এয়া ল’ৰা-ধেমালি নেকি? ডিমা হাছাওৰ ৩০০০ বিঘা মাটি ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাই দিয়া সন্দৰ্ভত ন্যায়ালয়…
ডিমা হাছাও জিলাৰ ৩০০০ বিঘা মাটি ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাই দিয়া সন্দৰ্ভত আচৰিত গুৱাহাটী উচ্চ ন্যায়ালয়। শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কয় যে, এয়া কেনেকৈ সম্ভৱ? কোনো ল'ৰা-ধেমালি চলি আছে নেকি?

ডিমা হাছাও
ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ কাণ্ড দেখি হতবাক গুৱাহাটী উচ্চ ন্যায়ালয়। জিলাখনৰ ৩০০০ বিঘা মাটি চিমেন্ট কোম্পানীক গতাই দিয়া সন্দৰ্ভত ন্যায়ালয়ে উদ্বেগ প্ৰকাশ কৰি ইয়াৰ তথ্য বিচাৰে। ন্যায়ালয়ে বিষয়টোত আশ্চৰ্য প্ৰকাশ কৰি কয় যে, ৩০০০ বিঘা মাটি ব্যক্তিগত খণ্ডক দিয়া কেনেকৈ সম্ভৱ? কি নীতিৰ আধাৰত পৰিষদে এই মাটি আৱন্টত কৰিছে তাৰ তথ্য দাখিলৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে।
ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে চৰকাৰী অধিবক্তাক প্ৰশ্ন কৰে যে কিমান মাটি আৱন্টন কৰা হৈছে? তাৰ উত্তৰত চৰকাৰী অধিবক্তাই কয় যে, মহাবল চিমেন্ট কোম্পানীক ৩০০০ বিঘা ভূমি আৱন্টন কৰা হৈছে।
এই কথা শুনি ন্যায়াধীশগৰাকীয়ে আশ্চৰ্য প্ৰকাশ কৰি কয় যে, “৩০০০ বিঘা? গোটেই জিলাখন নে আধা জিলা? এয়া কি চলি আছে? ৩০০০ বিঘা মাটি ব্যক্তিগত খণ্ডৰ কোম্পানীক আৱন্টন দিয়া হৈছে? এয়া কেনেধৰণৰ সিদ্ধান্ত? এয়া কিবা ল’ৰা ধেমালি চলি আছে নেকি”? ন্যায়াধীশগৰাকীয়ে আৰু কয় যে, এই দিশটোৰ লগত জনতাৰ বিষয় জড়িত হৈ আছে। গতিকে কি নীতিৰ ভিত্তিত এই ভূমি আৱন্টন কৰা হৈছে সেয়া তথ্য প্ৰদান কৰিব লাগিব।
জানিব পৰা মতে, ডিমা হাছাও স্বায়ত্ত্ব পৰিষদে জিলাখনৰ নবদী লংকু ক্ৰ গাঁৱৰ সমীপৰ মহাবল চিমেন্ট নামৰ এটা প্ৰতিষ্ঠানক ৩০০০ বিঘা ভূমি আৱন্টন দিছিল। জনজাতীয় লোকৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা এই কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল স্থানীয় ৰাইজে। তাৰ পাছতে পৰিষদৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ২২ গৰাকীকৈ স্থানীয়লোক।
এই বিষয়টোৰ ওপৰত শুনানি প্ৰদান কৰাৰ সময়তে ন্যায়ালয় পৰিষদৰ কাৰ্যত হতবাক হৈ পৰে। কি নীতিৰ ভিত্তিত পৰিষদে এই মাটি গটাই দিছে তাৰ তথ্য দাখিল কৰাৰো নিৰ্দেশ দিছে ন্যায়ালয়ে। ১ ছেপ্টেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ। এই সময়চোৱাত ন্যায়ালয়ে জিলাখনৰ ষষ্ঠ অনুসূচীৰ কথা উল্লেখ কৰি কয় যে, ষষ্ঠ অনুসূচিৰ এলেকাত জনজাতীয় লোকৰ অধিকাৰক অগ্ৰাধিকাৰ দিয়া হয়।
এই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে, “হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিমা হাছাও জিলাত ভূমি পুত্ৰসকলৰ বাবে সংবিধানে সংৰক্ষণ দিয়া ৩০০০ বিঘা মাটি গুজৰাটৰ গৌতম আদানিক চিমেন্ট ফেক্টৰী খুলিবৰ বাবে গতাই দিয়ে।অসমীয়াৰ উন্নয়নৰ কথা কৈ-কৈ সাধাৰণ অসমীয়াৰ প্ৰয়োজনক গুৰুত্বহীন কৰি নিজৰ প্ৰয়োজনক প্ৰাধান্য দিয়া হিমন্ত বিশ্ব শৰ্মাৰ ধৃষ্টতাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশৰ প্ৰতিক্ৰিয়া চাওঁক”।
তথ্য অনুসৰি, ৩০ বছৰৰ বাবে জিলাখনৰ ৩০০০ বিঘা মাটি পৰিষদে লীজত দিছিল ব্যক্তিগত খণ্ডৰ কোম্পানীক। এই বিষয় পোহৰলৈ অহাৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু পৰিষদৰ কাৰ্য কলাপৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে।
অন্য খবৰ পঢ়কঃ GMCH ত ভয়ংকৰ ঘটনা! NICU ত বিচনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু…