প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ সিদ্ধান্ত…
এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নানীগোপাল মহন্তই। প্ৰাণৰ শিল্পীগৰাকীৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা এই সিদ্ধান্ত এক আদৰণিয় পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

নানীগোপাল মহন্ত
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। ইতিমধ্যে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নানীগোপাল মহন্তই। প্ৰাণৰ শিল্পীগৰাকীৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা এই সিদ্ধান্ত এক আদৰণিয় পদক্ষেপ হিচাপে পৰিগণিত হৈছে।
উপাচাৰ্যগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত এটা হৈছে, জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা হ’ব বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰৰ ভৱনটো। একে সময়তে ভৱনটোৰ সন্মুখত স্থাপন কৰা হ’ব শিল্পীগৰাকীৰ আবক্ষ মূৰ্তি।
ইফালে বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে-গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত সন্নিৱিষ্ট হ’ব জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। সমান্তৰালভাৱে জুবিন গাৰ্গৰ গীতৰ চিত্ৰ সম্বলিত এখন কিতাপ প্ৰস্তুত কৰাৰ বাবে কাম আৰম্ভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। সংবাদ মাধ্যমৰ আগত এই কথা জনাইছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নানীগোপাল মহন্তই।
উপাচাৰ্যগৰাকীয়ে কয় যে, “এই দুখৰ দিনটো আমি এই চাৰিটা সিদ্ধান্ত বাস্তৱত ৰূপায়ন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আশা কৰোঁ জুবিন গাৰ্গৰ যি হিমালয় সদৃশ অৱদান, এই অৱদানক কিঞ্চিত পৰিমানে হ’লেও সংৰক্ষণ কৰিবলৈ সক্ষম হ’ম।”