চিকিৎসাৰ অজুহাতত লৈ গৈ ককাকে ৫০০০ টকাত বিক্ৰী কৰিছিল নাতিনীয়েকক, ১১ মাহৰ মূৰত উদ্ধাৰ কৰে গুৱাহাটী আৰক্ষীয়ে…

১১ মাহৰ পূৰ্বে ৫ হাজাৰ টকাত বিক্ৰী কৰা এমহীয়া এটি শিশুক উদ্ধাৰ কৰে গুৱাহাটী আৰক্ষীয়ে । ইয়াৰ লগতে এই অপৰাধৰ সৈতে জড়িত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ।

চিকিৎসাৰ অজুহাতত লৈ গৈ ককাকে ৫০০০ টকাত বিক্ৰী কৰিছিল নাতিনীয়েকক, ১১ মাহৰ মূৰত উদ্ধাৰ কৰে গুৱাহাটী আৰক্ষীয়ে...

প্ৰতীকী ফটো

Updated On: 

22 Apr 2025 | 09:07 PM

১১ মাহ পূৰ্বে নিজ ককাকে বিক্ৰী কৰা এমহীয়া এটি শিশুক উদ্ধাৰ কৰে গুৱাহাটী আৰক্ষীয়ে । ইয়াৰ লগতে এই অপৰাধৰ সৈতে জড়িত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে । আৰক্ষীৰ এগৰাকী বিষয়াই সদৰী কৰিছে যে, প্ৰায় ১১ মাহ পূৰ্বে নিজ ককাকে বিক্ৰী কৰা এটি শিশুক উদ্ধাৰ কৰাৰ লগতে এই অপৰাধত জড়িত থকাৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

গুৱাহাটী আৰক্ষীৰ উপ আয়ুক্ত (পূব) মৃণাল ডেকাই সাংবাদিকৰ আগত জনোৱা মতে, ৫ হাজাৰ টকাত শিশুটিক বিক্ৰী আৰু ক্ৰয় কৰাৰ অভিযোগত অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে শিশুটিকো উদ্ধাৰ কৰা হৈছে। তেওঁ লগতে কয় , “গুৱাহাটীৰ গেমছ ভিলেজৰ সমীপৰ এটা অঞ্চলৰ বাসিন্দা শিশুটিৰ মাতৃগৰাকীৰ পৰা কালি আমি অভিযোগ পাইছিলোঁ যে, যোৱা বছৰৰ ৩০ মে’ত তেওঁৰ ককাকে তেওঁৰ স্বামীৰ অনুপস্থিতিত চিকিৎসাৰ অজুহাতত শিশুটিক লৈ গৈছিল।”

আৰক্ষীৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে, শিশুটিক লৈ যোৱা পাছতে মহিলাগৰাকীয়ে গম পায় যে, তেওঁৰ এমহীয়া কন্যা শিশুটিত তেওঁৰ ককাকে কাৰোবাক ৫ হাজাৰ টকাত বিক্ৰী কৰিছিল। তেওঁ লগতে কয়, “সেই অনুসৰি বশিষ্ঠ থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হয়। কামৰূপ জিলাৰ সোণতলী অঞ্চলৰ পৰা আৰক্ষীৰ এটা দলে শিশুটিক উদ্ধাৰ কৰে।”

উল্লেখ্য় যে, আৰক্ষীয়ে সেই গাঁওখনৰ পৰা বিক্ৰী কৰা কন্যা শিশুটিক উদ্ধাৰ কৰাৰ লগতে তেওঁ ককাকক আৰু ক্ৰেতাজনক আটক কৰে। আৰক্ষীয়ে জনোৱা মতে, আটক কৰা লোক কেইজন হৈছে আবেদ আলী (৪৫), তাহেৰ আলী (৪৮) ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...