গুৱাহাটীত শিহৰণকাৰী ঘটনা, জনপ্ৰিয় অভিনেত্ৰীৰ বাহনে মহটিয়ালে যুৱকক…

ৰুদ্ৰ ছবিৰ নায়িকা চৰিত্ৰত অভিনয় কৰি অধিক জনপ্ৰিয় হৈ পৰা নন্দিনী কাশ্যপৰ বাহনে এজন লোকক মহটিয়াই নিয়া বুলি জানিবলৈ পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়ে অভিনেত্ৰীগৰাকী ঘটনাস্থলীৰ পলায়ন কৰাৰো অভিযোগ উত্থাপন হৈছে।

গুৱাহাটীত শিহৰণকাৰী ঘটনা, জনপ্ৰিয় অভিনেত্ৰীৰ বাহনে মহটিয়ালে যুৱকক...

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা

Updated On: 

27 Jul 2025 | 01:05 PM

গুৱাহাটীৰ ৰাজপথত সংঘটিত এক ভয়ংকৰ ঘটনা। ৰুদ্ৰ ছবিৰ নায়িকা চৰিত্ৰত অভিনয় কৰি অধিক জনপ্ৰিয় হৈ পৰা নন্দিনী কাশ্যপৰ বাহনে এজন লোকক মহটিয়াই নিয়া বুলি জানিবলৈ পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়ে অভিনেত্ৰীগৰাকী ঘটনাস্থলীৰ পলায়ন কৰাৰো অভিযোগ উত্থাপন হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে ২৫ জুলাই নিশা সংঘটিত এই ঘটনাটো পোহৰলৈ আহিছে।

জানিব পৰা মতে, অসমীয়া অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে নিশা মহটিয়াই নিয়ে এজন যুৱকক। অভিযোগ অনুসৰি,ঘটনা সংঘটিত কৰাৰ পাছতে পলায়ন কৰাৰ চেষ্টা কৰে অভিনেত্ৰীগৰাকীয়ে। পৰৱৰ্তী সময়ত প্ৰত্যক্ষদৰ্শী কেইজনমান যুৱকে অভিনেত্ৰীগৰাকীৰ বাহনখনক অনুসৰণ কৰি কিছু দূৰত্বত গৈ এটা আবাসৰ প্ৰৱেশস্থলীত আগ ভেটি ধৰে আৰু তেওঁক জবাবদিহি কৰে।

ইতিমধ্যে যুৱক কেইজনে নন্দিনী কাশ্যপক ঘটনাৰ সন্দৰ্ভত জবাবদিহি কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ভিডিঅ’ টো অভিনেত্ৰীগৰাকীয়ে যুৱক কেইজনৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হোৱা দেখা গৈছে।

জানিব পৰা মতে, ঘটনাটো সংঘটিত হোৱাৰ নিশাই যুৱকজনক চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয়। যুৱকজনে দুৰ্ঘটনাত পতিত হৈ মূৰত আঘাত পোৱাৰ লগতে সোঁ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। খবৰ অনুসৰি, যুৱকজনৰ নাম ছামিউল হক ।

উল্লেখ্য যে, শেহতীয়াকৈ ৰুদ্ৰ চিনেমাখনত অভিনয়ৰ জৰিয়তে চৰ্চা লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। লগতে এই বৰ্ষৰ ৰাজ্যৰ আগশাৰীৰ থিয়েটাৰ দলৰ সৈতেও চুক্তিবদ্ধ হৈছে নন্দিনী কাশ্যপ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব