সাংসদ পত্নীৰ ISI ৰ সৈতে সম্পৰ্ক, ১২ বছৰে লোৱা নাই ভাৰতীয় নাগৰিকত্বঃ হিমন্ত বিশ্বৰ ডাঙৰ অভিযোগ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৰা এক মন্তব্যৰ পাছতে ৰাজনীতিত পুনৰ বিতৰ্কৰ সূূচনা হৈছে। শৰ্মাই এগৰাকী সাংসদৰ পত্নীৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰেই উত্তৰ দিবলৈ কয়।

সাংসদ পত্নীৰ ISI ৰ সৈতে সম্পৰ্ক, ১২ বছৰে লোৱা নাই ভাৰতীয় নাগৰিকত্বঃ হিমন্ত বিশ্বৰ ডাঙৰ অভিযোগ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈ

Updated On: 

12 Feb 2025 20:09 PM

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ এক মন্তব্যই দেশৰ ৰাজনীতিত পুনৰ এক বিতৰ্কৰ সূচনা কৰিছে। শৰ্মাই কয় যে, জৰ্জ ছ’ৰ’ছ ইক’চিষ্টেমৰ নেতৃত্বত বিদেশী শক্তিয়ে ২০১৪ চনত অসম কংগ্ৰেছত এক ডাঙৰ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল। এক্সৰ জৰিয়তে প্ৰদান কৰা শৰ্মাৰ এই মন্তব্যই ভাৰতীয় ৰাজনীতিত বিদেশী হস্তক্ষেপ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভাবুকি সন্দৰ্ভত সামাজিক মাধ্যমত পুনৰ নতুন বিতৰ্কৰ সূচনা কৰিছে।

শৰ্মাই সামাজিক মাধ্যমত লিখে যে- “কিছুমান গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। আই এছ আইৰ সৈতে সম্পৰ্কৰ অভিযোগ, ব্রেইনৱাছ কৰি যুৱক-যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱা তথা ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল’বলৈ অস্বীকাৰ কৰাৰ সন্দৰ্ভত উঠা প্রশ্নসমূহৰ উত্তৰ দিব লাগিব। তদুপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধর্মান্তৰকৰণ জোঁটত অংশগ্ৰহণ আৰু জৰ্জ ছৰছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূর্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি। কিছু ক্ষেত্রত দায়বদ্ধতাৰ প্ৰয়োজন হয়। কেৱল দায়িত্বচ্যুত কৰি বা বেলেগ দিশলৈ মনোযোগ স্থানান্তৰ কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব। আজি দেশে লুকঢাক নোহোৱাকৈ প্ৰকৃত সত্যক জানিবলৈ বিচাৰে”।

লগতে তেওঁ লিখিছে- “সোনকালে হওক বা পলমকৈ হওক—জৰ্জ ছৰছৰ পৰিস্থিতিতন্ত্ৰৰ নেতৃত্বত কেনেদৰে বৈদেশিক শক্তিয়ে ২০১৪ চনত অসম কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল, সেই কথা জানিবলৈ পোৱা যাব। আশা ৰাখিছোঁ, যথা সময়ত সত্য নিশ্চিতভাৱে পোহৰলৈ আহিব”।

ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় বিদেশ সেৱাৰ বিষয়া আৰু সাংসদসকলৰ বিদেশী বিবাহ নিয়ন্ত্ৰণৰ নিয়মৰ বৈষম্যক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। এক্সত পোষ্ট কৰি শৰ্মাই লিখিছিল যে, যেতিয়া আই এফ এছৰ বিষয়াসকলে বিদেশী নাগৰিকক বিয়া কৰাবলৈ চৰকাৰৰ অনুমতি গ্ৰহণ কৰিব লাগে আৰু বিয়াৰ প্ৰায় ৬ মাহৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিব লাগে। এই নিয়ম সাংসদসকলৰ সৈতে নাই। বাবে বিদেশী পত্নীয়ে ১২ বছৰলৈকে নিজৰ মূল নাগৰিকত্ব ৰাখিব পাৰে।

শৰ্মাই লিখে- “ছিংগাপুৰত ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী বিষয়াৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত জানিব পাৰিলোঁ যে ভাৰত চৰকাৰৰ অনুমতি অবিহনে ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকলে বিদেশী নাগৰিকক বিয়া কৰাব নোৱাৰে। তদুপৰি অনুমতি পোৱাৰ পাছতো এক চৰ্তাৱলী থাকে যে পত্নীয়ে ছমাহৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব লাগিব। আমোদজনকভাৱে এই নিয়ম আমাৰ সাংসদসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তদুপৰি সাংসদৰ বিদেশী পত্নীয়ে ১২ বছৰ কাল বিদেশী নাগৰিকত্বৰ সৈতে থাকিবলৈ পোৱাৰ দৰে বিষয়সমূহ ভাবি চাবলগীয়া৷ আন সকলো বিবেচনাতকৈ জাতিৰ প্ৰতি আনুগত্যই সদায় অগ্ৰাধিকাৰ পোৱাটো উচিত”।

উল্লেখ্য যে, যোৱা কেইটামান দিন ধৰি লোকসভাৰ বিৰোধী উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেছ ক’লবাৰ্ণ গগৈৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি এলিজাবেথৰ পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। এয়াই নহয় ৰাষ্ট্ৰীয়তা বিৰোধী হিচাপে পৰিচিত জৰ্জ ছৰছৰ সৈতেও সম্পৰ্ক আছে তেওঁৰ। এলিজাবেথ বিয়াৰ পূৰ্বে পাকিস্তানৰ লীড নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ হৈ ভাৰতত কাম কৰিছিল।  ইয়াৰ নেতৃত্ব দিছিল আলী তাকিৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক। অভিযোগ অনুসৰি পাক চোৰাংচোৱা সংস্থা ISIৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছে আলী তাকিৰ শ্বেখৰ।

মুঠতে গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে আৰু এনে বহু অভিযোগ উত্থাপন হৈছে। ইয়াৰ মাজতে শৰ্মাই শেহতীয়াকৈ কৰা মন্তব্য়ই বিশেষ গুৰুত্ব বহন কৰিছে। ‘

 

 

Related Stories
পুনৰ লুঙী-ধুতি প্ৰসংগৰে কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ, ৰংজুলিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাই কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?
অন্ত পৰিল ৰাজ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ, কিমানজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে? জানক
সেই ৪ খন যুদ্ধ! য’ত প্ৰতিবাৰেই ভাৰতৰ ওচৰত হাৰ মানিছিল পাকিস্তানে, মনত পেলাই দিলে মুখ্যমন্ত্ৰীয়ে…
উঃমাঃ পৰীক্ষাৰ ফলাফলৰ পৰা জাতিগত লোকপিয়ললৈ, আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…
৩০ এপ্ৰিল! ধুবুৰীত প্ৰাণ হেৰুৱাইছিল ৪৪ জন লোকে, কি হৈছিল সেইদিনা?
‘নাৰী বিদ্বেষী তথা অপমানজনক’, মুখ্যমন্ত্ৰীৰ এটা মন্তব্যক লৈ সৰৱ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ
ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...