আজি ১০ ছেপ্টেম্বৰ ! গৌৰৱ গগৈৰ কথিত পাকিস্তান লিংক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

গৌৰৱ গগৈৰ বিৰুদ্ধে থকা কথিত পাকিস্তান লিংকৰ সকলো তথ্য আজিৰ দিনটোত ফাদিল হোৱাৰ হুংকাৰ দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান এই বিষয়টোৱে বিশেষকৈ সামাজিক মাধ্যমত সৰ্বাধিক চৰ্চা লাভ কৰিছে।

আজি ১০ ছেপ্টেম্বৰ ! গৌৰৱ গগৈৰ কথিত পাকিস্তান লিংক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

হিমন্ত বিশ্ব শৰ্মা-গৌৰৱ গগৈ

Published: 

10 Sep 2025 | 08:28 AM

আজি ১০ ছেপ্টেম্বৰ! এই দিনটোকলৈ ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে। কাৰণ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে থকা কথিত পাকিস্তান লিংকৰ সকলো তথ্য আজিৰ দিনটোত ফাদিল হোৱাৰ হুংকাৰ দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান এই বিষয়টোৱে বিশেষকৈ সামাজিক মাধ্যমত সৰ্বাধিক চৰ্চা লাভ কৰিছে। ১০ ছেপ্টেম্বৰ অৰ্থাৎ এই দিনটোৰ এদিন পূৰ্বে ৯ ছেপ্টেম্বৰত এই বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।

৯ ছেপ্টেম্বৰ মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰে। সেই সময়তে এপিচিচিৰ মুৰব্বী গৌৰৱ গগৈৰ পাকিস্তানৰে কথিত সম্পৰ্কৰ ওপৰত চলি থকা তদন্তৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বিশেষ তদন্তকাৰী দলক প্ৰতিবেদন দাখিলৰ কোনো নিৰ্দিষ্ট সময়সীমা দিয়া হোৱা নাই। “এই তথ্যসমূহ হয় মোৰ ওচৰত বা মুখ্য সচিবৰ ওচৰত দাখিল কৰিব। প্ৰতিবেদন পঢ়িলেই পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত ল’ম।”এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ আৰু কয় যে, এছ আই টিয়ে ১০ ছেপ্টেম্বৰ বুধবাৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে আৰু কোনো ধৰণৰ সময় বৃদ্ধিৰ অনুৰোধ তেওঁলোকে কৰা নাই। মুখ্যমন্ত্রী শৰ্মাই স্পষ্ট কৰি দিয়ে যে, “গুৰুতৰ বিষয় উত্থাপন হ’লে প্রধানমন্ত্রী বা কেন্দ্রীয় গৃহমন্ত্রীলৈ বিষয়টো লৈ যোৱা হ’ব৷” শৰ্মাই লগতে কয় যে, তেওঁ ব্যক্তিগতভাৱে বুধবাৰে সন্ধিয়া ৬ বজাৰ ভিতৰত এছ আই টিৰ অগ্ৰগতিৰ বিষয়ে আপডেট বিচাৰিব।

উল্লেখ্য যে, সাংসদ গগৈৰ কথিত পাকিস্তান লিংক বিষয়টোৰ সকলো কথা আজি তথা ১০ ছেপ্টেম্বৰত স্পষ্ট হৈ পৰিব বুলি কৈছিল মুখ্যমন্ত্ৰী শৰ্মাই। যিটো বিষয় তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছিল। আৰু আজি এই বিষয়টোৱে লাভ কৰিছে সৰ্বাধিক চৰ্চা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...