শিলচৰ চহৰত ১২০০ কোটি ব্যয়ৰে নতুন পথ প্ৰকল্পৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰী শৰ্মাৰ

শিলচৰ চহৰত ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ উচ্চ পথ প্ৰকল্পৰ প্ৰস্তাৱৰ কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা অনুসৰি, এই প্ৰকল্পৰ ব্যয় প্ৰায় ১২০০ কোটি টকা ।

শিলচৰ চহৰত ১২০০ কোটি ব্যয়ৰে নতুন পথ প্ৰকল্পৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰী শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

25 Aug 2024 07:01 AM

শিলচৰ চহৰত ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ উচ্চ পথ প্ৰকল্পৰ প্ৰস্তাৱৰ কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা অনুসৰি, এই প্ৰকল্পৰ ব্যয় প্ৰায় ১২০০ কোটি টকা । মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথাও উল্লেখ কৰিছে যে, যদিও প্ৰকল্পটো ৰূপয়ানৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আছে, তথাপিও শিলচৰবাসীৰ সহযোগিতা আৰু সহমতত ডেৰ-দুবছৰৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব পৰা যাব।

উল্লেখ্য যে, তিনিদিনীয়া ভ্ৰমণসূচী লৈ বৰাকলৈ গৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । এই ভ্ৰমণ কালতে বৰাকৰ পথ আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে অন্যান্য বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে এক বিস্তৃত পৰ্যালোচনা বৈঠকৰ জৰিয়তে এই তিনিদিনীয়া ভ্ৰমণসূচী সামৰণি মৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

“পূজাৰ পূৰ্বে শিলচৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত মটৰচালিত পথ নিশ্চিত কৰাৰ ক্ষেত্ৰ অগ্ৰাধিকাৰ দিয়া হৈছে । আমি এই ফ্ৰণ্টত তৎক্ষণাত কাম আৰম্ভ কৰিম ৷ ইয়াৰ উপৰিও আমি শিলচৰ চহৰৰ ওপৰত সাত কিলোমিটাৰ উচ্চ পথ নিৰ্মাণৰ পৰিকল্পনা কৰিছো, য’ত ইউটিলিটি ৱায়াৰচ মাটিৰ তললৈ যাব।’ এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ইয়াৰ লগতে তেওঁ কয়,“ভূমিৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি হাইলাকান্দিত নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰত আমি আলোচনা কৰিছো । যিটো প্ৰতিশ্ৰুতি আমি নিৰ্বাচনৰ সময়ত দিছিলো।’ তদুপৰি অহা ২-৩ বছৰত শিলচৰৰ এছ এম চি এইচত ১৫০০ বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনা চলি আছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Related Stories
Assam Flood Alert: অসম-অৰুণাচলত প্ৰচণ্ড বৰষুণ ! সজাগ হৈ থাকক নদীৰ পাৰ, নিম্নভূমিত বাস কৰা লোকসকল…মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কবাণী…
Top News in Assamese: ১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
ছ’চিয়েল মিডিয়াত পাকিস্তান সমৰ্থিত পোষ্ট ! ৰাজ্যত এতিয়ালৈকে ৰাষ্ট্ৰ বিৰোধী গোচৰত ৮১ জনক গ্ৰেপ্তাৰ…
মুখ্যমন্ত্ৰীলৈ অমিত শ্বাহৰ ফোন, দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যক সকলো সহায়ৰ আশ্বাস কেন্দ্ৰৰ
পুনৰ বিশ্বজুৰি চৰ্চিত অসম কন্যা, ব্ৰিটেইনছ গট টেলেণ্টত দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল বিনীতা চেত্ৰীৰ
Heavy Rain: বৰষুণৰ ফলত উত্তৰ পূৰ্বাঞ্চলত ভয়ংকৰ পৰিস্থিতি, ভূমিস্খলন আৰু বানত ২ দিনত ৩০ জন লোকৰ মৃত্যু
দৈনিক কেইকাপ চাহ খায় আপুনি? এই পৰিমাণতকৈ অধিক খালে হ’ব পাৰে এনে চিন্তনীয় সমস্যা…
আওকাণ নকৰিব, ইউৰিক এচিডৰ বৃদ্ধিৰ লক্ষণসমূহ জানক...
খাদ্য খোৱাৰ পিছত কিয় আমাৰ টোপনি আহে! জানেনে ইয়াৰ আঁৰৰ কাৰণ?
কপাল ফুলিব আপোনাৰ, যদি সপোনত দেখে এইকেইটা বস্তু !