১৪ বছৰীয়া কিশোৰীক গৰ্ভপাতৰ অনুমতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, কাৰণ…

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হোৱা নাৰীজনিত অপৰাধমূলক ঘটনাৰ মাজতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। শেহতীয়াকৈ ন্যায়ালয়ে এগৰাকী কিশোৰীক গৰ্ভপাত কৰোৱাৰ অনুমতি প্ৰদান কৰে।

১৪ বছৰীয়া কিশোৰীক গৰ্ভপাতৰ অনুমতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, কাৰণ...

গুৱাহাটী উচ্চ ন্যায়ালয়

Published: 

11 Dec 2024 | 04:05 PM

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। প্ৰায় প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ধৰ্ষণ, হত্যাকাণ্ড, অপহৰণ আদিৰ ঘটনা পোহৰলৈ আহে। একাংশ নিকৃষ্ঠ মানসিকতাৰ কামনাৰ বলি হ’বলগীয়া হয় শিশুৰ পৰা বৃদ্ধাও। এনে ধৰণৰ নেতিবাচক খবৰবোৰৰ মাজতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। ধৰ্ষণৰ বলি হৈ গৰ্ভৱতী হোৱা এগৰাকী নাবালিকাক গৰ্ভপাতৰ অনুমতি প্ৰদান কৰে আদালতে।  শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা এই ৰায়ৰ পাছতেই এতিয়া ১৪ বছৰীয়া কিশোৰীগৰাকীয়ে গৰ্ভপাত কৰাব পাৰিব।

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ১৪ বছৰীয়া কিশোৰীগৰাকী ধৰ্ষণৰ বলি হৈ গৰ্ভৱতী হৈছিল। ৭ জনকৈ লোকে দলবদ্ধ ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক। জানিব পৰা মতে ৭ ধৰ্ষণকাৰীৰ ৪ জনেই আছিল কিশোৰ। শেহতীয়াকৈ এই জঘন্য দলবব্ধ ধৰ্ষণৰ কথা পোহৰলৈ আহে আৰু চিকিৎসকে নিশ্চিত কৰে যে কিশোৰীগৰাকী ২৩ সপ্তাহৰ গৰ্ভৱতী। ১৪ বছৰীয়া এগৰাকী কিশোৰী গৰ্ভৱতী হোৱা শিশু আৰু মাতৃ দুয়োৰে জীৱনলৈ সংকট নামি আহে।

কিন্তু ভাৰতীয় ন্যায় ব্যৱস্থাই কিশোৰীগৰাকীক গৰ্ভপাত কৰিবলৈ অনুমতি নিদিয়াত চিন্তিত হৈ পৰে পিতৃ মাতৃ। পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি শুনানি গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে কিশোৰীগৰাকীৰ ঘৰলৈ আইনী প্ৰতিনিধিও প্ৰেৰণ কৰে। আইনী প্ৰতিনিধিয়ে ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ সৈতে আলোচনাত মিলিত হয় আৰু আলোচনাৰ অন্তত পৰিয়ালৰলোক গৰ্ভপাত কৰোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

এই গোচৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ন্যায়াধীশ কল্যান ৰায় সুৰানা আৰু সুস্মিতা ফুকন খাউণ্ডৰ খণ্ড বিচাৰপীঠে ৯ ডিচেম্বৰত শুনানি গ্ৰহণ কৰে। শুনানিত ন্যায়ালয়ে কিশোৰীগৰাকীক গৰ্ভপাতৰ অনুমতি প্ৰদান কৰে। মেডিকেল টাৰ্মনেশ্যন অৱ প্ৰেগনেন্সি এক্ট ১৯৭১ ৰ ধাৰা ৩ আৰু ৪ ৰ আধাৰত আৰু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এটা ৰায়ৰ ভিত্তিত গৰ্ভপাতৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে তিনিচুকীয়া জিলা আইন সেৱা প্ৰাধিকৰীক সকলো দিশ চালি জাৰি চাই জিলা শিশু কল্যান সমিতিক গৰ্ভপাতৰ বাবে শীঘ্ৰেই চিকিৎসক আৰু বিশেষজ্ঞৰ ব’ৰ্ড গঠন কৰিবলৈ কয়। মেডিকেল ব’ৰ্ডে তিনিচুকীয়াৰ কোনো হাস্পাতালত কিশোৰীটিৰ গৰ্ভপাতৰ ব্যৱস্থা কৰিব। তিনিচুকীয়াত অসুবিধা হ’লে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজতো গৰ্ভপাত কৰাব পাৰিব বুলি কয়।

ৰায়ত ন্যায়ালয়ে উল্লেখ কৰে যে গৰ্ভপাতৰ সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। লগতে এই নিৰ্দেশ কাৰ্যকৰীকৰণ সন্দৰ্ভত ১৯ ডিচেম্বৰত ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ কৰা প্ৰয়োজন যে, এই ধৰ্ষণৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...