সাৱধান ! দুৰ্গাপূজাৰ প্ৰাকক্ষণত ঠিক কৰি লওক বাহনৰ নথি-পত্ৰ…

৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলো শ্ৰেণীৰ যান-বাহনৰ নথি-পত্ৰসমূহ ঠিক কৰি ল'বলৈ আহ্বান জনাইছে পৰিবহন বিভাগে । গুৱাহাটী মহানগৰীত আগন্তুক দুৰ্গোৎসৱ সুকলমে উদযাপন কৰা বাবে আৰক্ষী বিভাগকে ধৰি পৰিবহণ বিভাগে পথ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে ।

সাৱধান ! দুৰ্গাপূজাৰ প্ৰাকক্ষণত ঠিক কৰি লওক বাহনৰ নথি-পত্ৰ...

প্ৰতীকী ফটো

Published: 

29 Sep 2024 21:24 PM

দুৰ্গাপূজাৰ প্ৰাকক্ষণত ৰাজ্যত পথ-সুৰক্ষা নিশ্চিত কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে পৰিবহন বিভাগে । যাৰ পৰিপ্ৰক্ষিতত ৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলো শ্ৰেণীৰ যান-বাহনৰ নথি-পত্ৰসমূহ ঠিক কৰি ল’বলৈ আহ্বান জনাইছে পৰিবহন বিভাগে । গুৱাহাটী মহানগৰীত আগন্তুক দুৰ্গোৎসৱ সুকলমে উদযাপন কৰা বাবে আৰক্ষী বিভাগকে ধৰি পৰিবহণ বিভাগে পথ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে । এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা উল্লেখ কৰিছে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে ।

উল্লেখ্য যে, উৎসৱৰ বতৰত ৰাজ্য বিভিন্ন ঠাইত প্ৰায়ে পথ দুৰ্ঘটনা হোৱা খবৰ পোৱা যায় । গতিকে উৎসৱৰ বতৰত কোনো ধৰণৰ পথ-দুৰ্ঘটনাই যাতে উৎসৱৰ আনন্দক প্ৰভাৱিত কৰিব নোৱাৰে তাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে পৰিবহন বিভাগে । এই সন্দৰ্ভত পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে কয় যে,সকলোৱে যাতে সুৰক্ষিতভাৱে যাতায়াত কৰিব পাৰে তাৰবাবে বিভিন্ন বিভাগসমূহৰ সহযোগত পথ-সুৰক্ষা নিশ্চিত কৰিবলৈ পৰিবহণ বিভাগে প্ৰচেষ্টা চলাইছে ।

তেওঁ লগতে সতৰ্ক কৰি কয় যে, ব্যক্তিগত বাহনকে ধৰি বিশেষকৈ বাণিজ্যিক তথা বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণ সংস্থা আদিত ব্যৱহৃত সঠিক নথি-পত্ৰ নোহোৱা কোনো বাহনে যাতে পথ-সুৰক্ষা বিনষ্ট কৰিব নোৱাৰে তাৰ ওপৰত নজৰ ৰাখিছে পৰিবহন বিভাগে ।

পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী পৰিবহণ বিষয়া গৌতম দাসে আহ্বান জনাই যে, সকলো শ্ৰেণী বাহনৰ গৰাকীয়ে অতি সোনকালে অনলাইনযোগে বাহনৰ নথি-পত্ৰসমূহ ঠিক কৰি লওক । প্ৰয়োজন হ’লে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ আহি হ’লেও নিজৰ বাহনখনৰ যাৱতীয় সকলো নথি-পত্ৰ ঠিক কৰি ল’বলৈ আহ্বান জনাইছে গৌতম দাসে ।

মনে বিচৰা জীৱন সংগী পাবলৈ শিৱক কিদৰে কৰিব পূজা?
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক