কেন্দ্ৰ আৰু অসম চৰকাৰক সমালোচনা কৰি অপৰাধ শাখাৰ ৰোষত সাংবাদিক অভিসাৰ শৰ্মা

চৰকাৰ বিৰোধী ভিডিঅ’ৰ অভিযোগত গুৱাহাটীত সাংবাদিক অভিসৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ। গুৱাহাটী ক্ৰাইম ব্ৰান্সত গোচৰ ৰুজু অভিসাৰ শৰ্মাৰ বিৰুদ্ধে। কিন্তু জানো আহক কিহৰ বাবে হৈছে গোচৰ ৰুজু হৈছে...

কেন্দ্ৰ আৰু অসম চৰকাৰক সমালোচনা কৰি অপৰাধ শাখাৰ ৰোষত সাংবাদিক অভিসাৰ শৰ্মা

Abhisar Sharma

Updated On: 

22 Aug 2025 | 11:31 AM

গুৱাহাটী ক্ৰাইম ব্ৰান্সত সাংবাদিক তথা ইউটিউবাৰ অভিসৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। অসম আৰু কেন্দ্ৰীয় চৰকাৰক উপহাস কৰি ভিডিঅ’ আপলোড কৰাৰ অভিযোগৰ পিছতে এই গোচৰ ৰুজু হৈছে।

ভাৰতীয় ন্যায় সংহিতা ২০২৩ (BNS)ৰ ১৫২ (দেশদ্ৰোহ) ১৯৬, আৰু ১৯৭ ধাৰাত দাখিল কৰা হৈছে এই গোচৰ। সাংবাদিক গৰাকীৰ বিৰুদ্ধে গণেশগুৰিৰ নয়নপুৰৰ ২৩ বছৰীয়া আলোক বৰুৱা নামৰ এজন যুৱকে তৰিছিল গোচৰ।

অভিসাৰ শৰ্মাই ভিডিঅ’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। য’ত ৰাম ৰাজ্য সন্দৰ্ভতো সাংবাদিকজনে কৰিছিল মন্তব্য। ৰাম ৰাজ্যৰ নীতিক উপহাস কৰি চৰকাৰ “কেৱল হিন্দু-মুছলমান মেৰুকৰণৰ ওপৰত জীয়াই থাকে” বুলি অভিযোগ উত্থাপন কৰে।

অভিযোগকাৰীয়ে কয়, ইয়াৰ ফলত জনসাধাৰণৰ শান্তি আৰু সম্প্ৰীতি বিঘ্নিত হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...