আগতকৈ সুৰক্ষিত গুৱাহাটী ! ২০২৫ চনত অপৰাধমূলক গোচৰ হ্ৰাস, দোষী সাব্যস্তৰ হাৰ বৃদ্ধি…

২০২৫ চনৰ ভিতৰত গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ত মুঠ ৫,৭৮৬ টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৪ চনত ৭,৪১২ টা আৰু ২০২৩ চনত ৯,৩৯৩ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল।

আগতকৈ সুৰক্ষিত গুৱাহাটী ! ২০২৫ চনত অপৰাধমূলক গোচৰ হ্ৰাস, দোষী সাব্যস্তৰ হাৰ বৃদ্ধি...
Published: 

02 Jan 2026 16:38 PM

অপাৰধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইতিবাচক ফলাফল লাভ কৰিছে গুৱাহাটী আৰক্ষীয়ে। ২০২৫ চনত অপৰাধ নিয়ন্ত্ৰণ আৰু তদন্তৰ ক্ষেত্ৰত গুৱাহাটী আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰে তথ্য সামৰি আজি এক সংবাদমেল সম্বোধন কৰে আৰক্ষীৰ বিষয়াসকলে। এই সংবাদমেলতে তেওঁলোকে ইতিবাচক ফলাফল লাভ কৰা বুলি দাবী কৰে।

২০২৫ চনৰ ভিতৰত গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ত মুঠ ৫,৭৮৬ টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৪ চনত ৭,৪১২ টা আৰু ২০২৩ চনত ৯,৩৯৩ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল। বছৰৰ শেষলৈকে মুঠ ২,৮৮২ টা গোচৰ বিচাৰাধীন হৈ আছে। ২০২১ চনৰ আৰম্ভণিৰ পৰা যেতিয়া ৩৫,৩৯৬টা গোচৰ বিচাৰাধীন আছিল, তেতিয়াৰ পৰা বিচাৰধীন গোচৰৰ সংখ্যা ২,৮৮২ লৈ হ্ৰাস পাইছে। যোৱা চাৰি বছৰত নিষ্পত্তি হোৱা গোচৰৰ সংখ্যা হৈছে ৩২,০০০ৰো অধিক।

ইফালে, যোৱা বৰ্ষত চাৰ্জশ্বীটৰ শতকৰা হাৰ ৬৮.৩৪% লৈ বৃদ্ধি পাইছে, যিটো ২০২৪ চনত ৪২.৫৬% আৰু ২০২৩ চনত ১৯.১৩% আছিল। ভাৰতীয় দণ্ডবিধিৰ অধীনত দোষী সাব্যস্ত হোৱাৰ হাৰ ২০২১ চনত ৪%ৰ পৰা ২০২৫ চনত ২৮.৫%লৈ বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে, নতুন অপৰাধমূলক আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ স্থান প্ৰথম।

ক্ৰাইম এগেনষ্ট প্ৰপাৰ্টি অধীনত ১৮৫৪টা গোচৰ ৰুজু হৈছে, যিটো ২০২৩ চনত ৩৭৫২টা আৰু ২০২৪ চনত ২৮০৪টা গোচৰৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। চুৰি সামগ্ৰী উদ্ধাৰৰ সংখ্যাও বৃদ্ধি পাইছে। ২০২৫ চনত ক্ৰাইম এগেনষ্ট প্ৰপাৰ্টিৰ অধীনত মুঠ ২১১৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

এইবাৰ ৫৫৩টা বাহন চুৰিৰ গোচৰ ৰুজু হৈছে, যিটো ২০২৪ চনত ১১১৮টা আৰু ২০২৩ চনত ১০৩২টাতকৈ যথেষ্ট কম। ২০২৫ চনত ২৩৯জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ২৬৭ খন বাহন উদ্ধাৰ কৰা হৈছে। ২০২৪ চনত ৩৪.৮% আৰু ২০২৩ চনত ১৮.৯৯% হোৱাৰ বিপৰীতে ২০২৫ চনত ৰিকভাৰি শতকৰা হাৰ আছিল ৪৮.২%।

এইবাৰ ২০৩টা মোবাইল চুৰিৰ গোচৰত ২০৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১১৫৯টা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে। মহানগৰীত ড্ৰাগছৰ বিপদ হ্ৰাস কৰাৰ বাবে গুৱাহাটী আৰক্ষীয়ে নিৰন্তৰ কাম কৰি আছে। এইবাৰ এন ডি পি এছৰ ৪০৬টা গোচৰ পঞ্জীয়ন হোৱাৰ লগতে ৫৫৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই বছৰ হেৰ’ইন – ১১.৯১৯ কেজি, গাঞ্জা – ৫২৯,৩০১ কেজি, চাইকোট্ৰপিক চিৰাপ – ৯,৮৬৫ টা আৰু চাইকোট্ৰপিক পদাৰ্থৰ টেবলেট – ৩৪,৯১৮ টা উদ্ধাৰ কৰা হৈছে। ইয়াৰ মুঠ বজাৰ মূল্য ২৮,৮৬,৭৭,২৫০ টকা।

একেদৰে পানবজাৰৰ চাইবাৰ পুলিচ ষ্টেচনে চাইবাৰ জালিয়াতিৰ পৰা ৬,২৮,৫৬,৪৫১ টকা উদ্ধাৰ কৰি ভুক্তভোগীৰ একাউণ্টলৈ স্থানান্তৰ কৰে। ২০২৫ চনত ১৮টা গোচৰ পঞ্জীয়ন কৰা হৈছিল। ১৭৮৪টা অনুসন্ধান চলাইছিল আৰু অনলাইন অপৰাধ ৰোধৰ বাবে নিয়মীয়াকৈ জনসচেতনতা কাৰ্যসূচী গ্ৰহণ কৰিছিল।

২০২৫ চনত ১০২৬টা দুৰ্ঘটনা গোচৰ পঞ্জীয়ন কৰা হৈছিল, যিটো পূৰ্ব বৰ্ষৰ ১২১৮টা দুৰ্ঘটনা গোচৰৰ তুলনাত হ্ৰাস পাইছে। মন কৰিবলগীয়া যে,  ২০২৫ চনৰ ৩১ ডিচেম্বৰত কোনো দুৰ্ঘটনাৰ গোচৰ ৰুজু হোৱা নাই বুলি দাবী কৰিছে গুৱাহাটী আৰক্ষীয়ে। যান-বাহন আইন উলংঘা কৰাৰ বাবে ২০২৫ চনত মুঠ ৫০,২১,৫৭,০০০ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে।

উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি ? ষ্ট্ৰোকৰ পূৰ্বে দেখা দিয়া ৫ টা লক্ষণ...
পালেঙৰ এনে গুণৰ কথা জানেনে? জানিলে বজাৰত দেখিলেই পালেং ক্ৰয় কৰিব আপুনি
আপোনাৰ চুগাৰ আছে নেকি ? এই ৪ টা কথা সদায় মনত ৰাখক
শীতকালত নিয়মিত খাওক মাত্ৰ এই ৫টা ফল, আপোনাৰ লিভাৰ হৈ থাকিব সুস্থ
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?