বৃদ্ধি পাব গাওঁবুঢ়াৰ দৰমহা, দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ আৰ্থিক সাহায্যঃ কেবিনেট বৈঠকত লোৱা হ’ল এইসমূহ সিদ্ধান্ত…
আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে।

সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে। ৰাজ্যিক কেবিনেটে আজিৰ বৈঠকত গাঁওবুঢ়াসকলৰ সকাহৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি এতিয়া ৰাজ্যৰ গাঁওবুঢ়াসকলৰ দৰমহা বৃদ্ধি কৰা হ’ব।
বৰ্তমান গাঁওবুঢ়াসকলে ৯ হাজাৰ টকা মাহিলি দৰমহা লাভ কৰে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি তেওঁলোকৰ দৰমহা এতিয়া ১৪ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব। অহা ১ অক্টোবৰৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব। ফৰেষ্ট এৰিয়াত নিযুক্ত গাঁওবুঢ়াসকলৰো দৰমহা বৃদ্ধি কৰা হ’ব বুলি কেবিনেটে সিদ্ধান্ত লয়। কেবিনেটে লগতে অসমৰ বিভিন্ন সত্ৰত বাস কৰা ভকতসকলকো সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সত্ৰত বাস কৰা উদাসীন ভকতসকলে ১ অক্টোবৰৰ পৰা প্ৰতি মাহে ১৫শ টকাকৈ সাহায্য লাভ কৰিব। সত্ৰৰ শিশু উদাসীন ভকতসকলেও এই সুবিধা লাভ কৰিব। ইফালে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে কেবিনেটে। এই সিদ্ধান্ত অনুসৰি মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ পিছত পৰীক্ষা পৰ্যন্ত শিক্ষাৰ্থীসকলক চৰকাৰে প্ৰতিমাহে ৩০০ টকাকৈ প্ৰদান কৰিব। কিতাপ, বহী আৰু পুষ্টিকৰ খাদ্যৰ বাবে চৰকাৰে শিক্ষাৰ্থীসকললৈ এই ধন আগবঢ়াব।
ৰাজ্যিক কেবিনেটে আজি সৰ্থেবাৰীৰ কাঁহ শিল্পীসকলকো সকাহ প্ৰদান কৰিছে। কাঁহ শিল্পী সকলে যি ৰাজ্যিক GST দিবলগা হয়, সেয়া পৰৱৰ্তী পৰ্যায়ত উভতাই দিয়া হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেটে আজি মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যৰ ৩ হাজাৰৰো অধিক নামঘৰ, মন্দিৰ, স্কুলৰ বাবে মাটি আবণ্টন দিব বুলি সিদ্ধান্ত লৈছে। অহা ১৪ আগষ্টৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে।
আজিৰ কেবিনেটে ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকললৈও সুখবৰ কঢ়িয়াই আনিছে। অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে অংগনবাড়ী কৰ্মীসকলে ৰাজ্য চৰকাৰৰ পৰা দুই হাজাৰ টকা আৰু কেন্দ্ৰ চৰকাৰৰ পৰা ৪,৫০০ টকা দৰমহা হিচাপে লাভ কৰিছিল।
কেবিনেটত আজি অংগনবাড়ী কৰ্মীসকলক ৰাজ্য চৰকাৰে প্ৰদান কৰা দৰমহাৰ পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। ৰাজ্য চৰকাৰে এতিয়া ১৫০০ টকাৰ বৃদ্ধিৰে মুঠ ৩,৫০০ টকা অংগনবাড়ী কৰ্মীসকলক প্ৰদান কৰিব। এইদৰে অংগনবাড়ী কৰ্মীসকলে এতিয়া সৰ্বমুঠ ৮ হাজাৰ টকা দৰমহা লাভ কৰিব।
ইফালে হোজাইৰ ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ নতুনকৈ নামকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়াৰে পৰা এই বিশ্ববিদ্যালয়ৰ নাম হ’ব ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়। দেশত একে নামৰ আন এখন বিশ্ববিদ্যালয় থকাৰ বাবে UGC এ নাম সলনিৰ বাবে আহ্বান জনায় আৰু এই আহ্বানৰ সঁহাৰি দি এতিয়া এই নাম সলনি কৰা হৈছে। কেবিনেটে লগতে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়।
গজ মিত্ৰ আঁচনিৰ অধীনত গোৱালপাৰা, ওদালগুৰি, বাক্সা, শোণিতপুৰ আদি জিলাৰ ৮০ টা স্থান চিনাক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত উল্লেখ কৰে। এই প্ৰতিটো স্থানতে ৮ জনকৈ স্থানীয় লোকক লৈ এটা ৰেপিড ৰেচপন্স টিম গঠন কৰা হ’ব আৰু হাতীৰ খাদ্য হিচাপে সেই স্থানসমূহত বাঁহ, নেপিয়াৰ ঘাঁহ ৰোপন কৰা হ’ব। লগতে এনে স্থানসমূহত চলাৰ ফেঞ্চিং লগোৱাৰো ব্যৱস্থা কৰা হ’ব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত লগতে উল্লেখ কৰা মতে ১ লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ সভাত নতুন পদ সৃষ্টিৰ বাবেও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসাৰে মেকানিকেল, এনভাইৰনমেণ্টেল ইঞ্জিনীয়াৰ আৰু চিভিল ইঞ্জিনীয়াৰ পদ সৃষ্টি কৰা হ’ব বুলি তেওঁ সদৰী কৰিছে। পৌৰসভাৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ লগতে কয়।