শিলচৰ চহৰত ১২০০ কোটি ব্যয়ৰে নতুন পথ প্ৰকল্পৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰী শৰ্মাৰ

শিলচৰ চহৰত ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ উচ্চ পথ প্ৰকল্পৰ প্ৰস্তাৱৰ কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা অনুসৰি, এই প্ৰকল্পৰ ব্যয় প্ৰায় ১২০০ কোটি টকা ।

শিলচৰ চহৰত ১২০০ কোটি ব্যয়ৰে নতুন পথ প্ৰকল্পৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰী শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

25 Aug 2024 | 07:01 AM

শিলচৰ চহৰত ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ উচ্চ পথ প্ৰকল্পৰ প্ৰস্তাৱৰ কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা অনুসৰি, এই প্ৰকল্পৰ ব্যয় প্ৰায় ১২০০ কোটি টকা । মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথাও উল্লেখ কৰিছে যে, যদিও প্ৰকল্পটো ৰূপয়ানৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আছে, তথাপিও শিলচৰবাসীৰ সহযোগিতা আৰু সহমতত ডেৰ-দুবছৰৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব পৰা যাব।

উল্লেখ্য যে, তিনিদিনীয়া ভ্ৰমণসূচী লৈ বৰাকলৈ গৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । এই ভ্ৰমণ কালতে বৰাকৰ পথ আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে অন্যান্য বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে এক বিস্তৃত পৰ্যালোচনা বৈঠকৰ জৰিয়তে এই তিনিদিনীয়া ভ্ৰমণসূচী সামৰণি মৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

“পূজাৰ পূৰ্বে শিলচৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত মটৰচালিত পথ নিশ্চিত কৰাৰ ক্ষেত্ৰ অগ্ৰাধিকাৰ দিয়া হৈছে । আমি এই ফ্ৰণ্টত তৎক্ষণাত কাম আৰম্ভ কৰিম ৷ ইয়াৰ উপৰিও আমি শিলচৰ চহৰৰ ওপৰত সাত কিলোমিটাৰ উচ্চ পথ নিৰ্মাণৰ পৰিকল্পনা কৰিছো, য’ত ইউটিলিটি ৱায়াৰচ মাটিৰ তললৈ যাব।’ এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ইয়াৰ লগতে তেওঁ কয়,“ভূমিৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি হাইলাকান্দিত নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰত আমি আলোচনা কৰিছো । যিটো প্ৰতিশ্ৰুতি আমি নিৰ্বাচনৰ সময়ত দিছিলো।’ তদুপৰি অহা ২-৩ বছৰত শিলচৰৰ এছ এম চি এইচত ১৫০০ বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনা চলি আছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...