নিৰ্বাচনৰ প্ৰতি অনিহাঃ এইবাৰ নাম প্ৰত্যাহাৰ ড০ গোবিন্দ প্ৰসাদ শৰ্মাৰ

অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী তালিকাৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে ড০ গোবিন্দ প্ৰসাদ শৰ্মাই। এক ফেচবুক পোষ্ট যোগে বিশিষ্ট সাহিত্যিকগৰাকীয়ে সভাপতি পদৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ প্ৰতি অনীহা প্ৰকাশ কৰি প্ৰাৰ্থী তালিকাৰ পৰা নাম প্ৰত্যাহাৰ কৰা বুলি সদৰী কৰিছে।

নিৰ্বাচনৰ প্ৰতি অনিহাঃ এইবাৰ নাম প্ৰত্যাহাৰ ড০ গোবিন্দ প্ৰসাদ শৰ্মাৰ

ড০ গোবিন্দ প্ৰসাদ শৰ্মা

Updated On: 

14 Nov 2024 22:33 PM

গৰিমাই লগ এৰিল অসম সাহিত্য সভাৰ। ইটোৰ পিছত সিটোকৈ বিতৰ্কৰ চেঁপাত সাহিত্য সভাৰ ভিতৰে বাহিৰে এতিয়া নাজল-নাথল অৱস্থা। এতিয়া বিতৰ্কৰেই যেন সহচৰ হৈ পৰিছে অসম সাহিত্য সভা। বহুকেইগৰাকী মনীষী অসমীয়াৰ আশিষধন্য সাহিত্য সভাই এতিয়া ভুগিছে অস্তিত্বৰ সংকটত। যোৱা কিছুদিন ধৰি সাহিত্য সভাৰ সভাপতি পদক লৈ আন এক বিতৰ্কৰ সৈতে জড়িত হৈছিল সাহিত্য সভা। এনে বিতৰ্কৰ পিছত শেহতীয়াকৈ সভাপতি পদৰ বাবে এখন নতুন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছিল।

সাহিত্য সভাৰ সভাপতি পদৰ বাবে এই প্ৰাৰ্থী তালিকাত বসন্ত কুমাৰ গোস্বামী, ড০ গোবিন্দ প্ৰসাদ শৰ্মা, উপেন ৰাভা হাকাচাম, অনুৰাধা শৰ্মা পূজাৰী আৰু ড০ ভীমকান্ত বৰুৱাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু সভাপতি পদৰ বাবে হোৱা নিৰ্বাচন ব্যৱস্থাই পুনৰ সাহিত্য সভাক পেলাইছে সমস্যাত। নিৰ্বাচনী ব্যৱস্থাৰ প্ৰতি অনীহা প্ৰকাশ কৰি ইতিমধ্যেই সভাপতি পদৰ প্ৰাৰ্থী তালিকাৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল অনুৰাধা শৰ্মা পূজাৰীয়ে।

তেওঁৰ পূৰ্বে ড০ ভীমকান্ত বৰুৱায়ো সাহিত্য সভাৰ সভাপতি হিচাপে দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিছিল। এইবাৰ এই তালিকাৰ পৰা আঁতৰি আহিছে আন এগৰাকী প্ৰাৰ্থী ড০ গোবিন্দ প্ৰসাদ শৰ্মাও। এক ফেচবুক পোষ্ট যোগে বিশিষ্ট সাহিত্যিকগৰাকীয়ে সভাপতি পদৰ প্ৰাৰ্থী তালিকাৰ পৰা নাম প্ৰত্যাহাৰ কৰা বুলি সদৰী কৰিছে। সভাপতি পদৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ প্ৰতি অনীহা প্ৰকাশ কৰিয়েও তেওঁ নিজৰ নাম উঠাই লোৱা বুলি উল্লেখ কৰে।

তেওঁ লিখিছে, “অসম সাহিত্য সভাৰ সভাপতি হ’বলৈহে মই সন্মতি দিছিলো। নিৰ্বাচন খেলিবলৈ নহয়। নিৰ্বাচন খেলি মই সভাপতি হ’ব নোখোজো। গতিকে পেনেলতো মই সোমাব নোখোজো। মই মোৰ নাম উঠাই ল’লো।” ড০ গোবিন্দ প্ৰসাদ শৰ্মাই নাম প্ৰত্যাহাৰ কৰাৰ পিছত এতিয়া সভাপতি পদৰ প্ৰাৰ্থী তালিকাত কেৱল বসন্ত কুমাৰ গোস্বামী আৰু উপেন ৰাভা হাকাচামৰ নামহে বাকী ৰৈছে।

ইতিপূৰ্বে আন এগৰাকী বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়েও নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অনিচ্ছা প্ৰকাশ কৰিয়েই প্ৰাৰ্থী তালিকাৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল। তেওঁ লগতে নিৰ্বাচনী ব্যৱস্থাৰ পৰিৱৰ্তে সাহিত্য সভাৰ সভাপতিগৰাকীক মনোনীত কৰাৰ ক্ষেত্ৰতহে সমৰ্থন প্ৰকাশ কৰে। সভাপতি নিৰ্বাচনৰ এই প্ৰক্ৰিয়াটো সলনি কৰিব লাগে বুলিও তেওঁ মত প্ৰকাশ কৰে।

Sawan 2025: শাওনৰ প্ৰথম সোমবাৰে এই মন্ত্ৰৰে কৰক শিৱক আৰাধনা, পূৰণ হ’ব সকলো ইচ্ছা!
ভগৱান শিৱৰ প্ৰিয় এই ৪ ৰাশিৰ লোক, সদায় লগত থাকে...
শাওনৰ প্ৰথম সোমবাৰে শিৱলিংগত অৰ্পণ কৰক এই ৭টা বস্তু, পূৰণ হ'ব সকলো মনোকামনা
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?