শৰ্মা

Published: 

04 Sep 2024 16:53 PM

বুধবাৰে দিছপুৰ ছুপাৰ মাৰ্কেটত ৬ জনগোষ্ঠীকৰ ঐক্যমঞ্চই জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। হিমন্ত বিশ্ব শৰ্মা হায় হায়, অসম চৰকাৰ হায়, বিজেপি হায় হায় আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে একাংশই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদকাৰীসকলে পৰিস্থিতি উত্তপ্ত কৰি তোলে। প্ৰতিবাদকাৰী সকলে কয় যে, কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পাছতে জনজাতিকৰণৰ বিষয়টো গুৰুত্ব সহকাৰে নল’লে। মোদীয়ে ২০১৪ চনতে কৈছিল যে শাসনলৈ অহাৰ ৬ মাহ পাছত জনজাতিকৰণ কৰা হ’ব। কিন্তু আজিলৈ সেয়া হৈ উঠা নাই।

এই প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰতিবাদক সমৰ্থন কৰে বুলি মত প্ৰকাশ কৰি শৰ্মাই কয় যে কংগ্ৰেছৰ এক প্ৰস্তাৱৰ বাবে জনজাতিকৰণ প্ৰক্ৰিয়া হোৱা নাই। তেওঁ কয় যে, এই আন্দোলনক মইও সমৰ্থন কৰো। সমস্যা কৰি থৈছে কংগ্ৰেছে। দলটোৱে বিধানসভাত এটা অদ্ভুত প্ৰস্তাৱ গৃহীত কৰিছিল যে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰক কিন্তু বৰ্তমানৰ জনজাতিৰ কোনো ক্ষতি হ’ব নোৱাৰে।

শৰ্মাই কয়, “কংগ্ৰেছে সৃষ্টি কৰা এই সমস্যা সমাধান কৰাৰ বাবে আমি চেষ্টা কৰি আছো। নোৱাৰিলে আকৌ বিধানসভাত আনি প্ৰস্তাৱ সংশোধন কৰিব লাগিব। ইয়াৰ বাবে কেইটামান দিন আলোচনা কৰি চাওঁ। আলোচনাৰে সম্ভৱ নহ’লে সংশোধনী প্ৰস্তাৱ অনা হ’ব”।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰক আক্ৰমণ কৰি শৰ্মাই কয়,  তৰুণ গগৈ চৰকাৰৰ দিনত প্ৰস্তাৱ লৈছিল যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হওক, কিন্তু পুৰণা জনজাতিৰ কোনো ক্ষতি হ’ব নোৱাৰে। এয়া কংগ্ৰেছে নিমিলা অংক কৰি থৈ গ’ল। মৰাণ, মটক আৰু চুতীয়া সম্প্ৰদায়ৰ ক্ষেত্ৰত কিছু ঐক্যমত হৈছে যদিও বাকীখিনিৰ ক্ষেত্ৰত ঐক্যমত হোৱা নাই বুলি কয় শৰ্মাই। তেওঁ কয় যে, আলোচনাৰ জৰিয়তে ঐক্যমত কৰিব নোৱাৰিলে অহা এপ্ৰিলৰ বাজেট অধিবেশনত এই প্ৰস্তাৱ সাল- সলনিৰ বাবে উত্থাপন কৰিব লাগিব।

উল্লেখ্য যে, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী, টাই- আহোম আৰু চাহ জনগোষ্ঠীয় লোকসকলে দীৰ্ঘদিন ধৰি তেওঁলোকক জনজাতিকৰণ কৰাৰ বাবে দাবী জনাই আহিছে। কিন্তু আজিলৈ সেয়া হৈ উঠা নাই। চৰকাৰ আহিছে, গৈছে, কিন্তু আজিলৈ কোনো এখন চৰকাৰে এইলোকৰ দাবী মানি লোৱা নাই। বিজেপি চৰকাৰেও পূৰ্বতে এই জনগোষ্ঠীসকলক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া এতিয়া অসাৰ হৈ পৰিছে। ইয়াৰ মাজতে আজি হিমন্ত বিশ্ব শৰ্মাই এক সেউজ সংকেত দিয়ে। অৱশ্যে চৰকাৰে কি কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension