Assam: গুৱাহাটীৰ ঘৰৰ ভিতৰত উদ্ধাৰ মহিলাৰ নৰ কংকাল, পুত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

Assam: গুৱাহাটীৰ জ্যোতিকুচিত উদ্ধাৰ এটি নৰকংকাল। উদ্ধাৰ হোৱা নৰকংকালটো পূৰ্ণিমা দে' নামৰ এগৰাকী মহিলাৰ বুলি সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি পুত্ৰই হত্যা কৰিছে মহিলাগৰাকীক।

Assam: গুৱাহাটীৰ ঘৰৰ ভিতৰত উদ্ধাৰ মহিলাৰ নৰ কংকাল, পুত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

মহিলাৰ মৃতদেহ উদ্ধাৰ

Published: 

20 Oct 2024 | 07:51 PM

দেওবাৰে সন্ধিয়া গুৱাহাটীৰ জ্যোতিকুচিৰ শৰত সিংহ পথৰ এটা ঘৰৰ ভিতৰত উদ্ধাৰ মহিলাৰ নৰ কংকাল। উদ্ধাৰ হোৱা নৰ কংকালটো পূৰ্ণিমা দে’ নামৰ এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি মহিলাগৰাকীক ওচৰ- চুবুৰীয়াই দেখা নাছিল আৰু মহিলাগৰাকীৰ পুত্ৰইও কাকো ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব দিয়া নাছিল। সন্দেহ হোৱাৰ পাছত স্থানীয় ৰাইজে আত্মীয়ৰ লগতে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

পোহৰলৈ অহা তথ্য অনুসৰি জয়দ্বীপ দে’ নাম যুৱকজন মানসিকভাৱে বিকাৰগ্ৰস্ত। দীৰ্ঘদিন ধৰি জয়দ্বীপে মাতৃৰ লগত সেই ঘৰটোত বাস কৰিছিল আৰু তেওঁৱেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। জানিব পৰা মতে, আৰক্ষীয়ে মৃতদেহটোৰ ওচৰৰ পৰা শিৱৰ ফটো আৰু বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিছে। আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি,  মাতৃক হত্যা কৰি দীৰ্ঘদিন ধৰি জয়দ্বীপ দে’ নামৰ যুৱকজনে মাতৃৰ মৃতদেহৰ সৈতে বাস কৰি আহিছিল। এই ৰহস্যজনক মৃত্যুই এতিয়া সমগ্ৰ অঞ্চল জোকাৰি গৈছে।

উদ্ধাৰ হোৱা মৃতদেহটো সম্পূৰ্ণ উৱলি গৈছে। স্থানীয় ৰাইজে জনোৱা মতে, জয়দ্বীপ দে’ নামৰ যুৱকজন মানসিকভাৱে বিকাৰগ্ৰস্ত। দীৰ্ঘদিন ধৰি এই ঘৰটোত তলা ওলোমোৱা আছিল। জয়দ্বীপে বাহিৰৰ পৰা খাদ্য অৰ্ডাৰ কৰি খাইছিল। স্থানীয় ৰাইজে কেতিয়াবা মাতৃৰ কথা সুধিলে মাতৃৰ বেমাৰ হৈ থকা বুলি কৈছিল আৰু পুত্ৰই ঘৰৰ ভিতৰত কাকো প্ৰৱেশ কৰিব দিয়া নাছিল।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাস্থলীত ফৰেন্সিক দল আৰু ক্ৰাইম ব্ৰান্স উপস্থিত হৈ প্ৰয়োজনীয় তথ্য উদ্ধাৰ কৰে। মহিলাগৰাকীৰ মৃত্যু কেনেকৈ হ’ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ তথ্য। পুত্ৰই জনোৱা অনুসৰি, মাতৃ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল আৰু তেনেকৈয়ে হয়তো মাতৃৰ মৃত্যু হয়। এই ঘটনাৰ সবিশেষ জনোৱাৰ পৰা বিৰত থাকে পুত্ৰ।

এই সমগ্ৰ ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। স্থানীয় ৰাইজৰ মাজতো শংকাই দেখা দিছে। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখি স্থানীয় ৰাইজক সোধা পোচা কৰি আছে। তদন্তৰ অন্ততহে জানিব পৰা যাব কেনেকৈ মহিলাগৰাকীৰ মৃত্যু হ’ল! সঁচাকৈয়ে পুত্ৰই হত্যা কৰিলে নেকি মাতৃক? এই সকলো এতিয়া ৰহস্যৰ আৱৰ্তত।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...