Morning News: শিখা শৰ্মাৰ গ্ৰেপ্তাৰৰ পৰা বিজেপিৰ নতুন ৰাষ্ট্ৰীয় অধ্যক্ষলৈ, থোৰতে চাওক পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে শিখা শৰ্মা। সোমবাৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ গোচৰৰ আধাৰত আৰক্ষীয়ে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰে। ধৃত শিখা শৰ্মাক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

Morning News: শিখা শৰ্মাৰ গ্ৰেপ্তাৰৰ পৰা বিজেপিৰ নতুন ৰাষ্ট্ৰীয় অধ্যক্ষলৈ, থোৰতে চাওক পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

পুৱাৰ মুখ্য খবৰ

Published: 

20 Jan 2026 | 07:55 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে শিখা শৰ্মা। সোমবাৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ গোচৰৰ আধাৰত আৰক্ষীয়ে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰে। ধৃত শিখা শৰ্মাক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
  2. কোকৰাঝাৰৰ কাৰিগাঁৱত গৰুচোৰৰ সন্দেহত উত্তেজিত জনতাই এজন যুৱকক মৰিয়াই হত্যা কৰাৰ লগতে এখন স্কৰপিঅ’ বাহন জ্বলাই দিয়ে। এই হিংসাত্মক ঘটনাত আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। বৰ্তমান তেওঁলোক কোকৰাঝাৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে।
  3. ছিংগাপুৰৰ ডাভোছত অনুষ্ঠিত হোৱা ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰামত উপস্থিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানত আজি বিনিয়োগ, পৰ্যটন আদি বিষয়ৰ ওপৰত আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰীগৰাকী।
  4. সামাজিক মাধ্যমত ভাইৰেল হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুৱা চৰকাৰী লেটাৰহেড আৰু জাল স্বাক্ষৰ সম্বলিত এখন পত্ৰ। এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইফালে এই কাৰ্যত মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছ আইটি চেল জড়িত থকাৰ অভিযোগ তুলিছে।
  5. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আইনী প্ৰক্ৰিয়া আগবাঢ়ি যোৱাৰ সময়তে সামাজিক মাধ্যমত বিশেষ পোষ্ট জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ। আইনী ব্যৱস্থাৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁ শিল্পীগৰাকীৰ চৰিত্ৰ হননৰ বাবে একাংশই চেষ্টা চলাই থকা বুলি ক্ষোভ প্ৰকাশ কৰিছে।
  6. বিধানসভা নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ বিৰোধীৰ মিত্ৰজোঁট গঠনৰ অংকত পুনৰ আউল লাগিছে। এইবাৰ সংখ্যালঘু এলেকাত ৰাইজৰ দলক আসন এৰি নিদিলে পৃথকে নিৰ্বাচন খেলিব বুলি কংগ্ৰেছক স্পষ্ট কৰি দিছে অখিল গগৈয়ে।
  7. আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় অধ্যক্ষৰ নাম। ইতিমধ্যে সোমবাৰে দলটোৰ কাৰ্যকৰী সভাপতি নীতিন নবীন বিনা প্ৰতিদ্বন্দ্বিতাৰে দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে।
  8. চলিত ৱ’মেন প্ৰিমিয়াৰ লীগত অপ্ৰতিৰোধ্য গতি অব্যাহত আছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ। দলটোৱে একেৰাহে পাঁচখন মেচত জয়েৰে প্লে’ অফত প্ৰৱেশ কৰিছে। কালিৰ এখন মেচত আৰচিবিয়ে গুজৰাট জায়েণ্টছক ৬১ ৰানত পৰাস্ত কৰে।
ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ বাবে খাওক এই খাদ্য...
শীতকালত হাড় শক্তিশালী কৰিবলৈ কি কি খাব?
ৰাতিপুৱা কিয় ৰ'দ ল'ব লাগে ? ইয়াৰ পাঁচটা বিশেষ উপকাৰিতা জানক
হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰেনে? তৎক্ষণাত ত্যাগ কৰক এই তিনিটা অভ্যাস
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...