গুৱাহাটীত ৯ কোটি টকাৰ হেৰ’ইন জব্দ, চাৰিজনক আটক…

উৰুকাৰ ব্যস্ততাৰ সুযোগ লৈ সৰবৰাহৰ চেষ্টা কৰা ৯ কোটি টকাৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে, কামৰূপ জিলাত অভিযান চলাই হেৰ’ইনসহ চাৰিজন লোককো আটক কৰে আৰক্ষীয়ে ।

গুৱাহাটীত ৯ কোটি টকাৰ হেৰ’ইন জব্দ, চাৰিজনক আটক...

গুৱাহাটীত ড্ৰাগছ জব্দ

Published: 

14 Jan 2025 | 02:08 PM

ভোগালীৰ আনন্দৰ মাজতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । সূত্ৰৰ খবৰ অনুসৰি, উৰুকাৰ ব্যস্ততাৰ সুযোগ লৈ সৰবৰাহৰ চেষ্টা কৰা ৯ কোটি টকাৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে, কামৰূপ জিলাত অভিযান চলাই হেৰ’ইনসহ চাৰিজন লোককো আটক কৰে আৰক্ষীয়ে । এই নিচাজাতীয় দ্ৰব্য মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল সদৰী কৰিছে সূত্ৰটোৱে ।

জানিব পৰা মতে, মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ এটা পৰিয়ালে হাজো আৰু গোৰেশ্বৰ অঞ্চলৰ ড্ৰাগছ বেপাৰীলৈ নিচাজাতীয় দ্ৰব্য গাড়ীৰে সৰবৰাহ কৰিব বুলি তথ্য লাভ কৰিছিল অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে । এগৰাকী বিষয়াই সদৰী কৰা মতে, এই তথ্য লাভ কৰাৰ পাছতে বিশেষ টাস্ক ফ’ৰ্চে অভিযান আৰম্ভ কৰে ।

গোপন সূত্ৰৰ তথ্য ভিত্তিত আমিনগাঁও অঞ্চলত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত এছটিএফৰ এটা দলে অভিযান আৰম্ভ কৰে । এই অভিযান কালতে এখন গাড়ী আটক কৰে আৰক্ষীয়ে । সূত্ৰই জানিবলৈ দিছে যে, গাড়ীখনত চালাচী চলাই গোপন চেম্বাৰত ৯৪ টা চাবোনৰ বাকচত লুকুৱাই ৰখা ১.১২৮ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে ।

বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, প্ৰথমে গাড়ীখনৰ চালক আৰু সহ-চালকক আটক কৰা হয়। তেওঁলোকৰ জেৰাৰ অন্তত এছটিএফৰ দলটোৱে হাজো আৰু গোৰেশ্বৰৰ পৰা দুজন ড্ৰাগছ বেপাৰীক আটক কৰে। বৰ্তমান তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...