Morning News: খেৰণি সন্দৰ্ভত বৈঠকৰ পৰা ADREৰ নিযুক্তি পত্ৰ বিতৰণৰ ঘোষণালৈ, চাওক পুৱাৰ মুখ্য খবৰ
কাৰ্বি আংলঙৰ খেৰণিৰ শেহতীয়া পৰিস্থিতিৰ পিছত শুকুৰবাৰে লোকসেৱা ভৱনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়া তথা প্ৰতিবাদকাৰীৰ প্ৰতিনিধি বৰ্গৰ সৈতে এক ত্ৰিপাক্ষিক বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- কাৰ্বি আংলঙৰ খেৰণিৰ শেহতীয়া পৰিস্থিতিৰ পিছত শুকুৰবাৰে লোকসেৱা ভৱনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়া তথা প্ৰতিবাদকাৰীৰ প্ৰতিনিধি বৰ্গৰ সৈতে এক ত্ৰিপাক্ষিক বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বৈঠকত খেৰণিৰ পৰিস্থিতি তথা স্থানীয় লোকৰ দাবী সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হয়।
- আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুতত নামি পৰিছে শাসকীয় বিজেপি। কালি গুৱাহাটীৰ বশিষ্ঠস্থিত দলটোৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ উপস্থিতিত কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হয়।
- দীৰ্ঘদিন ধৰি নিজ নিজ স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা বিচাৰি অহা ৰাভা, মিচিং আৰু তিৱা জনগোষ্ঠীৰ সৈতে প্ৰতিষ্ঠানিক আলোচনা আৰম্ভ কৰিবলৈ আলোচক নিযুক্তি দিবলৈ সন্মত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰীয়ে এক ফেচবুক পোষ্টযোগে কালি এইবিষয়ে সদৰী কৰে।
- এ ডি আৰ ইৰ অধীনত নিৰ্বাচিত প্ৰাৰ্থীসকললৈ সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে। অহা বৰ্ষৰ ৯ জানুৱাৰীত এ ডি আৰ ইৰ চতুৰ্থ বৰ্গ আৰু ১০ জানুৱাৰীত তৃতীয় বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত এই অনুষ্ঠান অনুষ্ঠিত হ’ব।
- ব্যক্তিগত গাড়ী চালক এজন আদিবাসী যুৱকক অকথ্য নিৰ্যাতন কৰি ভৰি চেলেকিবলৈ বাধ্য কৰা যোৰহাটৰ বিতৰ্কিত চৰকাৰী বিষয়া সমীৰণ বৰুৱা ওৰফে প্ৰবীৰ বৰুৱাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শুকুৰবাৰে জাঁজীৰ পৰা যোৰহাট আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
- দেশৰ অন্যতম বৃহৎ চৰকাৰী বেংক পঞ্জাব নেচনেল বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংকক ২,৪৩৪ কোটি টকাৰ ঋণ জালিয়াতিৰ বিষয়ে তথ্য প্ৰকাশ কৰিছে। SREI গ্ৰুপৰ দুই সহযোগী প্ৰতিষ্ঠান SREI Equipment Finance আৰু SREI Infrastructure Finance ৰ সৈতে এই জালিয়াতিৰ গোচৰ জড়িত বুলি জানিব পৰা গৈছে।
- ছিৰিয়াৰ হোমছ চহৰৰ এটা মছজিদত নামাজৰ সময়তে সংঘটিত হ’ল ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ১৮ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
- ভাৰত আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজত হোৱা পাঁচখন মেচৰ টি-২০ শৃংখলা দখল কৰিছে ভাৰতে। কালি শৃংখলাৰ তৃতীয়খন মেচত ভাৰতে সহজে ৮ উইকেটত জয়লাভ কৰে।