আমি ১ টকা দি ২ টকা লোৱা মানুহ, স্পষ্ট বাৰ্তা বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ

অসম কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিপিএফৰ বিধায়ক চৰণ বড়োৱে। ইয়াৰ লগে লগে বিপিএফ আনুষ্ঠানিকভাৱে এন ডি এৰ অংশীদাৰ হ'ল। এইলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।

আমি ১ টকা দি ২ টকা লোৱা মানুহ, স্পষ্ট বাৰ্তা বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ
Updated On: 

18 Oct 2025 | 03:32 PM

১ টকা দি ২ টকা লোৱা মানুহ বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰী ! বৰ্তমান বিটিচিত কিং মেকাৰ হিচাপে গৰিগণিত হোৱা হাগ্ৰামা মহিলাৰীয়ে এই কথা নিজে স্পষ্টকৈ কৈছে। লগতে তেওঁ এই কথাও স্পষ্টকৈ কৈছে, ল’ব জানিলে, দিবও জানিব লাগিব। আজি ১৮ অক্টোবৰ শনিবাৰে ৰাজভৱনত অসম কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিপিএফৰ বিধায়ক চৰণ বড়োৱে। ইয়াৰ লগে লগে বিপিএফ আনুষ্ঠানিকভাৱে এন ডি এৰ অংশীদাৰ হ’ল। এইলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।

সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাগ্ৰামাই প্ৰথমেই স্পষ্ট কৰি দিয়ে যে, বিপিএফ সদায় বিটিচিৰ উন্নয়নৰ স্বাৰ্থত কাম কৰাৰ এটা দল। যদি বিটিচিৰ উন্নয়নৰ বাবে কাম কৰিব লাগে, তেন্তে কোনোবা চৰকাৰৰ লগত থাকি কাম কৰিব লাগিব। বিটিচিৰ উন্নয়নৰ স্বাৰ্থত এন ডি এৰ লগত থকাৰ সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰে হাগ্ৰামাই।

একে সময়তে তেওঁ ২০২৬ ৰ বিধানসভা নিৰ্বাচনকলৈ লৈয়ো মন্তব্য প্ৰকাশ কৰে। তেওঁ কয়, ২৬ৰ নিৰ্বাচনৰ বাবে ডিচেম্বৰৰ পৰা ফিল্ডত নামিব। নৱেম্বৰ মাহটো বিটিচিৰ বাবে কাম কৰিব। উল্লেখ্য যে, ২০২৬ ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। গতিকে বিফিএফৰ এই নতুন মন্ত্ৰীগৰাকীয়ে বেছি সময় কাম কৰিবৰ বাবে নাপায়। মন্ত্ৰী হিচাপে কম সময় লাভ কৰিব চৰণ বড়োৱে।

এই সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয়, “এন ডি এৰ অংশীদাৰ হোৱা বাবে আমাৰ এটা শ্বেয়াৰ থাকিব। গতিকে সেই অনুসৰি তেওঁক মন্ত্ৰিত্ব দিয়া হৈছে।” ইয়াৰ লগতে বিটিচিত বিজেপিৰ দুজন সদস্যক ইএম দিয়াৰ লগতে এজনক ডেপুটি স্পিকাৰ দিয়াৰ কথাও ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে।

“আমি এনেকুৱা মানুহ, বিপিএফ দল এনেকুৱা এটা দল ল’বও জানে দিবও জানে। ল’বও জানিব লাগিব, দিবও জানিব লাগিব। দুজন ইএম দি একো নোলোৱাকৈ থকা মানুহ মই নহয়। চাৰি-পাঁচ মাহৰ বাবে এজনক মন্ত্ৰী দিয়াটো ডাঙৰ ইচ্ছু নহয়। অংশীদাৰ হিচাপে এটা দপ্তৰ থাকিব লাগে কাৰণে দিয়া হৈছে। ২৬ ত দেখা যাব। ২৬ টো অতি গুৰুত্বপূৰ্ণ। আমি এনেকুৱা মানুহ আপোনাক ১ টকা দি ২ টকা লোৱা মানুহ।” স্পষ্টভাৱে এই কথা কয় বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...