বাংলাদেশৰ পৰিস্থিতিক লৈ চিন্তিত হিমন্ত বিশ্ব শৰ্মাঃ প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত আস্থা প্ৰকাশ

বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত হোৱা নিগ্ৰহৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশৰ পৰিস্থিতিক লৈ সকলোৱে বিচলিত আৰু চিন্তিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা প্ৰকাশ কৰে আৰু এনে পৰিস্থিতিৰ সমাধান ওলাব বুলি আশা কৰে।

বাংলাদেশৰ পৰিস্থিতিক লৈ চিন্তিত হিমন্ত বিশ্ব শৰ্মাঃ প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত আস্থা প্ৰকাশ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

02 Dec 2024 07:08 AM

ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰিস্থিতি। দেশখনত ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত নিগ্ৰহৰ ঘটনা শেহতীয়াকৈ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সংখ্যালঘু হিন্দু লোকসকলৰ লগতে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ উপাসনা স্থানসমূহক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। যোৱা শুকুৰবাৰে একাংশ দুৰ্বৃত্তই চট্টগ্ৰামৰ তিনিটা হিন্দু মন্দিৰত আক্ৰমণ কৰাৰ পিছত এই পৰিস্থিতিয়ে অধিক চিন্তনীয় ৰূপ ধাৰণ কৰিছে। দুৰ্বৃত্তই ইটা আৰু শিল নিক্ষেপ কৰাৰ ফলত চট্টগ্ৰামত এটা শনি মন্দিৰকে ধৰি আন দুটা মন্দিৰৰ ক্ষতিসাধন হয়।

বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা এনে ধৰণৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি ভাৰতে অসন্তুষ্টি প্ৰকাশ কৰিছে। সংখ্যালঘু হিন্দুসকলৰ ওপৰত হোৱা এনে নিগ্ৰহৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি ভাৰতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে সকলো সংখ্যালঘুৰ সুৰক্ষাৰ দায়িত্ব পালন কৰিব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংখ্যালঘুকে ধৰি সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাটো বাংলাদেশৰ প্ৰাথমিক দায়িত্ব বুলি মন্তব্য কৰিছে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দেওবাৰে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দেশখনত সংখ্যালঘু লোকসকলৰ লগত হোৱা দুৰ্ব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ হিন্দুসকলৰ ওপৰত যি ঘটনা ঘটিছে তাক লৈ তেওঁ অত্যন্ত চিন্তিত বুলি মন্তব্য কৰে। বাংলাদেশত বসবাস কৰা হিন্দুসকলৰ লগত ভাৰতৰ সকলো জনসাধাৰণৰ প্ৰাৰ্থনা আছে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদান কৰে।

বাংলাদেশৰ পৰিস্থিতিক লৈ সকলোৱে বিচলিত আৰু চিন্তিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা প্ৰকাশ কৰে আৰু এই বিষয়ত কোনোবা নহয় কোনোবা প্ৰকাৰে নিশ্চিতভাৱে সমাধান পোৱা যাব বুলি মন্তব্য কৰে। ইফালে চুবুৰীয়া ৰাজ্য মণিপুৰ সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। হিমন্ত বিশ্ব শৰ্মাৰ মতে, মণিপুৰত যিয়েই নহওক কিয় ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে অসমত পৰিব।

সেয়ে এই বিষয়ত তীক্ষ্ণ নজৰ ৰাখি অসমত যাতে কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপ সংঘটিত নহয় তাৰ বাবে অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই লগতে কয়। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ ঘটনাক লৈ চিন্তা প্ৰকাশ কৰাৰ সময়তে শ্ৰীভূমি জিলাত বাংলাদেশৰ পৰিস্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি উঠিছে। সনাতনী ঐক্য মঞ্চৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি দেওবাৰে বাংলাদেশ সীমান্তত প্ৰৱেশৰ চেষ্টা চলায়।

আৰক্ষী আৰু বি এছ এফৰ জোৱানসকলে প্ৰতিবাদী লোকসকলক এনে ক্ষেত্ৰত বাধা কৰাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। সনাতনী ঐক্য মঞ্চই সমগ্ৰ অসমতে ‘বাংলাদেশ চলো’ অভিযান আৰম্ভ কৰাৰ হুংকাৰ দিছে। বাংলাদেশত যিদৰে হিন্দু সংখ্যালঘু লোকক নিৰ্যাতন চলোৱা হৈছে,আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে কাৰ্যৰ বিৰুদ্ধে মাত মাতিব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মঞ্চৰ কৰ্মীসকলে।

Related Stories
থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
বিশিষ্ট কণ্ঠশিল্পী কল্পনা পাটোৱাৰীলৈ বিহাৰ চৰকাৰৰ বিশেষ সন্মান, মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা…
মহানগৰীত উলিয়াব নোৱাৰিব কোনো শোভাযাত্ৰা-সমদলঃ আৰক্ষীয়ে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা
Morning News: প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰা ইংলেণ্ডৰ অভিলেখলৈ, পলকতে চাওক পুৱাৰ কেইটামান মুখ্য খবৰ
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
দেহত পানীৰ অভাৱত হ’ব পাৰে চিন্তনীয় সমস্যা, এই ৫ বিধ পানীয়ই দিব তাৎক্ষণিক সকাহ
শাৰদীয় নৱৰাত্ৰিত কেতিয়াও নকৰিব এনে ভুল, বিপদত পৰিব আপুনি!