Morning News: প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰা ভাৰত-নিউজিলেণ্ড মেচলৈ, থোৰতে চাওক পুৱাৰ মুখ্য খবৰসমূহ

আজি কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। শনিবাৰে তেওঁ সৰুসজাইত বাগুৰুম্বা দ'হৌ প্ৰত্যক্ষ কৰে।

Morning News: প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰা ভাৰত-নিউজিলেণ্ড মেচলৈ, থোৰতে চাওক পুৱাৰ মুখ্য খবৰসমূহ

পুৱাৰ মুখ্য খবৰ

Published: 

18 Jan 2026 | 07:41 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. দুদিনীয়া ভ্ৰমণসূচীৰে কালি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পিছতে তেওঁ সৰুসজাইত বাগুৰুম্বা দ’হৌ প্ৰত্যক্ষ কৰে। ১০,০০০ পৰিৱেশনকাৰীৰ বাগুৰুম্বা নৃত্যই মোহিত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।
  2. আজি কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  3. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আইনী প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ বিশেষ ফেচবুক পোষ্ট। বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে কোনো অভিযুক্তই যাতে জামিন নাপায়, তাৰ বাবে কটকটীয়া আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
  4. বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ এবাৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ। বিগত বৰ্ষৰ শেষৰ ফালে অসম ভ্ৰমণ কৰি যোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অহা ৩০ জানুৱাৰীত পুনৰ অসমলৈ আহিব। এই ভ্ৰমণত তেওঁ ডিব্ৰুগড়ত নিৰ্মাণ হ’বলগীয়া অসম বিধানসভাৰ দ্বিতীয়টো ভৱনৰ আধাৰশিলা স্থাপন কৰিব।
  5. জম্মু-কাশ্মীৰৰ ভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে পাকিস্তানী ড্ৰ’ন দেখিবলৈ পোৱা গৈছে। উপত্যকাটোৰ চাম্বাতো শেহতীয়া সময়ছোৱাত সঘনাই দেখা পোৱা গৈছে ড্ৰ’ন। আজি পুৱা পুনৰ চাম্বাৰ আবতাল অঞ্চলত আন এখন ড্ৰ’নৰ উপস্থিতিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
  6. বিগত বৰ্ষৰ ডিচেম্বৰ মাহত চৰম সংকটৰ সন্মুখীন হৈছিল ইণ্ডিগো। সংস্থাটোৰ দুই হাজাৰ হাজাৰ বিমানৰ উৰণ বাতিল তথা বিলম্বিত হোৱাৰ ফলত প্ৰায় ৩ লাখৰো অধিক যাত্ৰী দেশৰ বিভিন্ন বিমান বন্দৰত আৱদ্ধ হৈ পৰিছিল। এই ঘটনাৰ তদন্ত কৰি ইণ্ডিগোৰ ওপৰত ২২.২ কোটি টকাৰ বিশাল জৰিমনা বিহিছে DGCA-ই।
  7. অহা ফেব্ৰুৱাৰী মাহৰ পৰা ইউৰোপৰ আঠখন দেশ ক্ৰমে ডেনমাৰ্ক, নৰৱে, চুইডেন, ফ্ৰান্স, জাৰ্মানী, ব্ৰিটেইন, নেদাৰলেণ্ড আৰু ফিনলেণ্ডৰ ওপৰত ১০ শতাংশ আমদানি কৰ আৰোপ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। গ্ৰীণলেণ্ডৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰাৰ ক্ষেত্ৰত এই দেশসমূহে বাধা প্ৰদান কৰা বাবে ট্ৰাম্পে এই শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰিছে।
  8. ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ আজি তৃতীয় তথা অন্তিমখন মেচ অনুষ্ঠিত হ’ব। সম্প্ৰতি দুয়োটা দলেই এই শৃংখলাত ১-১ ব্যৱধানত সমতা স্থাপন কৰি আছে।
যুগ্ম জীৱনৰ আৰম্ভণি কিন্তু পত্নীৰ সৈতে সুখী নহয়, তেন্তে ডাৰ্ক চকলেটে কৰিব আপোনাক সহায়!
নহৰুৱে দূৰ কৰিব আপোনাৰ সংসাৰৰ সমস্যা! জানি হ'ব আচৰিত
শীতকালত কল খোৱা মানেই সমস্যা ভয়াৱহ! এইসকল লোকে সম্বৰণ কৰক কলৰ লোভ
শৰীৰত ইউৰিক এচিড বৃদ্ধি পালে প্ৰথমে দেখা দিয়ে এইবোৰ লক্ষণে? জানক
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি