৪ বছৰ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, মহানগৰীৰ বাজপেয়ী ভৱনত বৰ্ষপূৰ্তি অনুষ্ঠান

৪ টা বছৰ সম্পূৰ্ণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ছ'চিয়েল মিডিয়াত পোষ্ট কৰি চতুৰ্থ বৰ্ষপূৰ্তি উদযাপনৰ কোনো বিশেষ অনুষ্ঠান নাথাকিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। আনুষ্ঠানিক কাৰ্যসূচী হিচাপে সংবাদ মেল অনুষ্ঠিত কৰিছে মুখ্যমন্ত্ৰীয়ে । ১০ মে' ২০২১ৰ পৰা আৰম্ভ হৈছিল মুখ্যমন্ত্ৰীৰ যাত্ৰা।

৪ বছৰ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, মহানগৰীৰ বাজপেয়ী ভৱনত বৰ্ষপূৰ্তি অনুষ্ঠান

Himanta Biswa Sarma Government Completes 4 Years

Updated On: 

10 May 2025 15:41 PM

আজি ৪ টা বছৰ সম্পূৰ্ণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই উপলক্ষ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰে সতীৰ্থ মন্ত্ৰীসকলে।অৱশ্যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা হোৱা নাই কোনো বিশেষ অনুষ্ঠান। অব্যাহত থকা ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।  ছ’চিয়েল মিডিয়াত পোষ্ট কৰি চতুৰ্থ বৰ্ষপূৰ্তি উদযাপনৰ কোনো বিশেষ অনুষ্ঠান নাথাকিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। আনুষ্ঠানিক কাৰ্যসূচী হিচাপে সংবাদ মেল অনুষ্ঠিত কৰিছে মুখ্যমন্ত্ৰীয়ে । ১০ মে’ ২০২১ৰ পৰা আৰম্ভ হৈছিল মুখ্যমন্ত্ৰীৰ যাত্ৰা।
এই দিনটোত সামাজিক মাধ্যমত বিশেষ পোষ্ট শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লিখিছে, “উদ্যমী আৰু কৰ্মতৎপৰ কাৰ্যকৰ্তাসকলে এটা সংগঠন শক্তিশালী কৰি ৰাখে৷ এনে অসংখ্য নিষ্ঠাৱান সেৱকে ভাৰতীয় জনতা পাৰ্টিক আজি বিশ্বৰ বৃহত্তম ৰাজনৈতিক দল হিচাপে গঢ়ি তুলিছে৷ আজি আমাৰ মিত্ৰজোঁট চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ৷”
লগতে তেওঁ লিখিছে, “সাধাৰণতে এই দিনটো আমি বিশেষভাৱে উদযাপন কৰি আহিছোঁ যদিও আজিৰ এই সময়ছোৱাত আমি সামান্য আনুষ্ঠানিকতাহে কৰিছোঁ৷ দেশৰ সাম্প্ৰতিক পৰিস্থিতিত আমাৰ দেশৰ সেনাবাহিনীৰ লোকসকলে সীমান্তত দেশ ৰক্ষাৰ স্বাৰ্থত নিয়োজিত হৈ তথা ভাৰত মাতৃৰ সুৰক্ষাৰ বাবে যুঁজ দি আছে। এই সময়ছোৱাত আমি দেশৰ সেনাবাহিনীৰ মনোবল বৃদ্ধি কৰাৰ লগতে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সকলো ফালৰ পৰা দেশ সুৰক্ষিত, বিকশিত হওক তাৰেই কামনা কৰিব লাগে।
এই সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন সদস্যক তেওঁলোকৰ নিজৰ নিজৰ অঞ্চলৰ সীমান্তত দেশ ৰক্ষাৰ স্বাৰ্থত নিয়োজিত লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকক সকলো ধৰণৰ সহযোগিতা আগবঢ়াই মনোবল বৃদ্ধি কৰাৰ লগতে সামাজিক সদ্ভাব বজাই ৰাখিবলৈ আহ্বান জনাইছোঁ৷ ‘ৰাষ্ট্ৰ প্ৰথম’ নীতিৰে আমি প্ৰতিপল দেশ, সমাজ তথা জনসাধাৰণৰ সেৱাত ব্ৰতী হৈ দলটোক আগুৱাই নিবলৈ কাৰ্যকৰ্তাসকলক বিনম্ৰতাৰে আহ্বান জনাইছোঁ৷”

 

ইফালে চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাই সামাজিক মাধ্যমত পোষ্ট  বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। তেওঁ লিখিছে, “মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠন হোৱা বিজেপি মিত্ৰজোঁটৰ চৰকাৰে অসমৰ জনতাৰ সেৱাত আজি সফলতাৰে ৪ বছৰ সম্পূৰ্ণ কৰিলে।এই শুভ মুহূর্তত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হৈ প্ৰাতঃস্মৰণীয় ড০ শ্যামা প্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায় দেৱৰ প্ৰতিমূৰ্তি লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণ কৰি সেৱা নিবেদন কৰিলোঁ।”

তেওঁ আকৌ লিখিছে, “আজিৰ এই বিশেষ দিনটোত মাননীয় মুখ্যমন্ত্রীগৰাকীক দলৰ ৬৫ লাখ কাৰ্যকৰ্তাৰ হৈ এখন দলীয় গামোচা ,অসমীয়াৰ স্বাভিমানস্বৰূপ ফুলাম গামোচাৰ সহিতে এটি ফুলৰ থোপা আৰু এখন দেশৰ সংবিধানেৰে সম্ভাষণ জনাই তেখেতৰ বলিষ্ঠ নেতৃত্বক আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ।”

কলৰ লগত কেতিয়াও নাখাব এইসমূহ খাদ্যবস্তু, ভুগিব পাৰে দেহৰ নানা সমস্যাত
গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্য কিয় হয় ? ইয়াৰ পৰা উপশম পোৱাৰ উপায় কি ?
বৃদ্ধি পাইছে ভাৰত-পাকিস্তান উত্তেজনা, তাৰ মাজতে আমিৰ খানে ল’লে বিশেষ একচন…
সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?