জুবিনৰ মৃত্যুৰ পাছত কিয় সেন্দূৰ লয় ? প্ৰশ্নৰ উত্তৰ দিলে গৰিমাই…

শিৰৰ সেন্দূৰে জুবিন গাৰ্গক জীয়াই ৰাখিছে গৰিমা শইকীয়া গাৰ্গে। পিছে এইলৈ একাংশই উপহাস কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এই বিষয়টো স্পষ্ট কৰি দিছে গৰিমাই।

জুবিনৰ মৃত্যুৰ পাছত কিয় সেন্দূৰ লয় ? প্ৰশ্নৰ উত্তৰ দিলে গৰিমাই...
Updated On: 

11 Oct 2025 13:17 PM

২০ দিন …মই সঁচাই আছো নে জীয়াই? জুবিনবিহীন ২০ টা দিন পাৰ হৈ যোৱাৰ পাছত ফেচবুকত এইদৰেই লিখিছিল তেওঁ পত্নী গৰিমা শইকীয়া গাৰ্গে। প্ৰেমত পৰা সেই প্ৰথম দিনটোৰ পৰা, একেবাৰে শেষ যাত্ৰালৈকে, জুবিনৰ ছাঁটোৰ দৰে আছিল পত্নী গৰিমা শইকীয়া গাৰ্গ। মাথোঁ কাষত নাছিল মৃত্যুৰ সময়ত। জুবিনৰ মৃত্যুক কোনেও সহজভাৱে ল’ব পৰা নাই। জুবিনৰ এই মৃত্যু কেতিয়াও সাধাৰণ মৃত্যু হ’ব নোৱাৰে। প্ৰতিজনে অসমীয়াই আজি বিচাৰিছে ন্যায়। অনুৰাগীসকলৰ দৰে পত্নী গৰিমায়ো জুবিনৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই।

সেই বাবেই ফেচবুকত গৰিমাই আকৌ লিখিছে, এতিয়া মন মগজু শৰীৰ অন্তৰাত্মা জুৰি মাথোঁ এষাৰেই কথা, আমাক ন্যায় লাগে..”জুবিন গাৰ্গৰ দৰে এক সত্ত্বা অৱহেলিত হ’ব নোৱাৰে।” হয়, প্ৰতিজন জুবিন অনুৰাগীয়ে আজি ন্যায় বিচাৰিছে। ন্যায় পাব লাগিব, ন্যায় দিব লাগিব। “ইমান দিনে মই ভগৱানৰ সৈতে আছিলোঁ…।” এইদৰেও এক মন্তব্য কৰিছিল গৰিমা গাৰ্গে।

সকলোৱে একেষাৰে কৈছে জুবিন দা আমাৰ মাজত আছে আৰু থাকিব। শিৰৰ সেন্দূৰেৰে জুবিন গাৰ্গক জীয়াই ৰাখিছে গৰিমা শইকীয়া গাৰ্গে। পিছে এইলৈ একাংশই উপহাস কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এই বিষয়টো স্পষ্ট কৰি দিছে গৰিমাই।

গৰিমা পেছাত এগৰাকী ফেশ্বন ডিজাইনাৰ। প্ৰথমে জুবিনৰ সৈতে বন্ধুত্ব, পিছলৈ প্ৰেম আৰু ২০০২ চনত দুয়োৰে বিবাহ হয়। তেতিয়াৰ পৰা জুবিনৰ ছাঁটোৰ দৰে আছিল গৰিমা।

গৰিমাই ক’লে, “মই গম পালোঁ যে মই সেন্দূৰ লোৱাক লৈ বহু বিতৰ্ক হৈছে। প্ৰথমতে ভাবিলোঁ, এই বিষয়ত মই কোনো মন্তব্য নকৰো। পিছত মই অনুভৱ কৰিলোঁ যে, সকলোকে বিষয়টো বুজাব লাগিব। জুবিনৰ মৃত্যুৰ পিছত এটা প্ৰতিশ্ৰুতি দিলোঁ। গোটেই জীৱন সেন্দূৰ লৈ থাকিম। মোৰ হৃদয়ে কয়, জুবিনক আকৌ লগ পাম। মোৰ পৰৱৰ্তী জীৱনতো তেওঁক বিচাৰো।”

যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যু হয় অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। কি পৰিস্থিতিত কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ’ল? তাৰ তদন্ত অব্যাহত ৰাখিছে চিআইডিয়ে। এতিয়া সকলোৰে অপেক্ষা জুবিন গাৰ্গৰ মৃত্যুৰ উচিত বিচাৰ তথা ন্যায় প্ৰদানলৈ।

অনিয়মিত ঋতুস্ৰাৱৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই কাম...
দীপাৱলীত বিৰল সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
এই লক্ষণবোৰ আওকাণ নকৰিব, কিডনী দুৰ্বল হ'লে চকুৰ কি কি সমস্যা হয়? জানক
সুস্থ মন এটাৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ টিপছ জানক