গুৱাহাটীৰ ডকাইতি কাণ্ডঃ গ্ৰেপ্তাৰ বৰপেটাৰ জেহেৰুল আৰু ৰাতুল মালিক, পলাতক ৪জন…
গুৱাহাটীৰ গণেশপাৰাত সংঘটিত হোৱা ডকাইতি কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজনক। এতিয়াও পলাতক অৱস্থাত আছে ৪ জন। জানিব পৰা মতে, এই লোকসকল বৰপেটাৰ ভেল্লাৰ বাসিন্দা। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

গ্ৰেপ্তাৰ ২জন
গুৱাহাটীৰ গণেশপাৰাত সংঘটিত হোৱা ডকাইতি কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে বৰপেটাৰ ভেল্লাৰ পৰা ২ জন লোকক গ্ৰেপ্তাৰ কৰে। এতিয়াও ৪ জন লোক পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজন প্ৰত্যক্ষভাৱে এই কাণ্ডত জড়িত আছিল। অভিযুক্ত দুজনৰ নাম জেহেৰুল হক আৰু ৰাতুল মালিক বুলি চিনাক্ত হৈছে। তেওঁলোকৰ উপৰিও আন ৪ জন ব্যক্তি এই অপৰাধ কাণ্ডত জড়িত হৈ আছে। এই কাণ্ডৰ মুঠ অভিযুক্ত ৬ জন বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।
ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে আৰক্ষীয়ে। য’ত কয়, যোৱা নিশা বৰপেটাৰ ভেল্লাৰ পৰা ৪ জন লোক আটক হৈছিল। তেওঁলোকক জেৰা চলোৱাৰ অন্তত পোহৰলৈ আহে যে, ইয়াৰে দুজন ব্যক্তি ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল। পাছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। ঘটনা তেওঁলোকে এটা এয়াৰ গান ব্যৱহাৰ কৰিছিল, যিটো ইতিমধ্যে জব্দ কৰা হৈছে। ইফালে এতিয়াও পলাতক অৱস্থাত আছে ৪ জন লোক।
আৰক্ষীয়ে জনাই যে, তেওঁলোকে প্ৰথমে ঘৰটোত নজৰ ৰাখিছিল, পাছত বগা বাহন এখনেৰে আহি এই কাণ্ড সংঘটিত কৰিছিল। ইয়াৰোপৰি আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ তেওঁলোকে হিন্দী ভাষা ব্যৱহাৰ কৰিছিল। ইয়াৰ আগতেও তেওঁলোকে মহানগৰীত ডকাইতি কাণ্ড সংঘটিত কৰি জেললৈ যাবলগীয়া পৰিস্থিত হৈছিল বুলি জনাই আৰক্ষীয়ে। আৰক্ষীয়ে কয় যে, এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। শীঘ্ৰেই আন ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব। এই কাণ্ডত বহিঃ ৰাজ্যৰ মানুহ, মহানগৰীৰ বাসিন্দা কোনোবা জড়িত আছে নে নাই সকলো তদন্তৰ অন্তত পোহৰলৈ আহিব।
উল্লেখ্য যে, দুদিন পূৰ্বে গুৱাহাটীৰ গণেশপাৰাত সংঘটিত হৈছিল এক ভয়ংকৰ ডকাইতিৰ ঘটনা। ঘৰত প্ৰৱেশ কৰি একাংশ দুৰ্বৃত্তই লুটি লৈ গৈছিল বহু সা-সম্পত্তি। এই কাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। এই কাণ্ড সন্দৰ্ভতে আৰক্ষীয়ে ২১ জানুৱাৰীত ২জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
অন্য খবৰ পঢ়কঃ কোঠাৰ ভিতৰত উদ্ধাৰ মৃতদেহ! গোৱাত অসমীয়া যুৱতীৰ সৈতে কি কৰিলে ৰাছিয়াৰ যুৱকে?