ডিব্ৰুগড়ত পাশৱিক কাণ্ড, অপকৰ্ম সংঘটিত কৰি যুৱতীক নৈত পেলাই দিলে প্ৰেমিকে!

ডিব্ৰুগড় লাহোৱালত যুৱতীক ধৰ্ষণ কৰি হত্যা পাষণ্ড যুৱকৰ। উলংগ অৱস্থাত চেঁচা নৈত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ। স্থানীয় ৰাইজে নদীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো।বকুল মাজগাঁও চাপৰি লাইনত সংঘটিত হৈছে এই ঘটনা।

ডিব্ৰুগড়ত পাশৱিক কাণ্ড, অপকৰ্ম সংঘটিত কৰি যুৱতীক নৈত পেলাই দিলে প্ৰেমিকে!

প্ৰেমিকাক অপকৰ্ম কৰি প্ৰাণ ল’লে প্ৰেমিকে!

Updated On: 

16 Jan 2025 15:59 PM

ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। পুনৰ পাশৱিক নিৰ্যাতন বলি  যুৱতী। কেৱল অপকৰ্ম কৰাই নহয়, হত্যা কৰি উলংগ অৱস্থাত যুৱতীগৰাকীক পেলাই দিলে নৈত।  অভিযোগ অনুসৰি প্ৰেমিকৰ কামনাৰ বলি হ’ল ২২ বছৰীয়া যুৱতীগৰাকী। যি ঘটনাই এতিয়া জোকাৰিছে ৰাজ্য।

এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত। ডিব্ৰুগড় লাহোৱালত যুৱতীক ধৰ্ষণ কৰি হত্যা পাষণ্ড যুৱকৰ। উলংগ অৱস্থাত চেঁচা নৈত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ। স্থানীয় ৰাইজে নদীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো।বকুল মাজগাঁও চাপৰি লাইনত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে তিনিদিন ধৰি সন্ধানহীন হৈ আছিল যুৱতীগৰাকী। ৯ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা যুৱতীগৰাকী মৃতদেহ উদ্ধাৰ হৈছিল ১৩ জানুৱাৰীত।

বকুল মাজগাঁও চাপৰি লাইনত সংঘটিত হৈছে এই ঘটনা। স্থানীয় ৰাইজে নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে যুৱতীগৰাকীক মৃতদেহ। যুৱতীগৰাকীৰ সৰ্বশৰীৰত আছিল  স্পষ্ট আঘাতৰ চিন। এই ঘটনাক লৈ লাহোৱালত ৰাইজে সাব্যস্ত কৰি তীব্ৰ প্ৰতিবাদ। ডিব্ৰুগড়ৰ লাহোৱাল থানাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। যুৱতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি থানা ঘেৰাও ক্ষুব্ধ ৰাইজৰ। অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি কঠোৰতম শাস্তি দিয়াৰ দাবী ৰাইজৰ। অভিযুক্ত পলাতক হত্যাকাৰী বৰুণ মূড়াক গ্ৰেপ্তাৰৰ দাবী উত্তাল হৈছে লাহোৱালৰ ৰাজপথ।

ইফালে বৰুণ মূড়া নামৰ এজন যুৱকৰ বিৰুদ্ধে এই জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। বৰুণ মূড়া ২২ বছৰীয়া যুৱতীগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰাৰ লগতে হত্যা কৰি চেঁচা নদীত পেলাই দিয়া অভিযোগ। জানিব পৰা অনুসৰি যুৱতীগৰাকীৰ সৈতে  ঘাতক বৰুণ মূড়াৰ আছিল প্ৰেম সম্পৰ্ক। ঘটনা সংঘটিত কৰি পলায়ন কৰে  বৰুণ মূড়াই। ঘটনা উচিত তদন্ত বিচাৰি লাহোৱাল থানা ঘেৰাও কৰিছে স্থানীয় লোকে।

ইয়াৰ পাছতে আৰক্ষীয়ে ঘটনাক লৈ তদন্ত আৰম্ভ কৰে। ইতিমধ্যে ঘটনাৰ মূল অভিযুক্ত বৰুণ মূড়াক আটক কৰিছে আৰক্ষীয়ে। লাহোৱালৰ টিমনা চাহ বাগিচাত লুকাই থকা অৱস্থাত বৰুণ মূড়াক গ্ৰেপ্তাৰ লাহোৱাল আৰক্ষীৰ।

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?
থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!