জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ পৰা যোৰহাট কাণ্ডলৈ, থোৰতে পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ কেন্দ্ৰিক খবৰে বিগত দিনকেইটাৰ দৰে আজিও সংবাদ শিৰোনাম দখল কৰিছে। এই গোচৰৰ খবৰ লগতে দিনটোৰ সংবাদ শিৰোনাম দখল কৰা আন কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে চাওক।

জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ পৰা যোৰহাট কাণ্ডলৈ, থোৰতে পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ

দিনটোৰ চৰ্চিত খবৰ

Published: 

16 Oct 2025 21:54 PM

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ কেন্দ্ৰিক খবৰে বিগত দিনকেইটাৰ দৰে আজিও সংবাদ শিৰোনাম দখল কৰিছে। অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ তদন্তৰ বাবে  বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ ভ্ৰমণ কৰিব বুলি আজি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই গোচৰৰ খবৰ লগতে দিনটোৰ সংবাদ শিৰোনাম দখল কৰা আন কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে চাওক-

  1. জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব চি আই ডি তথা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা। অহা ২১ অক্টোবৰত তেওঁ ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ’ব। মুখ্যমন্ত্ৰীয়ে জনালে এই কথা।
  2. ‘ঝুমইৰ বিনন্দিনী’ত অংশগ্ৰহণ কৰা শিল্পীসকলক মাননি আৰু প্রশস্তি পত্ৰ প্ৰদান কৰে অসম চৰকাৰে। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিশেষজ্ঞ সমিতিৰ ২৯গৰাকী সদস্য, ৭,৫৩৯গৰাকী শিল্পী আৰু ৩৫৮গৰাকী প্ৰশিক্ষকক এই মাননি আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে। ২৫,০০০ টকাকৈ প্ৰদান কৰা হয় প্ৰতিগৰাকী শিল্পীক।
  3. যোৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এদল ড্ৰাগছ আসক্ত যুৱকৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে দেৱজিত নেওগ নামৰ এজন যুৱকে। জন্মদিন উদযাপন কৰিবলৈ যোৱাৰ সময়তে এটা নিচামুক্তি কেন্দ্ৰত থকা কেইজনমান যুৱকে প্ৰহাৰ কৰে দেৱজিতক। পৰৱৰ্তী সময়ত তেওঁৰ হাস্পতালত মৃত্যু ঘটে।
  4. সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। শুকুৰবাৰে ৰাহুল গান্ধীৰ ভ্ৰমণক লৈ পৰিস্থিতিৰ বুজ ল’লে গৌৰৱ গগৈয়ে। চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত সন্তুষ্টি প্ৰকাশ কৰি বিৰোধী দলৰ পৰা যদি কিবা সহায়ৰ প্ৰয়োজন হয় তেন্তে চৰকাৰক সহযোগ কৰিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।
  5. বুধবাৰে বাক্সাত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত চৰকাৰ তথা আৰক্ষীক কঠোৰ সমালোচনা শৃংখল চলিহা আৰু আটাছুৰ সভাপতি বসন্ত গগৈৰ। প্ৰথমে লাঠী চালনা কৰা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী দুয়োগৰাকী নেতাৰ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাবলৈ কোনো মানুহক পইচা দি আনিবলগীয়া হোৱা নাই বুলিও কয় তেওঁলোকে।
  6. পুনৰ ৰাজ্যত আটক বাংলাদেশী নাগৰিক। নিউ বঙাইগাঁৱত ৰেল আৰক্ষীয়ে আটক কৰিছে ১১ গৰাকী বাংলাদেশী নাগৰিকক। আগৰতলাৰ এখন ৰেলৰ পৰা আটক কৰা হৈছে এই বাংলাদেশী কেইজনক।
  7. গুজৰাটৰ ৰাজনীতিক ডাঙৰ পৰিৱৰ্তন। মুখ্যমন্ত্ৰীক বাদ দি ৰাজ্য চৰকাৰৰ আটাইকেইগৰাকী মন্ত্ৰীৰ পদত্যাগ। কাইলৈ গুজৰাটত গঠন হ’ব নতুন মন্ত্ৰীসভা। মুখ্যমন্ত্ৰীসহ গুজৰাট মন্ত্ৰীসভাত আছে ১৭ জন মন্ত্ৰী।
  8. সাময়িক যুদ্ধ বিৰতি ঘোষণা কৰিছে পাকিস্তান আৰু আফগানিস্তানে। কাটাৰৰ মধ্যস্থতাত যুদ্ধবিৰতিলৈ আহিছে চুবুৰীয়া দেশ দুখন। চাৰিদিন ধৰি যুদ্ধসদৃশ পৰিৱেশ বৰ্তী আছিল দেশ দুখনৰ মাজত। পাকিস্তানৰ কাবুল আক্ৰমণৰ পাছতেই আফগানিস্তানেও প্ৰত্যুত্তৰ দিয়াত যুদ্ধৰ সূত্ৰপাত ঘটে।
  9. অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে ভাৰতৰ দুই তাৰকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মা সন্দৰ্ভত মন্তব্য কৰিছে অষ্ট্ৰেলিয়াৰ খেলুৱৈ পেট কামিন্সে। এই শৃংখলাৰ পৰা তেওঁ বাহিৰত থকাৰ পৰিপ্ৰেক্ষিতত দুই তাৰকাৰ সৈতে যুঁজত নমাৰ সুযোগ হেৰুৱাব। সেয়ে তেওঁ দুয়োৰে প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে দুখ প্ৰকাশ কৰে।
মূলা খাই পাত পেলাই দিয়াৰ ভুল নকৰিব, এনে গুণাৱলীৰ কথা জানিলে হ’ব আচৰিত
কি কি অভ্যাসে বৈবাহিক জীৱনত বিভেদ আনে জানেনে?
সলনি হ'ব জীৱন, মাথোঁ হনুমানক আগবঢ়াওক এইসমূহ সামগ্ৰীৰ ভোগ
সোঁ চকু লৰা ভাল নে বেয়া? জানক ইয়াৰ কাৰণ...