মই সঁচাই আছো নে জীয়াই: জুবিন নোহোৱাৰ ২০ দিন, আৱেগিক পোষ্ট গৰিমাৰ…
জুবিন গাৰ্গৰ হত্যাৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। ইয়াৰ লগতে গ্ৰেপ্তাৰ হৈছে শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। ইয়াৰ মাজতে সামাজিক মাধ্যমত পোষ্ট গৰিমা গাৰ্গৰ। স্বামী জুবিনক স্মৰণ কৰি এটাৰ পিছত আনটো পোষ্ট শ্বেয়াৰ কৰিছে গৰিমাই।

জুবিন-গৰিমা গাৰ্গ
জুবিন গাৰ্গ আৰু নাই…২০ দিন হ’ল তেওঁ নোহোৱাৰ খবৰটো অহাৰ। কিন্তু আজিও যেন বিশ্বাস হোৱা নাই এই কথা। কেৱল এয়াই নহয়, জুবিনৰ লাখ লাখ অনুৰাগীয়ে নিৰৱ হৈ মাথোঁ অপেক্ষা কৰিছে ন্যায়ৰ বাবে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্তক লৈ আগবঢ়াই আহিছে বিভিন্ন মন্তব্য। কিন্তু সকলোবোৰৰ মাজতে কেৱল এটাই দাবী যিকোনো পৰ্যায়তে ন্যায় দিয়ক জুবিনক।
ইয়াৰ মাজতে সামাজিক মাধ্যমত পোষ্ট গৰিমা গাৰ্গৰ। স্বামী জুবিনক স্মৰণ কৰি এটাৰ পিছত আনটো পোষ্ট শ্বেয়াৰ কৰিছে গৰিমাই। কিছু সময় পূৰ্বে শ্বেয়াৰ কৰা এটা পোষ্টত গৰিমাই লিখিছে, “২০ দিন …মই সঁচাই আছো নে জীয়াই ?” কমেণ্টৰ জৰিয়তে গৰিমাক সাহস দিছে অনুৰাগীয়ে।
মঙলবাৰে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনৰ ‘মোৰ মনে’ নামৰ গীতটি অডিঅ’ প্লেটফৰ্মত মুকলি কৰা হৈছে। গীতটি শ্বেয়াৰ কৰি গৰিমাই লিখিছিল, “তুমি আছা .. আমাক পোহৰাই তুমি সদায় আছা”। জুবিন গাৰ্গে আশা কৰা মতেই ৩১ অক্টোবৰতেই মুকলি কৰা হ’ব ছবিখন। এই কথা জনায় ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই।
খবৰ অনুসৰি ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰিছিল অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে । জুবিন গাৰ্গৰ হত্যাৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। ইয়াৰ লগতে গ্ৰেপ্তাৰ হৈছে শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। গঠন কৰা হৈছে SIT, CID-এ কৰি আছে তদন্ত।
ইয়াৰ পিছতে ৰহস্যঘন হৈ পৰিছে জুবিনৰ মৃত্যুৰ বিষয়টো। জুবিনৰ মৃত্য়ুৰ পূৰ্বৰ ভিডিঅ’ত স্পষ্ট হৈ পৰিছে লগত থকা কেইজনৰ অৱহেলাৰ কথা। ইফালে জুবিনক বিহ পান কৰোৱা বুলি দাবী দাবী শেখৰ গোস্বামীৰ। তাৰ পিছতে সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে। এতিয়া জুবিনে কিমান সোনকালে ন্যায় পাই সেয়া হ’ব লক্ষণীয়।