২ লাখ ৫ হাজাৰ টকাত বিক্ৰী হৈছে এখন গামোচা! কি বিশেষত্ব আছে গামোচাখনৰ

গামোচা অসমীয়া জাতিৰ অতিকৈ আপোন বস্ত্ৰ। অসমীয়াৰ উৎসৱ-পাৰ্বনত সন্মান হিচাপে গামোচা আগবঢ়োৱা হয়। এই গামোচাৰ মূল্য কিমান হ'ব পাৰে আপুনি জানেনে? 

২ লাখ ৫ হাজাৰ টকাত বিক্ৰী হৈছে এখন গামোচা! কি বিশেষত্ব আছে গামোচাখনৰ

২ লাখ ৫ হেজাৰৰ গামোচা

Updated On: 

23 May 2024 | 08:33 PM

গামোচা অসমীয়াৰ সন্মান। আপুনি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ফুলাম গামোচাখন কিমান দামী? থলুৱা শিপিনীৰ দ্বাৰা তৈয়াৰ কৰা ফুলাম গামোচা ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হ’ব পাৰে নে ?

আপুনি হয়তো ভাবি আচৰিত হ’ব মঙ্গলদৈত এখন ফুলাম গামোচাৰ দাম ২ লাখ ৫ হেজাৰ হ’লগৈ। দৰঙৰ ডাঁহীত ফুলাম গামোচা এখনৰ দৰ উঠিল ২ লাখ ৫ হেজাৰ।

দৰঙৰ ডাঁহী অৰ্জুনতল শ্ৰীবিষ্ণু মন্দিৰত অসমীয়াৰ স্বভীমান ফুলাম থলুৱা গামোচা ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হৈছে। দেৱবস্ত্ৰ হিচাবে নামাংকৃত এই বিশেষ ফুলাম গামোচা খন মঙলদৈৰ টেঙাবাৰীৰ অভিযন্তা ৰাকেশ শৰ্মাই মাতৃ প্ৰয়াত মিনু দেৱীৰ নামত নিলামযোগে ক্ৰয় কৰে। এই বিষ্ণুমন্দিৰৰ জেঠমহীয়া বিষ্ণু হোমত প্ৰতি বছৰে দেৱবস্ত্ৰ নিলাম অনুষ্ঠিত কৰি আহিছে।

প্ৰকৃততে এখন ফুলাম গামোচা অধিবাসৰ দিনাৰে পৰা মন্দিৰত বিশেষ পূজা-অৰ্চনাৰে থাপনা থাপি দেৱবস্ত্ৰ হিচাবে ৰাইজৰ মাজত দ্বিতীয় দিনা নিলাম কৰা হয়। এই বিশেষ গামোচাখনে মন্দিৰত পূজাৰ পাছত বিশেষ গুণ অৰ্জন কৰা বুলি ৰাইজে বিশ্বাস কৰে আৰু নিলামত ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...