সাৱধান ! দুৰ্গাপূজাৰ প্ৰাকক্ষণত ঠিক কৰি লওক বাহনৰ নথি-পত্ৰ…

৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলো শ্ৰেণীৰ যান-বাহনৰ নথি-পত্ৰসমূহ ঠিক কৰি ল'বলৈ আহ্বান জনাইছে পৰিবহন বিভাগে । গুৱাহাটী মহানগৰীত আগন্তুক দুৰ্গোৎসৱ সুকলমে উদযাপন কৰা বাবে আৰক্ষী বিভাগকে ধৰি পৰিবহণ বিভাগে পথ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে ।

সাৱধান ! দুৰ্গাপূজাৰ প্ৰাকক্ষণত ঠিক কৰি লওক বাহনৰ নথি-পত্ৰ...

প্ৰতীকী ফটো

Published: 

29 Sep 2024 | 09:24 PM

দুৰ্গাপূজাৰ প্ৰাকক্ষণত ৰাজ্যত পথ-সুৰক্ষা নিশ্চিত কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে পৰিবহন বিভাগে । যাৰ পৰিপ্ৰক্ষিতত ৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলো শ্ৰেণীৰ যান-বাহনৰ নথি-পত্ৰসমূহ ঠিক কৰি ল’বলৈ আহ্বান জনাইছে পৰিবহন বিভাগে । গুৱাহাটী মহানগৰীত আগন্তুক দুৰ্গোৎসৱ সুকলমে উদযাপন কৰা বাবে আৰক্ষী বিভাগকে ধৰি পৰিবহণ বিভাগে পথ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে । এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা উল্লেখ কৰিছে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে ।

উল্লেখ্য যে, উৎসৱৰ বতৰত ৰাজ্য বিভিন্ন ঠাইত প্ৰায়ে পথ দুৰ্ঘটনা হোৱা খবৰ পোৱা যায় । গতিকে উৎসৱৰ বতৰত কোনো ধৰণৰ পথ-দুৰ্ঘটনাই যাতে উৎসৱৰ আনন্দক প্ৰভাৱিত কৰিব নোৱাৰে তাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে পৰিবহন বিভাগে । এই সন্দৰ্ভত পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে কয় যে,সকলোৱে যাতে সুৰক্ষিতভাৱে যাতায়াত কৰিব পাৰে তাৰবাবে বিভিন্ন বিভাগসমূহৰ সহযোগত পথ-সুৰক্ষা নিশ্চিত কৰিবলৈ পৰিবহণ বিভাগে প্ৰচেষ্টা চলাইছে ।

তেওঁ লগতে সতৰ্ক কৰি কয় যে, ব্যক্তিগত বাহনকে ধৰি বিশেষকৈ বাণিজ্যিক তথা বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণ সংস্থা আদিত ব্যৱহৃত সঠিক নথি-পত্ৰ নোহোৱা কোনো বাহনে যাতে পথ-সুৰক্ষা বিনষ্ট কৰিব নোৱাৰে তাৰ ওপৰত নজৰ ৰাখিছে পৰিবহন বিভাগে ।

পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী পৰিবহণ বিষয়া গৌতম দাসে আহ্বান জনাই যে, সকলো শ্ৰেণী বাহনৰ গৰাকীয়ে অতি সোনকালে অনলাইনযোগে বাহনৰ নথি-পত্ৰসমূহ ঠিক কৰি লওক । প্ৰয়োজন হ’লে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ আহি হ’লেও নিজৰ বাহনখনৰ যাৱতীয় সকলো নথি-পত্ৰ ঠিক কৰি ল’বলৈ আহ্বান জনাইছে গৌতম দাসে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...