গোৱালপাৰাত জঘন্য কাণ্ডঃ ১৩ বছৰীয়া কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ ৭৫ বছৰীয়া সুশীল নাথ…

গোৱালপাৰাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত দুটাকৈ কিশোৰীৰ লগত ধৰ্ষণৰ ঘটনা সংঘটিত হয়। ইয়াৰে এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আন এজন এতিয়াও পলাতক অৱস্থাত আছে।

গোৱালপাৰাত জঘন্য কাণ্ডঃ ১৩ বছৰীয়া কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ ৭৫ বছৰীয়া সুশীল নাথ...

নাৰীৰ বিৰুদ্ধে অপৰাধ

Published: 

25 Aug 2024 17:45 PM

ধিং কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পোহৰলৈ আহিছে আন এক ধৰ্ষণৰ ঘটনা। গোৱালাপাৰত সংঘটিত হৈছে দুই কিশোৰীৰ লগত জঘন্য কাণ্ড। জানিব পৰা মতে গোৱালপাৰাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত দুটাকৈ কিশোৰীৰ লগত ধৰ্ষণৰ ঘটনা সংঘটিত হয়। ইয়াৰে এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আন এজন এতিয়াও পলাতক অৱস্থাত আছে। ইয়াৰে এটা ঘটনা এসপ্তাহ পূৰ্বে হৈছিল যদিও কিশোৰীগৰাকীয়ে ভয়তে এই কাণ্ডৰ বিষয়ে কাকো অৱগত কৰা নাছিল। কিন্তু দেওবাৰে পুৱা ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীয়ে পৰিয়ালৰলোকক সবিশেষ জনায়।

তথ্য অনুসৰি জানিব পৰা মতে প্ৰায় এসপ্তাহ পূৰ্বে সুশীল নাথ নামৰ ৭৫ বছৰীয়ালোকজনে এগৰাকী ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলায়। ইমান দিনে কিশোৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত কাকো অৱগত কৰা নাছিল যদিও আজি পৰিয়ালৰলোকৰ আগত সকলো কথা খুলি কয়। তাৰ পাছতেই পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৭৫ বছৰীয়া সুশীল নাথক।

আনহাতে মৰনৈ থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা আন এটা ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি ৫৫ বছৰীয়া ছিত্ৰ ৰয়ে এগৰাকী কিশোৰীৰ লগত ৫ মাহ মান পূৰ্বে ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল। ছিত্ৰ ৰয় বৰ্তমান পলাতক অৱস্থাত আছে আৰু তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে, ধিং কাণ্ডৰ পাছতেই ৰাজ্যত এটাৰ পাছত আন এটা ধৰ্ষণ কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। ধিং কাণ্ডৰ এজন অভিযুক্তৰ ইতিমধ্যে মৃত্যু হৈছে যদিও আন দুজনক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ধিঙৰ এই ধৰ্ষণ কাণ্ডৰ পিছতেই সৰৱ হৈ পৰিছে বিভিন্ন দল- সংগঠন। কেইবাটাও সংগঠনে উজনিৰ পৰা মিঞা খেদা অভিযান আৰম্ভ কৰিছে। আৰক্ষী তথা প্ৰশাসনেও এই ধৰণৰ অপকৰ্ম ৰোধ কৰাৰ বাৰে বাৰে চেষ্টা চলাই আছে যদিও বিফল হৈছে।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey