একাংশ নেতাই কেৱল বিধানসভাৰ ভিতৰতে শ্লোগান দিয়ে: শিৱসাগৰত মুখ্যমন্ত্ৰীৰ মন্তব্য
ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই মহিলা অংশগ্ৰহণকাৰীসকলৰ সৈতে অনানুষ্ঠানিকভাৱে মত বিনিময় কৰে। তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনক উদ্যোগীকৰণৰ জৰিয়তে মহিলাসকলক সবলীকৰণৰ বাবে একান্তভাৱে উৎসৰ্গিত দেশৰ একমাত্ৰ পদক্ষেপ বুলি অভিহিত কৰি কয় যে, ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ৯৫টা সমষ্টিত ইতিমধ্যে এই আঁচনিৰ অধীনত মিটিং সম্পূৰ্ণ কৰা হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
বুধবাৰে শিৱসাগৰ জিলাৰ ডিমৌৰ বৰবিল খেলপথাৰত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম পৰ্যায়ৰ অধীনত ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মহিলা উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ। ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (SRLM) আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান (NULM)ৰ অধীনত এই আঁচনিখন ৰূপায়ণ কৰা হৈছে।
এই অনুষ্ঠানৰ সময়ত ড০ শৰ্মাই ডিজিটেল মোডৰ জৰিয়তে ডিমৌত চাৰিটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি আন্তঃগাঁথনি আৰু জনসেৱা প্ৰদান ত্বৰান্বিত কৰাৰ সন্দৰ্ভত চৰকাৰৰ লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক সুশান্ত বৰগোহাঁই, মন্ত্ৰী ড০ ৰনোজ পেগু, প্ৰাক্তন সাংসদ তপন গগৈ, শিৱসাগৰ উপাযুক্ত আৰু জিলা পৰ্যায়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই মহিলা অংশগ্ৰহণকাৰীসকলৰ সৈতে অনানুষ্ঠানিকভাৱে মত বিনিময় কৰে। তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনক উদ্যোগীকৰণৰ জৰিয়তে মহিলাসকলক সবলীকৰণৰ বাবে একান্তভাৱে উৎসৰ্গিত দেশৰ একমাত্ৰ পদক্ষেপ বুলি অভিহিত কৰি কয় যে, ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ৯৫টা সমষ্টিত ইতিমধ্যে এই আঁচনিৰ অধীনত মিটিং সম্পূৰ্ণ কৰা হৈছে।
ডিমৌৰ উন্নয়নৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, সমষ্টিটোৰ আত্মসহায়ক গোটসমূহ ৰাজ্যখনৰ ভিতৰতে আটাইতকৈ সক্ৰিয় গোটসমূহৰ ভিতৰত অন্যতম, আৰু মহিলা হিতাধিকাৰীসকলে সামূহিকভাৱে ৩১ কোটি টকা চৰকাৰী সাহায্য লাভ কৰিব। তেওঁ কয়, “মহিলাসকলক প্ৰায়ে ৩০ বা ৩৩ শতাংশ সংৰক্ষণৰ আশ্বাস দিয়া হয় যদিও উদ্যোগীকৰণে মহিলাৰ ১০০ শতাংশ অংশগ্ৰহণ আৰু নেতৃত্ব নিশ্চিত কৰে।”
মুখ্যমন্ত্ৰী শৰ্মাই চৰকাৰৰ কল্যাণমূলক পদক্ষেপ নিৰ্বাচনৰ অংশ নহয় বুলি দৃঢ়তাৰে কয় যদিও আগন্তুক বিধানসভা নিৰ্বাচনত ডিমৌৰ ৰাইজে পুনৰবাৰ সুশান্ত বৰগোহাঁইৰ ওপৰত বিশ্বাস ৰাখিব বুলি আস্থা প্ৰকাশ কৰে। লগতে ৰাজ্যত ঘৰুৱা হিংসা হ্ৰাস পোৱা, নাৰীৰ বিৰুদ্ধে অপৰাধ হ্ৰাস পোৱা, বাল্য বিবাহৰ ওপৰত যথেষ্ট নিষেধাজ্ঞাৰ সাক্ষী হোৱা বুলি দাবী কৰি তেওঁ কয় যে, অসমৰ উন্নয়নক আগুৱাই নিয়াৰ ক্ষেত্ৰত মহিলাসকলে এতিয়া পুৰুষৰ সৈতে সমতা স্থাপন কৰিছে।
লগতে মুখ্যমন্ত্রীয়ে ঘোষণা কৰে যে ডিমৌত আৰু ২০০০ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ অধীনলৈ অনা হ’ব ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰেও ঘৰুৱা প্ৰয়োজনীয়তাক লৈ এক প্ৰশ্ন উত্থাপন কৰি ড০ শৰ্মাই ঘোষণা কৰে যে বিজেপি পুনৰ ক্ষমতালৈ আহিলে চাউল, দালি, চেনি, নিমখ, আৰু ৰন্ধন তেল বিনামূলীয়াকৈ যোগান ধৰা হ’ব।
ভাষণৰ মাজতে কংগ্ৰেছক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰ অতীতৰ কল্যাণমূলক পদক্ষেপক ধুতি, লুঙী, কম্বল, আৰু সূতাৰ মাজতে সীমাবদ্ধ বুলি উলাই কৰি “পঞ্চমৃত” বুলি উপহাস কৰে। তেওঁ দাবী কৰে যে বৰ্তমানৰ চৰকাৰৰ অধীনত উৎকোচ অবিহনে চৰকাৰী চাকৰি নিশ্চিত কৰা হৈছে, আনহাতে ডিমৌত এখন চিকিৎসা মহাবিদ্যালয় আৰু কেন্সাৰ চিকিৎসালয় স্থাপন কৰা হৈছে।
নাম নোলোৱাকৈয়ে অখিল গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, একাংশ নেতাই কেৱল বিধানসভাৰ ভিতৰতে শ্লোগান দিয়ে। আনহাতে কিছুমানে উন্নয়নৰ কাম আগবঢ়াই নিয়াত গুৰুত্ব দিয়ে। সামৰণিত তেওঁ ভোটাৰসকলক কংগ্ৰেছে যিখিনি আগবঢ়াইছে তাৰ বিপৰীতে বিজেপিয়ে আগবঢ়োৱা বস্তু জুখি আহ্বান জনায়। লগতে পূৰ্বৰ চৰকাৰসমূহৰ অধীনত এনে কল্যাণমূলক আঁচনি আৰু আন্তঃগাঁথনি প্ৰকল্প সম্ভৱ হ’লহেঁতেন নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।