নিশা ঘৰলৈ গৈ থকাৰ সময়ত টানি নিলে অংগনবাড়ী কেন্দ্ৰলৈ! পাছত কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড…
পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ লগত জঘন্য কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে এজনৰ বিৰুদ্ধে। পৰিয়ালে দোষীৰ শাস্তিৰ দাবী জনাইছে।

অভিযুক্ত
পুনৰ ৰাজ্য়ৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰে এজন লোকে। জানিব পৰা মতে হাইলাকান্দি জিলা বিজেপিৰ সম্পাদিকাৰ ভাতৃ অনুপ ৰায় ওৰফে পাপ্পুৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। অনুপে এগৰাকী কিশোৰীৰ সৈতে ধৰ্ষণ কাণ্ড সংঘটিত কৰে। এই ঘটনা সংঘটিত হৈছে হাইলাকান্দিত।
অভিযোগ অনুসৰি, মানুহৰ ঘৰত বনকৰা হিচাপে থাকে এই কিশোৰীগৰাকী। অন্য দিনাৰ দৰে তেওঁ কালি কাম শেষ কৰি ঘৰলৈ যোৱাৰ পথত এই ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি কিশোৰীগৰাকী ঘৰলৈ গৈ থকাৰ সময়ত অনুপ নামৰ লোকজনে বলপূৰ্বকভাৱে কিশোৰীগৰাকীক এটা অংগনবাড়ী কেন্দ্ৰৰ ভিতৰলৈ লৈ যায় আৰু তাতেই ধৰ্ষণ কৰে। নিশা প্ৰায় ১১ মান বজাত কাটলিছেৰা আৰক্ষী চকীৰ অৰ্ন্তগত এখন গাঁৱত এই কাণ্ড সংঘটিত হয়।
এই ঘটনাৰ পাছত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কাটলিছেৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। পাছত আৰক্ষীয়ে কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পাতালত ভৰ্তি কৰাই আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। কিশোৰীগৰাকীৰ ভাষ্য ইতিমধ্যে ৰেকৰ্ড কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে, বৰ্তমান সময়ত পলাতক অৱস্থাত আছে অভিযুক্ত অনুপ ৰায়। পৰিয়ালৰ লগতে স্থানীয় ৰাইজে এই ঘটনাৰ উচিত তদন্ত বিচাৰি দোষীৰ শাস্তিৰ দাবী জনাইছে। নাৰী শক্তি সংস্থাৰ পৰা বহু মহিলা আৰক্ষী থানাত উপস্থিত হৈ ন্যায়ৰ দাবী জনায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গতিকে আৰক্ষীয়ে কেতিয়ালৈকে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পাৰে সেয়া হ’ব লক্ষণীয়। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দর্ভত SIT ৰ আলোচনাত অংশগ্ৰহণ নকৰে আছুই…