কেন্দ্ৰ আৰু অসম চৰকাৰক সমালোচনা কৰি অপৰাধ শাখাৰ ৰোষত সাংবাদিক অভিসাৰ শৰ্মা

চৰকাৰ বিৰোধী ভিডিঅ’ৰ অভিযোগত গুৱাহাটীত সাংবাদিক অভিসৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ। গুৱাহাটী ক্ৰাইম ব্ৰান্সত গোচৰ ৰুজু অভিসাৰ শৰ্মাৰ বিৰুদ্ধে। কিন্তু জানো আহক কিহৰ বাবে হৈছে গোচৰ ৰুজু হৈছে...

কেন্দ্ৰ আৰু অসম চৰকাৰক সমালোচনা কৰি অপৰাধ শাখাৰ ৰোষত সাংবাদিক অভিসাৰ শৰ্মা

Abhisar Sharma

Updated On: 

22 Aug 2025 11:31 AM

গুৱাহাটী ক্ৰাইম ব্ৰান্সত সাংবাদিক তথা ইউটিউবাৰ অভিসৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। অসম আৰু কেন্দ্ৰীয় চৰকাৰক উপহাস কৰি ভিডিঅ’ আপলোড কৰাৰ অভিযোগৰ পিছতে এই গোচৰ ৰুজু হৈছে।

ভাৰতীয় ন্যায় সংহিতা ২০২৩ (BNS)ৰ ১৫২ (দেশদ্ৰোহ) ১৯৬, আৰু ১৯৭ ধাৰাত দাখিল কৰা হৈছে এই গোচৰ। সাংবাদিক গৰাকীৰ বিৰুদ্ধে গণেশগুৰিৰ নয়নপুৰৰ ২৩ বছৰীয়া আলোক বৰুৱা নামৰ এজন যুৱকে তৰিছিল গোচৰ।

অভিসাৰ শৰ্মাই ভিডিঅ’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। য’ত ৰাম ৰাজ্য সন্দৰ্ভতো সাংবাদিকজনে কৰিছিল মন্তব্য। ৰাম ৰাজ্যৰ নীতিক উপহাস কৰি চৰকাৰ “কেৱল হিন্দু-মুছলমান মেৰুকৰণৰ ওপৰত জীয়াই থাকে” বুলি অভিযোগ উত্থাপন কৰে।

অভিযোগকাৰীয়ে কয়, ইয়াৰ ফলত জনসাধাৰণৰ শান্তি আৰু সম্প্ৰীতি বিঘ্নিত হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে।

পুৰুষৰ বাবে টাইট জিন্স হ’ব পাৰে বহু সমস্যাৰ কাৰণ, হ’ব পাৰে যৌন সমস্যাও! জানি লওক এতিয়াই
উশাহত কষ্ট, কাহ বা বুকুৰ বিষ নহয় ! গোপনে দেখা দিয়া হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৩ টা লক্ষণ জানক
লিভাৰ চিৰ’ছিছ কেনেকৈ চিনিব? আগতীয়াকৈ দেখা দিয়া লক্ষণবোৰ জানক
যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...