মহানগৰীত জঘন্য কাণ্ড! যুৱতীৰ সৈতে অপকৰ্ম কৰি ৯ পাষণ্ডই প্ৰস্তুত কৰিলে ভিডিঅ’

মহানগৰীৰ বৰাগাঁৱৰ নিজৰাপাৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত সংঘটিত হৈছে এই জঘন্য ঘটনা। এগৰাকী যুৱতীক সৈতে অ অপকৰ্ম সংঘটিত কৰিলে যুৱকৰ দলে। দলটোত আছিল ৯জনকৈ যুৱক। ইমানতে শান্ত নাথাকি দলবদ্ধ ধৰ্ষণ কৰি প্ৰস্তুত কৰিছিল ভিডিঅ'। 'ভিডিঅ' বনাই যুৱতীগৰাকীক নিৰ্মম অত্যাচাৰ ৯ পাষণ্ডৰ।

মহানগৰীত জঘন্য কাণ্ড! যুৱতীৰ সৈতে অপকৰ্ম কৰি ৯ পাষণ্ডই প্ৰস্তুত কৰিলে ভিডিঅ

মহানগৰীত ৯ পাষণ্ডৰ কামনাৰ বলি হ'ল যুৱতী

Updated On: 

13 Dec 2024 | 11:48 AM

অপৰাধৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰী। নিতৌ সংঘটিত হৈছে নতুন নতুন অপৰাধ। নিশাৰ মহানগৰী যেন অধিক ভয়াৱহ হৈ গৈ আছে। মহানগৰীৰ মাজমজিয়াত পুনৰ সংঘটিত হ’ল আন এক জঘন্য কাণ্ড। ৯ পাষণ্ডৰ কামনাৰ বলি এগৰাকী যুৱতী। কেৱল এয়াই নহয় ভিডিঅ’ প্রস্তুত কৰি নির্যাতন যুৱতীক। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভিডিঅ’। ৰাস মহোৎসৱ চলি থকাৰ মাজতে ঘটনা সংঘটিত হোৱাত তথ্য।

মহানগৰীৰ বৰাগাঁৱৰ নিজৰাপাৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত সংঘটিত হৈছে এই জঘন্য ঘটনা। এগৰাকী যুৱতীক সৈতে অ অপকৰ্ম সংঘটিত কৰিলে যুৱকৰ দলে। দলটোত আছিল ৯জনকৈ যুৱক। ইমানতে শান্ত নাথাকি দলবদ্ধ ধৰ্ষণ কৰি প্ৰস্তুত কৰিছিল ভিডিঅ’। ‘ভিডিঅ’ বনাই যুৱতীগৰাকীক নিৰ্মম অত্যাচাৰ ৯ পাষণ্ডৰ। ধর্ষণ কাণ্ডৰ পাছতে যুৱক কেইজনে সামাজিক মাধ্যমত ভাইৰেল কৰি দিছিল ভিডিঅ’। ভিডিঅ’ ভাইৰেল হৈ হোৱাৰ পাছতহে পোহৰলৈ আহে এই ঘটনা।

ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত স্থানীয় ৰাইজৰ সহযোগত গড়চুক আৰক্ষীয়ে আটক কৰিছে ঘটনাৰে জড়িত ৬ অভিযুক্তক। আটক কৰা হৈছে কুলদ্বীপ, মৃণাল, গগন, পিংকু দাস, বিজয় আৰু সৌৰভ। বর্তমানো মুকলি আকাশৰ তলত আছে ৩ মূল অভিযুক্ত। এতিয়াও আৰক্ষীয়ে আটক কৰিব পৰা নাই ঘটনাৰ মাষ্টাৰ মাইণ্ড দীপাংকৰ, কৃষ্ণ, ৰবীন দাসক। আটক কৰা আটাইকেইজনকে গড়চুক থানাত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ইফালে এই পর্যন্ত উদ্ধাৰ হোৱা নাই বৰ্বৰ কাণ্ডৰ বলি হোৱা ভুক্তভোগী যুৱতীৰগৰাকী। যুৱতীৰগৰাকীৰ সন্দৰ্ভত কোনো তথ্য নাই আৰক্ষীৰ হাতত। কেৱল ভাইৰেল হৈ পৰা ভিডিঅ’ৰ মাধ্যমতহে আৰক্ষীয়ে চলাইছে তদন্ত। এই ঘটনা কোনদিনাৰ সেই সম্পৰ্কেও সঠিক তথ্য লাভ কৰা নাই আৰক্ষীয়ে। ঘটনা সন্দর্ভত এই পর্যন্ত গড়চুক আৰক্ষী থানাত ধৰ্ষণৰ কোনো গোচৰ ৰুজু হোৱা নাই। ভাইৰেল ভিডিঅ’ ত থকা যুৱককেইজন বৰাগাঁৱৰে বুলি নিশ্চিত কৰিছে একাংশ লোকে। এই ঘটনাই এতিয়া জোকাৰিছে ৰাজ্য। কিন্তু নিশাৰ ভাগত অকলশৰে বৰাগাঁৱত ক’ৰ পৰা আহিছিল যুৱতীগৰাকী তাক লৈয়ো অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে ৰহস্যৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব