হত্যাকাণ্ড নে চৰমপন্থা? গুৱাহাটীত কিশোৰী-যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য…

অভিযোগ অনুসৰি মংগলবাৰৰ পৰা সন্ধানহীন হৈ আছিল জুহি দাসৰ নাম ছাত্ৰীগৰাকী। হীৰক দাসৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ তুলিছিল জুহি দাসৰ পৰিয়ালে। হীৰকৰ সৈতে জুহি ওলাই যোৱাৰ দৃশ্য বন্দী হৈছিল CCTVত। দুদিন পিছত ব্ৰহ্মপুত্ৰৰ পানী যুঁৱলিত উদ্ধাৰ হ’ল জুহি দাসৰ মৃতদেহ। 

হত্যাকাণ্ড নে চৰমপন্থা? গুৱাহাটীত কিশোৰী-যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য...

গুৱাহাটীত ব্ৰহ্মপুত্ৰত যুৱক-যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Updated On: 

27 Dec 2024 | 04:05 PM

অপৰাধৰ ৰম্যবভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী!বৃহস্পতিবাৰে গুৱাহাটীৰ মাজমজিয়াত এগৰাকী যুৱতীক হত্যা কৰাৰ ঘটনাৰ এদিন পিছতেই আজি পুনৰ গুৱাহাটীত উদ্ধাৰ হৈছে দুটা মৃতদেহ। মহানগৰীত ব্ৰহ্মপুত্ৰত উদ্ধাৰ কৰা হৈছে সন্ধানহীন কিশোৰী আৰু যুৱকৰ মৃতদেহ। মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল দুয়ো। ব্ৰহ্মপুত্ৰৰ গাওঁবুঢ়া পাৰা ঘাটত উদ্ধাৰ হোৱা দুই মৃতদেহ ইতিমধ্যে চিনাক্ত কৰা হৈছে।

অভিযোগ অনুসৰি মংগলবাৰৰ পৰা সন্ধানহীন হৈ আছিল জুহি দাসৰ নাম ছাত্ৰীগৰাকী। হীৰক দাসৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ তুলিছিল জুহি দাসৰ পৰিয়ালে। হীৰকৰ সৈতে জুহি ওলাই যোৱাৰ দৃশ্য বন্দী হৈছিল CCTVত। দুদিন পিছত ব্ৰহ্মপুত্ৰৰ পানী যুঁৱলিত উদ্ধাৰ হ’ল জুহি দাসৰ মৃতদেহ।

 পুৱতি নিশা তেওঁক হীৰকজ্যোতি দাসে লৈ যোৱাৰ দৃশ্য বন্দী হৈছিল CCTVত। ইয়াৰ পিছতে আৰক্ষীক কিশোৰী জুহি দাসক অপহৰণ কৰাৰ অভিযোগ দাখিল কৰিছিল পৰিয়ালৰ লোকে। কিন্তু তাৰ পাছতো আৰক্ষীয়ে বিষয়টোক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ছাত্ৰীৰ আজি  ব্ৰহ্মপুত্ৰৰ পানী যুঁৱলিত উদ্ধাৰ হ’ল মৃতদেহ। জুহিক অপহৰণ কৰাৰ অভিযোগ উঠা হীৰকজ্যোতিৰ মৃতদেহো একেলগে উদ্ধাৰ হয়। একে স্থানতে উদ্ধাৰ হ’ল দুয়োৰে মৃতদেহ।

জানিব পৰা মতে এখন বিদ্যালয়ৰ গাড়ীচালক হিচাপে কৰ্মৰত আছিল হীৰকজ্যোতি দাস। হীৰকজ্যোতিৰ ভেনত বিদ্যালয়লৈ অহাযোৱা কৰিছিল জুহিয়ে।গুৱাহাটীৰ গাৰিগাঁৱৰ নিৱাসী হীৰকজ্যোতি দাস আৰু জুহি দাসৰ। হীৰকজ্যোতি দাস এগৰাকী বিবাহিত যুৱক হোৱা লগতে জুহি দাস অষ্টম শ্ৰেণীৰ ছাত্ৰী।

এই ঘটনাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। হীৰকজ্যোতিয়ে জুহি অপহৰণ কৰা বুলি সন্দেহ কৰা হৈছিল যদিও, এতিয়া দুয়োৰে মৃতদেহ একে স্থানতে উদ্ধাৰ হোৱাৰ পাছত ঘটনাই লৈছে নতুন মোৰ। এয়া হত্যাকাণ্ড নে চৰমপন্থা? আৰক্ষীৰ তদন্তৰ অন্ততহে সত্যতা পোহৰলৈ আহিব।

ইফালে গুৱাহাটীৰ হেঙেৰাবাৰীৰ চৰকাৰী আৱাস গৃহত উদ্ধাৰ হৈছে এটি মৃতদেহ। জানিব পৰা মতে হেঙেৰাবাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰকাৰী আৱাসত উদ্ধাৰ হৈছে মৃতদেহটো। ইতিমধ্যে এই মৃতদেহটো দ্বীজেন দাসৰ বুলি চিনাক্ত কৰা হৈছে। এই মৃতদেহ উদ্ধাৰৰ পাছতে অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে চাঞ্চল্যৰ।

লগতে পঢ়ক: চৰমপন্থাৰ অপচেষ্টাৰ পূৰ্বে হাতৰ তলুৱাত কি লিখিছিল ঘাতক ভূপেনে? মৌচুমী হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব