আৰক্ষীৰ সন্মুখতে সৰবৰাহ ! গুৱাহাটীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ, তিনিজনক আটক…

গুৱাহাটী মহানগৰ আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ হোৱাৰ খবৰ লাভ কৰা গৈছে। আৰক্ষীৰ সন্মুখতে সৰবৰাহৰ চেষ্টা কৰিছিল তিনি যুৱকে।

আৰক্ষীৰ সন্মুখতে সৰবৰাহ ! গুৱাহাটীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ, তিনিজনক আটক...

গুৱাহাটীত গাঞ্জা জব্দ

Published: 

11 Aug 2025 | 05:04 PM

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডাঙৰ সফলতা গুৱাহাটী আৰক্ষীৰ। গুৱাহাটী মহানগৰ আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ হোৱাৰ খবৰ লাভ কৰা গৈছে। আৰক্ষীৰ সন্মুখতে সৰবৰাহৰ চেষ্টা কৰিছিল তিনি যুৱকে। সোমবাৰে দুপৰীয়া আৰক্ষীয়ে ISBT ক ফটাশিলৰ সৈতে সংযোগ কৰা ৰাজীৱ গান্ধী পথৰ পৰা জব্দ কৰে এই গাঞ্জাখিনি।

জানিব পৰা মতে, ৰাজীৱ গান্ধী পথত নাকা স্থাপন কৰিছিল আৰক্ষীয়ে। সেই সময়তে দুজন বাইক আৰোহীয়ে আন এজন যুৱকক কিছু সামগ্ৰী যোগান ধৰা দেখা যায়। সেই অনুসৰি RCNO-AS13-S-4572 ৰ বাইকখনৰ আৰোহীজনক আটক কৰে আৰক্ষীয়ে। আটক কৰা দলগাঁৱৰ অনোৱাৰ হুছেইন নাম যুৱকজনক তালাচী কৰাৰ পাছত ১১.১ কেজি সন্দেহজনক গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।

জেৰাৰ সময়ত তেওঁক সামগ্ৰীসমূহ ডেলিভাৰী কৰা সহযোগীসকলৰ নাম আৰু চিনাক্তকৰণ কৰা হয় আৰু তেওঁক লগত লৈ পৰিদৰ্শক যুগল কিশোৰ কলিতাই তেওঁৰ সহযোগীসকলকো আটক কৰে। সেই যুৱক কেইজনে দলগাঁৱৰ পৰা গাঞ্জা ডেলিভাৰী কৰিবলৈ আহিছিল আৰু সেই গাঞ্জাখিনি ৰিচিভ কৰিছিল অনোৱাৰে। ঢপলিয়াৰ এটা ভাড়া ঘৰত বাস কৰিছিল অনোৱাৰে।

ইফালে আনোৱাৰৰ লগতে আৰক্ষীয়ে আটক কৰা আন দুজন যুৱক হৈছে, অনাৰুল ইছলাম (২১), তেওঁ ঘৰ চিয়ালমাৰী নেপালী গাওঁ আৰু মুজাহিদুল ইছলাম (২০), তেওঁ ঘৰ কাচুমাৰী নেপালী গাওঁ। নিচাযুক্ত সামগ্ৰী সৰবৰাহত ব্যৱহাৰ হোৱা আনখন বাইকৰ নম্বৰ AS13-T-8176 বাতিল কৰা হয়। সামগ্রীসহ আটক কৰা যুৱক কেইজনক অধিক আইনী ব্যৱস্থাৰ বাবে গঢ়চুক আৰক্ষীক গতাই দিয়া হৈছে৷

উল্লেখ্য যে,আৰক্ষী অধীক্ষক কুলেন্দ্ৰ ডেকাৰ নেতৃত্বত চলিছিল অভিযান। ১৫ আগষ্টৰ পূৰ্বে মহানগৰীৰ বিভিন্ন স্থানত চলিছে অভিযান।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব